Rupaliparda.com
" মোৰ মূল মন্ত্র এটাই যে "Stay Positive, Stay Creative"- কুইন জি তালুকদাৰ 1

” মোৰ মূল মন্ত্র এটাই যে “Stay Positive, Stay Creative”- কুইন জি তালুকদাৰ

এগৰাকী অভিনেতা-অভিনেত্ৰী তথা একোগৰাকী গায়ক-গায়িকাই যেনেদৰে দৰ্শক তথা শ্ৰোতাক আমোদ প্ৰদানৰ ক্ষমতা ৰাখে ঠিক তেনেদৰে একোগৰাকী চিত্ৰকাৰেও একোখন চিত্ৰ অংকনেৰে প্ৰশান্তি যুগুতাই দৰ্শকৰ মনত। সেইবাবেই আমি একোখন ছবি অথবা এটা গীত উপভোগ কৰাৰ সমান্তৰালকৈ এখন চিত্ৰৰ উপভোগ কৰিও আমোদ লাভ কৰো। অসম তথা একোগৰাকী অসমীয়া প্ৰতিটো দিশতেই আগৰণুৱা; সেয়া মনোৰঞ্জনেই হওঁক অথবা অইন কোনো দিশতেই হওঁক। আজি আমি এনে এগৰাকী চিত্ৰকাৰৰ বিষয়ে আপোনালোকক জনাবলৈ বিচাৰিছো; যিয়ে চচিয়েল মিডিয়াৰ প্ৰতিটো মাধ্যমক নিজ প্লেটফৰ্ম ৰূপে গ্ৰহণ কৰি নিজ প্ৰতিভা প্ৰদৰ্শন কৰি আহিছে। তেওঁৰ নাম হৈছে কুইন জি তালুকদাৰ; শেহতীয়াকৈ আমি ৰূপালীপৰ্দাৰ তৰফৰ পৰা পাতিছিলো কিছু কথা। আৰ্টৰ সৈতে কেতিয়াৰ পৰা জড়িত বুলি কৰা প্ৰশ্নৰ উত্তৰত কুইনে কয় যে, “আৰ্টৰ সৈতে বহু সৰুৰ পৰাই জড়িত; তৃতীয় শ্ৰেণীত থাকোতে প্ৰথম দেউতাৰ কিতাপ এখনত বেঁটুপাত আঁকিছিলো । তেতিয়াৰ পৰাই ছবি আঁকিবলৈ ললো।আনুষ্ঠানিক ভাবে পঞ্চম শ্ৰেণীত থাকোতে মোক ওদালগুৰি আৰ্টিছ ভিলেজত নাম লগাই দিলে। তাত অসমৰ এজন বিখ্যাত আৰ্টিছ ৰবিৰাম ব্ৰহ্মৰ তত্ত্বাৱধানত মই চাৰি বছৰ আৰ্ট শিকিলো আৰু চতূৰ্থ/ পঞ্চম শ্ৰেণীৰ পৰাই ওদালগুৰিৰ বিভিন্ন লেখকৰ কিতাপ, আলোচনী, সাধু কিতাপ আদিত বেটুপাত আকিবলৈ সুযোগ পালো। লগতে, বিভিন্ন বাতৰিকাকত, সঁফুৰা,মৌচাক আদিত মোৰ ছবি প্রকাশ পাবলৈ ধৰিলে।ৰাজ্যিক ভিত্তিতেই হওঁক অথবা জিলা ভিত্তিতেই হওঁক মই বহু বঁটা লাভ কৰিবলৈ সক্ষম হ’লো।তেনেকৈয়ে মোৰ উৎসাহ বৃদ্ধি হৈ গৈ থাকিল। স্কুলীয়া জীৱনৰ পৰা বৰ্তমানলৈ প্ৰায় ৩৫ খন কিতাপৰ বেটুপাত আঁকিছো।

" মোৰ মূল মন্ত্র এটাই যে "Stay Positive, Stay Creative"- কুইন জি তালুকদাৰ 2
" মোৰ মূল মন্ত্র এটাই যে "Stay Positive, Stay Creative"- কুইন জি তালুকদাৰ 3


কুইনে আগলৈ কয় যে, “গুৱাহাটী বিশ্ববিদ্যালয় গৈয়ো আৰ্টৰ বহু কাম কৰিলো। ২০১৬ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱত আৰ্ট বিষয়ত গোল্ড পাবলৈ সক্ষম হ’লো। সমান্তৰালকৈ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ আলোচনীতো ছবিৰ দ্বাৰা জড়িত আছিলো। গুৱাহাটী আৰ্টিছ গীল্ডত ২০১৫ চনত আৰ্টৰ দুবছৰীয়া শিক্ষা ললো; তেতিয়াৰ পৰাই গীল্ডৰ বিভিন্ন কামত ভাগ লোৱাৰ লগতে চিনিয়ৰ আৰ্টিছ খিনিৰ লগত এটা ভাল সম্পর্ক গঢ়ি উঠিল।তেনেকৈ বিভিন্ন ঠাইত আৰ্টৰ বিষয়ে ক’বলৈ, আৰ্টৰ বিষয়ে কথা পাতিবলৈ, আৰ্টৰ কাম কৰি যাবলৈ সুযোগ পাই থাকিলো। মানুহে মোৰ কামক আকোঁৱালি ল’লে সেয়ে বৰ্তমানো আৰ্ট আৰু এই ক্ৰিয়েটিভ জগত খনত বিভিন্ন দিশ আৰু মাধ্যমেৰে আগবাঢ়ি যাবলৈ সুযোগ পোৱাৰ লগতে সাহস পাইছো।২০১৭ চনত চিকিম গেংটক যুৱ মহোৎসবত আৰ্টৰ জৰিয়তে অসমক প্ৰতিনিধিত্ব কৰি যাবলৈ সুযোগ পালো। বিভিন্ন আৰ্ট প্ৰদৰ্শনী ,সমাৰোহ আদিত প্ৰদৰ্শনী কৰিছো। বহু অসমীয়া গীতৰ লগতো আৰ্টৰ কাম কৰিছো; যেনে আৰ্ট এনিমেচন,আৰ্ট পোষ্টাৰ আদি। বিভিন্ন সামাজিক কামত আৰ্টৰ জৰিয়তে সজাগতা বৃদ্ধিৰ লগতে মানুহৰ লগত ছবিৰ মাধ্যমেৰে যোগাযোগ কৰিবলৈ কিবা নতুনত্ব দিবলৈ চেষ্টা কৰো। পেলনীয়া সামগ্ৰীৰেও ক্ৰিয়েটিভ আৰ্ট কৰি নতুনত্ব আনিবলৈ বহু কাম কৰিছো। এনেকৈয়ে সৰুৰে পৰা বৰ্তমানলৈ মই আৰ্টৰ লগত জড়িত হৈ আছো আৰু ভবিষ্যতেও থাকিম আপোনালোকৰ মৰম আৰু সঁহাৰি পালে।” ছবিয়ে কথা কয়, মনোৰঞ্জন দিশটোৰ সৈতে এখন চিত্ৰৰ কেনে সম্পৰ্ক থাকিব পাৰে বুলি জানিবলৈ বিচৰাত তেওঁ কয় যে, “হয় ছবিয়ে কথা কয় আৰু এয়াও সত্য যে মনোৰঞ্জন দিশৰ লগত এখন চিত্ৰৰ বহুখিনি সম্পর্ক আছে। এখন ছবিৰে সমাজৰ বিভিন্ন দিশ আমি উপস্থাপন কৰিব পাৰো। সমাজত সজাগতা বৃদ্ধি কৰাৰ লগতে সমাজৰ বিভিন্ন ঘটনা পৰিঘটনা এখন কেনভাচৰ জৰিয়তে মানুহৰ মাজত বাখ্যা কৰিব পাৰো; যাৰ দ্বাৰা কেতিয়াবা মনোৰঞ্জনৰ উৎস হোৱাৰ লগতে কেতিয়াবা সজাগতাৰো সৃষ্টি হয়। এখন ছবিয়ে বহু কথা সামৰি ল’ব পাৰে একো একোজন চিত্ৰশিল্পীৰ দ্বাৰা যেনেদৰে এখন উপন্যাসে সামৰে। কিন্তু, তাৰ বাবে আমি বিভিন্ন চিত্ৰ প্ৰদৰ্শনী চাবলৈ যাব লাগিব। চিত্ৰৰ বিষয়ে কথা পাতিব লাগিব, আলোচনা লাগিব।”

" মোৰ মূল মন্ত্র এটাই যে "Stay Positive, Stay Creative"- কুইন জি তালুকদাৰ 4
" মোৰ মূল মন্ত্র এটাই যে "Stay Positive, Stay Creative"- কুইন জি তালুকদাৰ 5

কুইন জি তালুকদাৰৰ আগন্তুক প্ৰকল্পৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “ক’ভিডৰ ভয়াবহ সময়ৰ বাবে বৰ্তমান প্ৰকল্প বুলি ক’লে সঠিককৈ একো ভাবিব পৰা নাই যদিও চিত্ৰশিল্পৰ দিশত কিছুমান কাম কৰিব মন আছে যাৰ দ্বাৰা মানুহৰ মাজত থকা কিছুমান সাঁথৰৰ উত্তৰ দিব পাৰো। তথাপিও, বৰ্তমান ৭ খন কিতাপৰ বেটুপাত কৰা লগতে আৰ্টৰ কিছুমান অনলাইন অনুষ্ঠানবোৰত ভাগ লৈ আছো। সদায় ছবিৰ বিষয়ে কিছুমান নতুন চিন্তা কৰি আছো যে কেনেকৈ আগবাঢ়িব পাৰো। সময়বোৰ ভাল হ’লে বন্ধ খুলিলে এখন চিত্ৰ প্ৰদৰ্শনী কৰিম বুলিও আশা কৰি আছো। আৰ্টৰ বিভিন্ন কমাৰচিয়েল কাম কৰি আছো। যেনে ধৰক, পোৰ্টেইট আৰ্ট, গামোচা কানফুলি,ডিজিটেল আৰ্ট, পেইন্টিং ইত্যাদি।” ধনাত্মক চিন্তা-ধাৰাৰে আগবাঢ়িব খোজা কুইনে শেষত কয় যে, ” মোৰ মূল মন্ত্র এটাই যে “Stay Positive, Stay Creative”।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform