সৰুৰে পৰা যেতিয়া এটা বস্তু দেখি থকা হয় তেতিয়া সেই বস্তুটোৰ প্ৰতি আগ্ৰহ ক্ৰমান্বয়ে বৃদ্ধি পাই গৈ থাকে। আমি কেতিয়া সেই বস্তুটোৰ প্ৰতি ইমান আকৰ্ষিত হওঁ ধৰিবই নোৱাৰো; ঠিক তেনেদৰে, আমি যেতিয়াই কোনো সংগীতশিল্পী অথবা কন্ঠশিল্পী এগৰাকীৰ সাক্ষাৎকাৰ লৈছো আমি প্ৰায়ে তেওঁলোকে কোৱা শুনো যে তেওঁলোক সৰুৰ পৰাই অকণমানকৈ হ’লেও এই সংগীত ক্ষেত্ৰখনৰ সৈতে জড়িত হৈছিল। অৰ্থাৎ সংগীত বোলা এই শব্দটোৰ অৰ্থ বুজাৰ পূৰ্বেই তেওঁলোক ইয়াৰ প্ৰতি নিজক উচৰ্গা কৰিবলৈ বিচাৰিছিল; শেহতীয়াকৈ সংগীত ক্ষেত্ৰখনত নৱপ্ৰজন্মৰ প্ৰচেষ্টাৰে এনে একাংশ গীতে মুক্তি লাভ কৰিছে যিয়ে সংগীত প্ৰেমী শ্ৰোতাক আমোদ প্ৰদানৰ সমান্তৰালকৈ দিছে প্ৰশান্তি; নৱপ্ৰজন্মৰ প্ৰচেষ্টাত নিৰ্মিত প্ৰায় সমূহ গীতেই যেন বৰ্তমান স্পৰ্শ কৰি গৈছে সকলোকে। আমি নজনাকৈয়ে একোটা সুন্দৰ গীতক লৈ নিজাকৈ আকৃষ্ট হওঁ, সেই গীতটি প্লে-লিষ্টত “ৰিপিট” ম’ডত বাৰ বাৰ চলিলেও আমাৰ আমনি নলগাৰ সমান্তৰালকৈ সেই গীতটিৰ প্ৰতি আৰু দুগুণ উৎসাহ আমাৰ বাঢ়ে। এনে উৎসাহবোৰ বৃদ্ধিৰ ক্ষেত্ৰত সম্প্ৰতি সময়ছোৱাত আগ-ভাগ লৈছে নৱপ্ৰজন্মই; বিজ্ঞানৰ পৰা আৰম্ভ কৰি সাহিত্য তথা মনোৰঞ্জন যিয়েই নহওঁক কিয়! এই আটাইবোৰতেই তেওঁলোকৰ অংশগ্ৰহণে প্ৰতিজন শ্ৰোতা-দৰ্শকক ইমানেই অধিক আপ্লুত কৰিবলৈ সক্ষম হৈছে যে তেওঁলোকৰ সৃষ্টিত জনপ্ৰিয়তাৰ মোহৰ লাগিবলৈ আৰম্ভ হৈছে। বহুল সংখ্যাত গীত সমূহৰ সৈতে জড়িত নহ’লেও তেওঁলোকৰ এই সংগীত ক্ষেত্ৰখনক লৈ থকা ইচ্ছা দৰ্শক-শ্ৰোতাৰ সমুখত তেওঁলোকক অধিক গ্ৰহণযোগ্য কৰি তোলে। আমি বোকাখাতৰ তেনেই এগৰাকী নৱপ্ৰজন্মৰ প্ৰতিভা অভিলাস দত্তৰ সৈতে ৰূপালীপৰ্দাৰ তৰফৰ পৰা পাতিছিলো কিছু কথা; সংগীত পৰিচালনা তথা প্ৰযোজনাৰ সৈতে জড়িত প্ৰতিভাগৰাকীক সংগীত ক্ষেত্ৰখনৰ সৈতে কেতিয়াৰ পৰা জড়িত হৈছিল বুলি প্ৰশ্ন কৰাত তেওঁ কয় যে,
“সৰুৰে পৰাই গান ভাল পাইছিলো; কেতিয়াবা কিছুমান বিশেষ অনুষ্ঠানত অংশগ্ৰহণো কৰিছিলো। আনহাতে, মোৰ মামাককাহঁতৰ ঘৰখন সাংস্কৃতিক দিশত যথেষ্ট আগবঢ়া; তেওঁলোকৰ ঘৰত ভিন্ন থলুৱা লোকবাদ্যকে আৰম্ভ কৰি গীতাৰ, ড্ৰাম, কী-বোৰ্ড আদি বাদ্য-যন্ত্ৰৰে পৰিপূৰ্ণ এটা সুকীয়া কোঠালি আছে; লগতে মোৰ বৰতা গৰাকী বোকাখাতৰ সু-প্ৰতিষ্ঠিত গীতাৰিষ্ট। গতিকে, বৰতাহঁতৰ ঘৰলৈ যাওঁতে যেতিয়া মই কী-বোৰ্ড, গীতাৰ আদি দেখিছিলো; তেতিয়াই অৱশ্যে ক’ব নোৱাৰাকৈ মই বাদ্যযন্ত্ৰ সমূহৰ প্ৰেমত পৰিছিলো। পিছলৈ, দেউতাই মই ষষ্ঠ শ্ৰেণীত থাকোতে এখন কী-বোৰ্ড কিনি দিলে আৰু বোকাখাততেই কী-বোৰ্ডৰ ক্লাচত মোক নামভৰ্তি কৰোৱাই দিলে। যদিও, মেট্ৰিক পৰীক্ষাৰ সময়ত মই এইটো দিশত সময় কমকৈ দিবলগীয়া হৈছিল তথাপিও পৰীক্ষা শেষ হোৱা পিছতেই মই আকৌ সক্ৰিয় হৈ উঠিছিলো। কলেজত যেতিয়া লগৰ দুগৰাকীক মিউজিক প্ৰডাকচন কৰা দেখিছিলো; ইচ্ছা হৈছিল এই দিশটোকো শিকিবলৈ। তেওঁলোকেও মোক সঁহাৰি জনাই প্ৰাথমিক জ্ঞান খিনি দিবলৈ চেষ্টা কৰিছিল আৰু লাহে লাহে মই ইন্টাৰনেটৰ জৰিয়তে এই দিশটোক আয়ত্ব কৰিবলৈ চেষ্টা কৰিছিলো। বিগত বৰ্ষৰ পৰা মই মিউজিক প্ৰডাকচন কৰিবলৈ আৰম্ভ কৰিছিলো যদিও এইটো দিশত শিকিবলৈ মোৰ এতিয়াও যথেষ্ট বাকী; “টোপাল”, “হামনাৱা মেৰে” শীৰ্ষক গীতকেই ধৰি মই পঢ়ি অহা বিদ্যালয়খনৰ শীৰ্ষ গীতটিত সংগীত কৰাৰ উপৰিও গীতটিত মই সুৰ কৰিছো।” তোমাৰ মতে, সংগীতৰ কোনটো উপাদানে সংগীতটোক পূৰ্ণতা দিয়ে বুলি প্ৰশ্ন কৰাত তেওঁ কয় যে, “এটা সংগীতে বা গীতে পূৰ্ণতা পাবলৈ হ’লে প্ৰথমে গীতটোৰ কথাখিনি , লগতে সুৰ আৰু সংগীতেৰ সুন্দৰ ভাৱে উপস্থাপন কৰাৰ সমান্তৰালকৈ গীতটিয়ে যদিহে শ্ৰোতাৰ মনত সাঁচ বহুৱাব পাৰিছে তেতিয়াহে এটা সংগীতে পূৰ্ণতা পাই বুলি মই অনুভৱ কৰোঁ।”
আগন্তুক প্ৰকল্পৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “বৰ্তমান মই HS ৰ Final পৰীক্ষাৰ বাবে মই প্ৰস্তুতি চলাই আছো। পঢ়াৰ লগতে সংগীতৰ ক্ষেত্ৰখনতো আগুৱাই যাবলৈ চেষ্টা কৰিম। আৰু, ভৱিষ্যতে এজন ভাল সংগীতজ্ঞৰ ওচৰত মোৰ শিকাৰ ইচ্ছা আছে। সেয়া অসমৰ ভিতৰতে হওঁক বা অসমৰ বাহিৰতে হওঁক আৰু ভৱিষ্যতে অসমৰ থলুৱা তথা লোক সংগীতৰ ওপৰত চৰ্চা কৰাৰ প্ৰবল ইচ্ছা আছে।”
Add comment