Rupaliparda.com
অনুৰাগ শইকীয়া আৰু ৰুৱাডৰ নতুন গীত "তুমি আৰু মই" ৰ কাষ চাপিছে সমাদৰঃ 1

অনুৰাগ শইকীয়া আৰু ৰুৱাডৰ নতুন গীত “তুমি আৰু মই” ৰ কাষ চাপিছে সমাদৰঃ

একোটা গীতৰ শুভমুক্তি আৰু একাংশ নৱপ্ৰজন্মৰ প্ৰতিভা। স্তব্ধ নোহোৱা এই মনোৰঞ্জন ক্ষেত্ৰখনলৈ বহু কন্ঠশিল্পী, অভিনেতা- অভিনেত্ৰী সোমাই আহিছে। একাংশৰ প্ৰতিভা লেখত ল’বলগীয়া হোৱাৰ উপৰিও একাংশই কৰা অহৰহ প্ৰচেষ্টাত উৎসাহিত জনসাধাৰণো। ইতিমধ্যে এনে বহু গীতৰ মুক্তিৰ বিষয়ে আমি দেখি আহিছো; ৰোমান্টিক গীতৰ দ্বাৰা শ্ৰোতাৰ হৃদয়ত ঠাই বনোৱা একাংশ কন্ঠশিল্পীয়ে প্ৰায়ে তেওঁলোকৰ ন-ন সৃষ্টিৰ দ্বাৰা কাষ চাপিছে জনসাধাৰণৰ। “প্ৰতিটো পল, প্ৰতি উশাহতেই যে তুমি”, তথা “তুমি তুমি লগা” শীৰ্ষক গীতটি কেইটাক হয়টো আপোনালোকৰো মনত আছে; অনুৰাগ শইকীয়াৰ দ্বাৰা মুক্তিপ্ৰাপ্ত এই গীতকেইটিয়ে সংগীত প্ৰেমী শ্ৰোতাক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। সমান্তৰালকৈ, এই কন্ঠশিল্পী গৰাকীৰ কন্ঠৰে আন এটি গীতে লাভ কৰিছে মুক্তি। সদ্যমুক্তিপ্ৰাপ্ত “তুমি আৰু মই” শীৰ্ষক এই গীতটিয়ে ইউটিউবত লাভ কৰিছে জনপ্ৰিয়তা। ন-গীতৰ সৈতে ন-কন্ঠশিল্পী আৰু তেওঁলোকৰ নতুন অনুৰাগী; বৰ্তমান এই সংমিশ্ৰণৰেই আৰম্ভ হৈছে সংগীত ক্ষেত্ৰখনত নতুনৰ আৰম্ভণি। নৱপ্ৰজন্মৰ বোধগম্য অনুযায়ী তেওঁলোকে কৰা প্ৰচেষ্টা কোনো কাৰণতেই নুই কৰিব নোৱাৰি। প্ৰায় প্ৰতিটো সৃষ্টিত বহুল জনপ্ৰিয়তা লাভ নকৰিলেও তেওঁলোকে অহৰহ চলাই থকা প্ৰয়াসত একো সন্দেহ নাই।


মনোৰঞ্জন ক্ষেত্ৰখনে আগন্তুক সময়তো যে সুন্দৰ সুন্দৰ সৃষ্টিক উপভোগ কৰিব পাৰিব সেয়া নিশ্চিত। সদ্যমুক্তিপ্ৰাপ্ত এই গীতটিত অনুৰাগ শইকীয়াৰ লগতে দেখিবলৈ পোৱা গ’ল আন এগৰাকী নতুন প্ৰতিভা ৰুৱাডক। তেওঁৰ এটি গীত “মৰীচিকা” ক ইতিমধ্যে বহুল হাৰত দৰ্শক-শ্ৰোতাই আঁকোৱালিছে। সমান্তৰালকৈ, সদ্যমুক্তিপ্ৰাপ্ত গীতটিত সুৰ কৰাৰ উপৰিও ইয়াত অনুৰাগৰ সৈতে যুঁটীয়াভাৱে কন্ঠদান কৰিছে তেওঁ; সংগীত জিতৰজৰ। আনহাতে, গীতটিত কথা হিমাংশু শইকীয়াৰ লগতে ৰুৱাডৰ। বাঁহী অঞ্জন মেধিৰ আৰু শব্দ সংমিশ্ৰণ স্কিডি দাসৰ; গীতাৰ হীৰক জ্যোতি শৰ্মাৰ। গীতটিৰ ভিডিঅ’ পৰিচালনা, দৃশ্যগ্ৰহণৰ লগতে সম্পাদনা অপুৰাজ গগৈৰ আৰু ইয়াত অভিনয় কৰিছে প্ৰশান্ত তিৱাৰী আৰু বৰ্তমানৰ জনপ্ৰিয় অভিনেত্ৰী সুকন্যা বৰুৱাই। সহঃ দৃশ্যগ্ৰহণকাৰী ৰূপে আছে লাচিত নাথ আৰু বাৰ্বী বৰা। ৰূপসজ্জা চিমি ভূঞাৰ; শেহতীয়াকৈ নৱপ্ৰজন্মৰ যিসমূহ প্ৰতিভা আমাৰ সমুখলৈ আহিছে তেওঁলোক আটাইৰে ভিতৰত অন্যতম এগৰাকী হৈছে অনুৰাগ শইকীয়া; তেওঁৰ গীতসমূহক অৱশ্যে আঁকোৱালিও লৈছে বহুসংখ্যক জনসাধাৰণে।সম্প্ৰতি সময়ছোৱাত এনে একাংশ নৱপ্ৰজন্ম সমুখলৈ আহিছে; যাৰ দ্বাৰা সৃষ্ট একোটা গীতে সাধাৰণ শ্ৰোতা-দৰ্শককে আৰম্ভ কৰি প্ৰতিষ্ঠিত এগৰাকী সংগীত শিল্পীৰ হৃদয়তো সৃষ্টি কৰিছে খলকনিৰ। গীতসমূহক লৈ ধনাত্মক প্ৰতিক্ৰিয়া ব্যক্ত কৰে তেওঁলোকেও।

অনুৰাগ শইকীয়া আৰু ৰুৱাডৰ নতুন গীত "তুমি আৰু মই" ৰ কাষ চাপিছে সমাদৰঃ 2


অনুৰাগ শইকীয়াৰ লগতে গীতটিৰ সৈতে জড়িত প্ৰত্যেকগৰাকীকেই জনাইছো ৰূপালীপৰ্দাৰ তৰফৰ পৰা অশেষ শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform