Rupaliparda.com
ৰাইজৰ স্বাৰ্থত থিয় দিছে অংগৰাগ পাপন মহন্তইঃ 1

ৰাইজৰ স্বাৰ্থত থিয় দিছে অংগৰাগ পাপন মহন্তইঃ

মহামাৰী ক’ভিডে দেশবাসীক আকৌ এবাৰ সন্ত্ৰাসগ্ৰস্ত কৰিছে। প্ৰত্যেকদিনাই আকাশলংঘী মৃত্যুৰ বাতৰিৰ সমান্তৰালকৈ একোজন ব্যক্তি হতাশগ্ৰস্ত হোৱা খবৰকে লৈ প্ৰতিটো দিশৰ পৰা পৰিৱেশ ঋণাত্মক হৈ পৰিছে; তাৰ মাজতো কিন্তু একাংশ শিল্পী আছে যিয়ে জনসাধাৰণক পজিটিভ কৰাৰ বাবে, সূস্থ চিন্তা-ধাৰাৰে আগবাঢ়িবলৈ উৎসাহ দিছে, সহায় কৰিছে। কেৱল মাত্ৰ চচিয়েল মিডিয়াৰ যোগেৰেই নহয়; একাংশ শিল্পী, কলা-কুশলীয়ে ব্যক্তিগত ভাৱেও সহায়ৰ বাবে আগবাঢ়িছে। তেনেক্ষেত্ৰত এই পৰিস্থিতিত ৰাইজৰ মাজত এজন হৈ থিয় দিছে কন্ঠশিল্পী অংগৰাগ পাপন মহন্ত। কিছুদিন পূৰ্বে প্লাজমা ড’নেট কৰিবলৈ আহ্বান কৰা শিল্পী গৰাকীয়ে তেওঁলোকৰ বেচৰকাৰী সংস্থা আৰ্থফুল ফাউণ্ডেচনৰ তৰফৰ পৰা গাওঁসমূহলৈ গৈ গাওঁবাসীক চেনিটাইজাৰ আৰু মাস্কৰ যোগান ধৰাৰ লগতে ক’ভিড মহামাৰীটোক লৈ কেনেদৰে সজাগ আৰু সচেতনতা অৱলম্বন কৰিব পৰা যায় সেই বিষয়ে অৱগত কৰে। লগতে, তেওঁলোকে ক’ভিড পজিটিভ সকলক প্ৰদান কৰিছে “ক’ভিড কিট”। বৰ্তমানলৈ এই ফাউণ্ডেচনৰ তৰফৰ পৰা প্ৰায় ৩২৪ খন গাওঁত ক’ভিড আক্ৰান্তসকলৰ সহায় হ’ব পৰা বস্তু সম্বলিত “ক’ভিড কিট” প্ৰদান কৰা হয়। এই বিষয়ত পাপনে কয় যে,

ৰাইজৰ স্বাৰ্থত থিয় দিছে অংগৰাগ পাপন মহন্তইঃ 2
ৰাইজৰ স্বাৰ্থত থিয় দিছে অংগৰাগ পাপন মহন্তইঃ 3


“কাৰ্ফিউ তথা কঠোৰ ল’কডাউনৰ বাবে চহৰবোৰত কিছু পৰ্যায়লৈ ক’ভিড নিয়ন্ত্রন কৰিব পৰা গৈছে । কিন্তু গম পোৱা মতে এতিয়া গাওঁবোৰত ক’ভিড বিয়পিছে,যিটো সচাঁকৈয়ে এক চিন্তাৰ বিষয় । সঠিক তথ্য, মাষ্ক আৰু চেনিটাইজাৰ নোহোৱা বাবে এইবোৰ এলেকাত বিপদৰ আশংকা অধিক । আমাৰ বেচৰকাৰী সংস্থা, আৰ্থফুল ফাউণ্ডেচনে এনেকুৱা ঠাইবোৰত ক’ভিডৰ ওপৰত সজাগতা বৃদ্ধি কৰাৰ লগতে ক’ভিড আক্ৰান্ত লোকসলক সহায় কৰিবলৈ আাগবাঢ়িছে । আমি সেই অঞ্চলবোৰত স্বাস্থ্য বিষয়াসকলৰ মাধ্যমেৰে ৩২৪ খন গাওঁত ক’ভিড আক্ৰান্ত লোকসকলক সহায় কৰিব পৰা বস্তু সম্বলিত ‘ক’ভিড কেয়াৰ কিট’ প্ৰদান কৰিছোঁ । ইয়াৰ লগতে সহজ অসমীয়া ভাষাত ক’ভিডৰ তথ্য সম্বলিত পোষ্টাৰো দিয়া হৈছে যাতে লোকসকলে ক’ভিড সম্পৰ্কে সঠিক তথ্য পায় । আশাঁ কৰো আমি পৰৱৰ্তী পৰ্যায়ত এই কাৰ্যসুচী আন আন গাওঁবোৰলৈও নিব পাৰিম । এই দুঃস্বপ্ন যাতে সোনকালে শেষ হয় তাৰেই প্ৰাৰ্থনা ।”

1 comment

Leave a Reply

The Ultimate Managed Hosting Platform