কেতিয়াবা এটা গীত সম্পূৰ্ণ হয় তাৰ হৃদয়স্পৰ্শী কথাৰে; যেতিয়া সেই কথাখিনিক সুৰ আৰু সংগীতেৰে আকাৰ দিয়া হয় তেতিয়াই আচলতে ই শ্ৰোতাক মোহাচ্ছন্ন কৰিব পাৰে। এনে সংগীতৰ উদাহৰণ বহুত আছে য’ত তাৰ কেইশাৰীমান লৈয়ে হয়টো একোজন প্ৰেমিকৰ জন্ম হৈছে অথবা একোটা প্ৰেম কাহিনীৰ আৰম্ভ হৈছে। এই গীতবোৰৰ সৈতে শ্ৰোতাৰ অনুভৱবোৰেই আচলতে সুকীয়া; শ্ৰোতাই প্ৰতিটো সময়ত এনে এটা গীতৰেই সন্ধান কৰে যিটো গীত তেওঁলোকে বাৰম্বাৰ শুনিলেও আমনি নাপায়। নিশাৰ জোনাকৰ কোমলতাক অনুভৱ কৰিবলৈও তেওঁলোকে সন্ধান কৰে গীতৰ; এয়া আটাইবোৰ একোজন শ্ৰোতাৰ অনুভৱৰ ওপৰতেই আচলতে নিৰ্ভৰ কৰে। শেহতীয়াকৈ এনে কিছু সুন্দৰ অনুভৱক লৈ মুক্তি লাভ কৰিছিল এটি গীত “অনুভৱ”; শৰৎ গগৈৰ লগতে পল্লৱ তালুকদাৰৰ যুঁটীয়া প্ৰচেষ্টাৰে নিৰ্মিত এই গীতটিৰ মুক্তিৰ পিছতেই ইয়াক সমাদৰো জনোৱা হৈছে বহুল সংখ্যাত। প্ৰায়ে সংগীত পৰিচালনাৰ সৈতে ব্যস্ত নৱপ্ৰজন্মৰ পল্লৱ তালুকদাৰক এইবাৰ নতুনকৈ কন্ঠদান কৰাও দেখিবলৈ পোৱা গ’ল। গীতটিক লৈ সেইবাবেই হয়টো অনুৰাগীৰ উৎসাহ আৰু দুগুণে বৃদ্ধি হোৱা দেখিবলৈ পোৱা গ’ল। আপোনালোকে অকণমানকৈ যদি গীতটিৰ কমেন্ট বক্সত এবাৰলৈ চকু ফুৰায়; তাত আপোনালোকে প্ৰায় সংখ্যাত ধনাত্মক কমেন্টেই দেখিবলৈ পাব। কিয়নো, গীতটিত সংযোজিত কথাসমূহ আছিল যথেষ্ট প্ৰশংসনীয়।
গীতটিত কথা আৰু সুৰ কৰিছে শৰৎ গগৈয়ে লগতে “অনুভৱ” শীৰ্ষক এই গীতটিৰ প্ৰযোজনা তথা কন্ঠদান কৰিছে পল্লৱ তালুকদাৰে। গীতাৰ বজাইছে ভাস্কৰ শইকীয়াই; শব্দ-সংমিশ্ৰণ কৰিছে কৌস্তভ শইকীয়াই। গীতাৰ ৰেকৰ্ডিং কৰিছে বিশাল শৰ্মাই আৰু গীতটিক বাণীবদ্ধ কৰা হৈছে Kauzzy Records ষ্টুডিঅ’ত।ন-ন সুন্দৰ গীতৰ সমাহাৰ আচলতে এই সংগীত ক্ষেত্ৰখনত ইতিমধ্যে হৈছে। আমি প্ৰায় সংগীত শিল্পী এনে দেখিছো; যাৰ বাবে জনপ্ৰিয়তাতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে এটা প্ৰকল্পৰ বিষয়বস্তুটো। এনে সংগীতশিল্পী সমূহে লাখৰ অংকত ভিউৱাৰচ নাপালেও তেওঁলোকৰ গীত, কথা আদি যিসকলে উপভোগ কৰে তেওঁলোকে প্ৰশংসা নকৰাকৈ নাথাকে। কেওঁদিশ স্তব্ধ হৈ পৰিলেও মনোৰঞ্জন ক্ষেত্ৰখন স্তব্ধ নহয়; আৰু, এইখিনি সময়ত জনসাধাৰণৰ মনত অকণমানকৈ হ’লেও উৎসাহৰ যোগান ধৰিবলৈ এনে ধৰণৰ একোটা গীতৰ খুবেই প্ৰয়োজন হয়। পজিটিভ হৈ থাকিবলৈ এনে সংগীত শিল্পী সমূহৰ প্ৰচেষ্টাও হৈছে লেখত ল’বলগীয়া।


পল্লৱ তালুকদাৰ আৰু শৰৎ গগৈৰ যুঁটীয়া প্ৰচেষ্টাকো অৱশ্যে পচন্দ কৰিছে প্ৰত্যেকেই।আগন্তুক সময়ত তেওঁলোকৰ ফালৰ পৰা আন একাংশ গীতৰ বাবেও অপেক্ষা কৰি ৰৈছে সকলোৱে। আমিও ৰূপালীপৰ্দাৰ ফালৰ পৰা জনাইছো এওঁলোকলৈ অশেষ শুভকামনা।
Add comment