Rupaliparda.com
লোচন কৌশিকৰ চুটি ছবি "The Babel Piece"; ভাস্কৰ হাজৰিকাৰ দ্বাৰা প্ৰশংসিতঃ 1

লোচন কৌশিকৰ চুটি ছবি “The Babel Piece”; ভাস্কৰ হাজৰিকাৰ দ্বাৰা প্ৰশংসিতঃ

বিগত বৰ্ষৰ “লক-ডাউন” ৰ পৰা নিৰ্মাণ হৈ অহা চুটি ছবিসমূহক লৈ দৰ্শকসকলৰ মাজত এক উৎসাহ পৰিলক্ষিত হৈছে। দৰ্শক সকল এই চুটি ছবিসমূহ উপভোগ কৰিবলৈ ইচ্ছাকৃত হোৱাৰ লগতে নৱপ্ৰজন্মৰ প্ৰতিভাসকলেও দৰ্শকক আমোদ দিয়াৰে চেষ্টা কৰা পৰিলক্ষিত হৈছে। সাম্প্ৰতিক সমাজচোৱাত আমি সংবাদ মাধ্যম অথবা সংবাদ পত্ৰ যোগে পঢ়িবলৈ বা শুনিবলৈ পোৱা খবৰবোৰৰ অধিকাংশই হৈছে ঋণাত্মক। তাৰে মাজতে আকৌ একাংশ এনে খবৰ আহে যিয়ে জনসাধাৰণক অত্যাধিক হতাশগ্ৰস্ত কৰিছে; সেয়া হৈছে ধৰ্ষণৰ। দেশতেই হওঁক নাইবা ৰাজ্যতেই হওঁক প্ৰতিটো দিনত ধৰ্ষণ কাৰ্য সংঘটিত সংঘটিত হৈছে। কন্যা শিশুৰ পৰা ধৰি অধিকাংশ নাৰীয়ে যেন এতিয়া সুৰক্ষিত নহয়। তাৰেই মাজতেই আকৌ কেতিয়াবা চচিয়েল মিডিয়া যোগে এনে বাতৰিক কেন্দ্ৰ কৰি ভাইৰেল হোৱা ভিডিঅ’বোৰে আমাক আৰু বেছি দুঃখিত কৰিছে। ধৰ্ষণ কাৰ্য্য সংঘটিত হোৱা পিছত আমি ধৰ্ষণকাৰীৰ বিৰুদ্ধে আন্দোলন কৰিছো; শাস্তি প্ৰদানৰ দাবী কৰিছো যদিও যেন ক’ৰবাত নৰপিশাচ কেইটাই উচিত শাস্তি পাবলৈ দীৰ্ঘদিনৰ সময় লাগে। এতিয়াও এজনী ছোৱালীক সন্ধিয়া ঘৰৰ পৰা বাহিৰলৈ ওলাই যোৱা অৱস্থাত অথবা এবাৰতকৈ দুবাৰ ফোন কৰিলে যদিহে বাহিৰলৈ ওলাই যোৱা ছোৱালীজনীয়ে ফোনটো ৰিচিভ নকৰে তেতিয়াই এক অজান আশংকাত ভুগি থাকে পিতৃ-মাতৃ। সমাজৰ ইমান অসূস্থতা অৱশ্যে কোনো এগৰাকী ব্যক্তিও নিবিচাৰে বাবেই আচলতে আজিৰ একাংশ অভিভাৱেই নিজ জীয়ৰীক সৰুৰ পৰাই সমৰ কলাৰ শিক্ষাৰ প্ৰদান কৰে।


আমি এতিয়া আহো আমি সদ্যমুক্তিপ্ৰাপ্ত “The Babel Piece” নামে চুটি ছবিখনৰ প্ৰসংগলৈ; এটা loop ত নিৰ্মাণ হোৱা এই চুটি ছবিখনত হত্যাকাণ্ডৰ ঘটনা অৰ্থাৎ “মাৰ্ডাৰ মিষ্ট্ৰী” ৰ ঘটনাক কেন্দ্ৰ কৰি নিৰ্মাণ কৰি উলিওৱা হৈছে। সমান্তৰালকৈ, এগৰাকী নাৰীৰ দৃঢ়তাকো উপস্থাপন কৰা হৈছে ইয়াত। এগৰাকী নাৰীকেই কেন্দ্ৰ কৰি উক্ত চুটি ছবিখন ৰাইজৰ মাজলৈ উলিয়াই দিয়া হৈছে; ইয়াত দুটি মূখ্য চৰিত্ৰত অভিনয় কৰিছে ক্ৰমে বৈশালী চমুহা আৰু বিশাল বৰুৱাই। কেৱল মাত্ৰ এটা সংলাপেৰে নিৰ্মিত চুটি ছবিখনৰ দৈৰ্ঘ্য হৈছে ৯ মিনিট ১৯ চেকেণ্ড। ইয়াত কাহিনী, স্ক্ৰীপ্ট আৰু পৰিচালনা হৈছে লোচন কৌশিকৰ। উল্লেখ্য যে, লোচন কৌশিকৰ “The Babel Piece” হৈছে তেওঁৰ প্ৰথমটো নিৰ্দেশনা। ইয়াত দৃশ্যগ্ৰহণ আৰু সম্পাদনাৰ দায়িত্বত আছে অম্বৰিশ বৰদলৈ। চিত্ৰনাট্য লোচন আৰু অম্বৰিশৰ। আনহাতে চুটি ছবিখনৰ প্ৰথমগৰাকী সহঃ পৰিচালক আৰু প্ৰডাকচন ডিজাইনাৰ হৈছে সুস্মিতা তালুকদাৰ লগতে আন গৰাকী সহঃপৰিচালক হৈছে কল্পজিৎ কলিতা। কি গ্ৰীপ হৈছে ক্ৰমে সাধন চেত্ৰীৰ, আয়ূস চেত্ৰীৰ লগতে ধীৰাজ কৌশিকৰ।

লোচন কৌশিকৰ চুটি ছবি "The Babel Piece"; ভাস্কৰ হাজৰিকাৰ দ্বাৰা প্ৰশংসিতঃ 2


এইখিনিতে, আপোনালোকক জনাই থওঁ যে, আপুনি চুটি ছবিখনৰ কাহিনীভাগ উপভোগ কৰি থকা অৱস্থাত ইয়াত অন্তৰ্ভূক্ত আন এটা বিষয়েও আপোনাৰ ধ্যান আকৰ্ষণ কৰিবলৈ সক্ষম হ’ব আৰু সেয়া হৈছে তাত দেখুওৱা কেইখনমান চিত্ৰ। আৰু এই চিত্ৰকেইখনৰ আঁৰৰ চিত্ৰকাৰ জন হৈছে নৱনীতা কুণ্ডুৰ; Kapitan Films ৰ ইউটিউব চেনেলত মুক্তি লাভ কৰা চুটি ছবিখনক প্ৰশংসা কৰে পৰিচালক ভাস্কৰ হাজৰিকাইও। তেওঁ কয় যে, “প্ৰশংসনীয় কাহিনী, চিত্ৰনাট্য আৰু দৃশ্যগ্ৰহণ।”

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform