Rupaliparda.com

সংযুক্তা দত্তৰ ডিজাইনাৰ কাপোৰত এইবাৰ মৃণাল ঠাকুৰঃ

আকৌ এবাৰ ডিজাইনাৰ সংযুক্তা দত্তৰ ডিজাইনে লাভ কৰিছে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সমাদৰ; এইবাৰ অসমীয়া মেখেলাত দেখিবলৈ পোৱা গ’ল অভিনেত্ৰী মৃণাল ঠাকুৰক। ডিজাইনাৰ অসমীয়া মেখেলা পৰিধান কৰি কৰা ফটোশ্বুটৰ এখন ফটো সংযুক্তা দত্তই আপলোড কৰে নিজ ইনষ্টাগ্ৰাম একাউন্টত। Globalspa নামে মেগাজিন এখনৰ বাবে কৰা হয় এই ফটোশ্বুট। উক্ত ফটোখনত সংযুক্তা দত্তৰ অনুৰাগীয়ে তেওঁক বহুলভাৱে প্ৰশংসা কৰাও দেখিবলৈ পোৱা যায়। আনহাতে উল্লেখ্য যে, চলিত বৰ্ষৰ “লেকমি ফেশ্বন উইক” ত সংযুক্তা দত্তই ডিজাইন কৰা অসমীয়া পাটৰ মেখলা ছাদৰ পৰিধান কৰি ৰেম্পত খোজ দিয়ে বি-টাউনৰ মোহময়ী অভিনেত্ৰী লাৰা দত্তই; “লেকমি ফেশ্বন উইক” ত প্ৰশংসিত হৈছে সংযুক্তাৰ নৱতম সংগ্ৰহ “শুকুলা”। লগতে, চলিত বৰ্ষৰ উক্ত ফেশ্বন শ্ব’টোৰ Showstopper আছিল লাৰা দত্ত। অৱশ্যে, লাৰা দত্তই নিজেও অসমীয়া মেখেলা-ছাদৰৰ পৰিধানেৰে অভিভূত হৈ পৰা বুলি মন্তব্য প্ৰদান কৰিছিল।মেখেলা-ছাদৰক অন্যতম ৰূপ প্ৰদানত সফল হোৱা সংযুক্তা দত্ত সঁচাকৈ এগৰাকী অসম গৌৰৱ। ইয়াৰ পূৰ্বেও তেওঁ ডিজাইন কৰা মেখেলা-ছাদৰ পৰিধান কৰি উৎফুল্লিত হোৱা বুলি মন্তব্য প্ৰদান কৰিছিল বহু সংখ্যক বলীউডৰ জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীয়ে। আচলতে, কেৱল মাত্ৰ মনোৰঞ্জন দিশটো বুলিয়ে নহয়; ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসম সন্তান প্ৰায় প্ৰত্যেকটো দিশতেই আগৰণুৱা তথা জনপ্ৰিয়তা অৰ্জনত সফল হৈ উঠিছে।

সংযুক্তা দত্তৰ ডিজাইনাৰ কাপোৰত এইবাৰ মৃণাল ঠাকুৰঃ 1


উল্লেখ্য যে, চলিত বৰ্ষ বুলিয়েই নহয়; বিগত কেইবাটাও বৰ্ষৰে পৰা “লেকমি ফেশ্বন উইক” ত সংযুক্ত দত্তৰ ডিজাইনৰ কাপোৰ পৰিধান কৰে কেইবাগৰাকীও জনপ্ৰিয় বি-টাউন চিলেব্ৰেটীৰ তথা তাৰকাই। বিগত বৰ্ষৰ “লেকমি ফেশ্বন উইক” ত সংযুক্তা দত্তৰ ডিজাইনাৰ কাপোৰ পৰিধান কৰে অভিনেত্ৰী বিপাশা বসুৰ লগতে তেওঁৰ স্বামী আৰু অভিনেতা কৰণ সিং গ্ৰোৱাৰে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform