Rupaliparda.com
"তুমি সুবাস" ৰ পিছত নিখিল জ্যোতি শৰ্মাৰ "চকুযুৰি ২.০" ৰ জনপ্ৰিয় 1

“তুমি সুবাস” ৰ পিছত নিখিল জ্যোতি শৰ্মাৰ “চকুযুৰি ২.০” ৰ জনপ্ৰিয়

“তুমি সুবাস” গীতটিৰে শ্ৰোতা-দৰ্শকৰ বহুল সমাদৰৰ গৰাকী হৈ উঠা নৱপ্ৰজন্মৰ কন্ঠশিল্পী নিখিল জ্যোতি শৰ্মাৰ আন এটি নতুন গীতে শেহতীয়াকৈ লাভ কৰিছে মুক্তি। আকৌ এবাৰ এইগৰাকী কন্ঠশিল্পীয়ে নিজ কন্ঠৰ যাদুৰে শ্ৰোতাক সঁহাৰি জনাবলৈ সক্ষম হৈছে। এনে বহু গীত আছে; যিটো গীতৰ কন্ঠশিল্পী গৰাকী আমাৰ বাবে প্ৰথমাৱস্থাত চিনাকী নহ’লেও একোগৰাকী নৱপ্ৰজন্মৰ কন্ঠশিল্পীয়ে নিজ প্ৰতিভাৰে শ্ৰোতা সমাজক মোহাচ্ছন্ন কৰি ৰাখিবলৈ প্ৰয়াস কৰে। তেনেই এগৰাকী কন্ঠশিল্পী হৈছে নিখিল জ্যোতি শৰ্মা; তেওঁৰ গীত “তুমি সুবাস” ত বৰ্তমান পৰ্যন্ত ১ কোটিৰো অধিক ভিউৱাৰচ দেখিবলৈ পোৱা গৈছে। ন-গীতৰ সৈতে ন-কন্ঠশিল্পী আৰু তেওঁলোকৰ নতুন অনুৰাগী; বৰ্তমান এই সংমিশ্ৰণৰেই আৰম্ভ হৈছে সংগীত ক্ষেত্ৰখনত নতুনৰ আৰম্ভণি। নৱপ্ৰজন্মৰ বোধগম্য অনুযায়ী তেওঁলোকে কৰা প্ৰচেষ্টা কোনো কাৰণতেই নুই কৰিব নোৱাৰি। প্ৰায় প্ৰতিটো সৃষ্টিত বহুল জনপ্ৰিয়তা লাভ নকৰিলেও তেওঁলোকে অহৰহ চলাই থকা প্ৰয়াসত একো সন্দেহ নাই। শেহতীয়াকৈ নৱপ্ৰজন্মৰ যিসমূহ প্ৰতিভা আমাৰ সমুখলৈ আহিছে তেওঁলোক আটাইৰে ভিতৰত অন্যতম এগৰাকী হৈছে নিখিল জ্যোতি শৰ্মা; তেওঁৰ গীতসমূহক অৱশ্যে আঁকোৱালিও লৈছে বহুসংখ্যক জনসাধাৰণে।সম্প্ৰতি সময়ছোৱাত এনে একাংশ নৱপ্ৰজন্ম সমুখলৈ আহিছে; যাৰ দ্বাৰা সৃষ্ট একোটা গীতে সাধাৰণ শ্ৰোতা-দৰ্শককে আৰম্ভ কৰি প্ৰতিষ্ঠিত এগৰাকী সংগীত শিল্পীৰ হৃদয়তো সৃষ্টি কৰিছে খলকনিৰ। গীতসমূহক লৈ ধনাত্মক প্ৰতিক্ৰিয়া ব্যক্ত কৰে তেওঁলোকেও।


সদ্যমুক্তিপ্ৰাপ্ত “চকুযুৰি ২.০” য়েও মুক্তিৰ ২৪ ঘণ্টাৰ ভিতৰতে লাভ কৰিছে হাজাৰ হাজাৰ শ্ৰোতাৰ সঁহাৰি। উক্ত গীতটিৰ কথা প্ৰশান্ত দাসৰ; একোটা গীতৰ কথাই যদি শ্ৰোতা-দৰ্শকৰ মন চুব নোৱাৰে তেন্তে সেই গীতটি কোনোপধ্যেই উপভোগ্য নহয়। এটা গীতৰ কথা যিমানেই সুন্দৰ হ’ব; সিমানেই ই শ্ৰোতাৰ কাষ চাপিবলৈ সক্ষম হয় আৰু তেনেক্ষেত্ৰত প্ৰশান্ত দাসে সংগীত ক্ষেত্ৰখনক দিয়া উপহাৰ সঁচাকৈ লেখত ল’বলগীয়া। সংগীত প্ৰযোজনা নিখিল জ্যোতি শৰ্মা আৰু হৰ্ষৰাজ পাঠকৰ। গীতটিত সুৰ কৰিছে অভিষেক ধৰৰ লগতে কন্ঠশিল্পী নিখিলে নিজেই। গীতটিৰ পাঞ্জাৱী অংশত কন্ঠদান কৰিছে ভাৰ্গৱ ওজাপালিয়ে। বৰ্তমানলৈ ভাৰতবৰ্ষৰ এহেজাৰটা বেণ্ডত নিজ কৰ্ম সম্পাদনা কৰা ভাৰ্গৱ ওজাপালি ২০১৩ চনৰ পৰা পেছাগত ভাৱে এই ক্ষেত্ৰখনৰ সৈতে জড়িত। উল্লেখ্য যে, একোজন দক্ষ ব্যক্তিয়ে যেতিয়া আগন্তুক কালছোৱাত অসমীয়া সংগীত ক্ষেত্ৰখন প্ৰতিভাসম্পন্ন একোজন নৱপ্ৰজন্মৰ হাতত থকা বুলি যেতিয়া মন্তব্য কৰে তেতিয়াই আচলতে সম্প্ৰতি সময়ৰ গীত সমূহৰ এক পৰ্যালোচনা কৰিব পৰা যায়।

"তুমি সুবাস" ৰ পিছত নিখিল জ্যোতি শৰ্মাৰ "চকুযুৰি ২.০" ৰ জনপ্ৰিয় 2


“চকুযুৰি ২.০” ৰ লগতে উক্ত নৱপ্ৰজন্মৰ দলটোৰ প্ৰতিজন কলা-কুশলীৰ আগন্তুক প্ৰকল্প সমূহক লৈ ৰূপালীপৰ্দা পেজটোৰ তৰফৰ পৰা জনাইছো অশেষ শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform