নিৰ্মল দাস । নিৰৱে নাট্যকৰ্ম , চিনেকৰ্ম কৰি ভাল পোৱা এগৰাকী দক্ষ নাট্যকৰ্মী । — হয় , নাট্যকৰ্মী নিৰ্মলৰ প্ৰথম পৰিচয় । বৰপেটাত ঘৰ । নাট্যকৰ্মৰ মাজেৰেই আমাৰ পৰিচয় । — ১৯৯৯ চনত নিৰ্মলে অসম নাট্য সন্মিলনৰ বৰপেটাৰোড অধিবেশনত মঞ্চস্থ কৰাইছিল ‘ মমতাৰ চিঠি ‘ । হেম বৰুৱাৰ চিৰসেউজ কবিতা ‘ মমতাৰ চিঠি ‘ৰ নট্যৰূপ । সেই নাট্যচিন্তা পিছত ভ্ৰাম্যমাণ থিয়েটাৰৰ কথা মনত ৰাখি কৰিছিল , আৰু শেহতীয়া ভাৱে চিনেমাৰ কথা মনত ৰাখি কৰিছে । — কিয় ?

“মোৰ প্ৰিয়ৰো প্ৰিয় কবিতা
হেম বৰুৱা দেৱৰ “মমতাৰ চিঠি”
কিয় কৰিলো ‘মমতাৰ চিঠি ‘ খনক মুল আধাৰ হিচাপে লৈ ‘ মমতাৰ চিঠি ‘ একেই চিনেমা খন !
ভাবি আচৰিত লাগিছে — ইমান নাটক লিখিও , নিজৰ নাটকক চিনেমা ৰূপ কিয় নিদি ‘ মমতাৰ চিঠি ‘ক চিনেমা ৰূপ দিলো কিয় ?
কিয় নাজানো এক বুজাব নোৱাৰা দুৰ্বলতা-
মোৰ আবেগ অন্তৰৰ,
আৰু বিবেকৰ নিৰ্দেশ এইয়াই যে মোৰ সৃষ্টিৰ শত গুণ উৰ্দ্ধত হেম বৰুৱা দেৱৰ ‘ মমতাৰ চিঠি ‘ —
সেয়ে মোৰ দুৰ্বলতা আৰু সন্তান সদৃশ আবেগক নিজস্ব ভাবনাৰে সজাই ‘ মমতাৰ চিঠি ‘ খনক চিনেমা ৰূপ দিছো ।

আচলতে এক কঠিন প্ৰত্যাহ্বান-
এক সাহস
এক অনবিল আনন্দ মনত -সৃষ্টিৰ পৰা সৃষ্টিক অন্য ৰূপ দিয়াৰ প্ৰয়াসক লৈ-!!!
এজন সাধাৰণ নাট্য কৰ্মী মই–
নাটকৰ ইটো – সিটো ক্ষুদ্ৰতম জ্ঞান মোৰ সম্বল–
তথাপি মৰসাহ — জীৱন সৃষ্টিমুখী বাবেই সৃষ্টিৰ গতানুগতিক-অগাতানুগতিক পৰীক্ষা।
‘ মমতাৰ চিঠি ‘ চিনেমি ৰূপ দিয়াটোও মোৰ এক অগতানুগতিক চিন্তা । আৰু কবিতাৰ চিনেমা ৰূপ দিয়াটো হয়টো এইয়াই ভাৰতত প্ৰথম(!) প্ৰয়াস! ” নিৰ্মলৰ মনৰ কথা , মোৰ প্ৰশ্নৰ উত্তৰত ।

চিনেমা খনত অভিনয়তঃগুঞ্জন ভৰদ্বাজ,চেতনা দাস,ৰীণা বৰা,ভাৰ্গৱ কটকী,বিপ্লৱ বৰ কাকতি,মল্লিকা শৰ্মা,পল্লৱ পৱন বৰা,বিশ্বজিৎ ওজা,কবিন্দ্ৰ দাস,হেমাংগ ৰায় চৌধুৰী,মনোজ দাস,গোলাপ ভূঞা,দিগন্ত কলিতা,বিক্ৰম কাকতি,মুকুট পূজাৰী,দীপাংক কলিতা,চম্পক নাথ,চন্দন দাস,হিতেশ মহিলাৰী,উৎপল,সঞ্জীৱ দাস,দীপ শিখা দাস,গৰিমা দাস,সংঘামিত্ৰা ওজা,শৰ্মিষ্ঠা দাস আৰু মমতাৰ ৰূপত গীতাঞ্জলী শইকীয়াৰ লগতে শিশু শিল্পী
ভিক্টৰ অৰ্জুন,প্ৰিয়দৰ্শন,উদীচি, প্ৰেৰনা,জ্ঞানম কিশোৰ,প্ৰিয়ব্ৰতে ।

চিনেমি খনৰ কাহিনী-চিত্ৰনাট্য -সংলাপ পৰিচলক নিৰ্মল দাসৰ ।
চিত্ৰ গ্ৰহণকাৰী আৰু কাৰিকৰী নিৰ্দেশকঃপ্ৰদীপ দৈমাৰী(ধন) , সহযোগীঃ উপেন বড়ো
মুখ্য সহপৰিচলকঃসমৰজ্যোতি চৰকাৰ ,
সহপৰিচালকঃগোলাপ আৰু উৎপল ,
কলাঃপ্ৰমোদ দাস আৰু নিৰ্জুৰাজ ,
প্ৰযোজনা নিয়ন্ত্ৰকঃমুকুট পূজাৰী ।
Add comment