Rupaliparda.com
|| বৃত্তত বন্দী নহয় গুঞ্জনৰ অভিনয় || -উৎপল মেনা 1

|| বৃত্তত বন্দী নহয় গুঞ্জনৰ অভিনয় || -উৎপল মেনা

চৰ্চাত গুঞ্জন ভৰদ্বাজ । — কিয় ? ক’ৰ’না সমস্যাই ব্যৱসায় কৰিবলৈ বাধ্য কৰাইছে গুঞ্জনক । ব্যৱসায় মানে , মাংসৰ দোকান দিছে । গতিকে চৰ্চাৰ বিষয় নহবনে ? আমাৰ ধাৰনাত অসমীয়া চিনেমাৰ ‘ নায়ক ‘ গৰাকীৰ এই কৰ্মশক্তিৰ দৰে অভিনয়শক্তিও চৰ্চাৰ বিষয় হব পাৰে । — প্ৰথম কথা , বিশেষ বৃত্তত বন্দী নহয় গুঞ্জনৰ অভিনয় । আৰু অভিনেতা গৰাকীয়ে অভিনয় ক্ষমতাৰে এই গুণ কম দিনৰ ভিতৰতে স্পষ্ট কৰিছে । অৱশ্যেই সুযোগ পাইছে ! — অভিনয় ক্ষমতা নাথাকিলে সুযোগৰ সৎ ব্যৱহাৰ কৰাত নিশ্চয় সফল নহ’ল হেতেন । গুঞ্জনৰ অসমীয়া চিনেমাৰ ‘ নায়ক ‘ৰ ‘ট্ৰেক ‘ত প্ৰথম খোজ মৃদুল গুপ্তাৰ পৰিচালনাৰে । ( ‘ সৃত্ৰপাত ‘ মৃদুল গুপ্তাৰ প্ৰথম পৰিচালনা । ১৯৮৭ চনত চিত্ৰগৃহলৈ আহিছিল । পৰিচালনা শৈলী , ‘ গল্প ‘ কোৱাৰ কৌশলত নতুন চিনেচিন্তা স্পষ্ট । ১৯৯০ , ১৯৯৮ চনত চিত্ৰগৃহলৈ আহিছিল পৰিচালক গৰাকীৰ দুই চিনেচিন্তা ( ক্ৰমে ) ‘ অভিমান ‘ আৰু ‘ কৃষ্ণচূড়া ‘ । ‘ অভিমান ‘ জেৰিফা ৱাহিদৰ আৰু ‘ কৃষ্ণচূড়া ‘ গীতাৱলী ৰাজকুমাৰীয়ে অভিনয় কৰা প্ৰথম চিনেমা । ) চিনেমা : টি আৰ পি আৰু । চিনেমা খনৰ নামতে স্পষ্ট বিষয়বস্তু । দৃশ্য সংবাদ মাধ্যমৰ টি আৰ পি কেন্দ্ৰীক কেইবা খনো ভাৰতীয় চিনেমা ‘ টি আৰ পি আৰু ‘ ৰ আগে আগে চিত্ৰগৃহলৈ আহিছিল । বিশষকৈ চৰ্চাৰ বিষয় হৈছিল ৰাম গোপাল বাৰ্মাৰ ‘ৰণ ‘ ।

|| বৃত্তত বন্দী নহয় গুঞ্জনৰ অভিনয় || -উৎপল মেনা 2

অসাধাৰণ চিনেমেটিক কাৰবাৰ , কেন্দ্ৰীয় চৰিত্ৰত অমিতাভ বচ্চনৰ অসাধাৰণ অভিনয় ‘ ৰণ ‘ ৰ অন্যতম অলংকাৰ । স্বাভাবিকতে সকলো স্তৰৰ দৰ্শকক ছুই গৈছিল , ২০১০ চনত চিত্ৰগৃহলৈ অহা চিনেমা খনে । ‘ ৰণ ‘ৰ বাবেই হওক বা অন্য কাৰনতেই ‘ টি আৰ পি আৰু ‘ কম সংখ্যক দৰ্শকেহে আদৰিছিল । ‘ চিনেমা বজাৰ ‘ৰ ভাষাত ‘ ফ্লপ ‘ । আৰু স্বাভাবিকতে ‘ দৰ্শক ‘ৰ দূৰতে থাকিল নায়ক গুঞ্জন ভৰদ্বাজ । — আমাৰ ধাৰণাত — যি কম সংখ্যক দৰ্শকে চিনেমা খনৰ দৰ্শক হৈছিল , সেই সকলক গুঞ্জনৰ অভিনয়ে স্পৰ্শ কৰিছিল ! আমিয়ো গুঞ্জনৰ অভিনয় ক্ষমতা অনুভৱ কৰিছিলো । অপেক্ষাত আছিলো গুঞ্জনৰ নতুন চিনেমাৰ ! — কেইমাহ মান পিছতে চিত্ৰগৃহলৈ আহিল ‘ অহেতুক ‘ ( ২০১৫ ) । আৰু অভিনয় কৰি গ’ল — ‘ ৰাফ এণ্ড টাফ ‘ ( ২০১৭ ) , ‘ প্ৰিয়াৰ প্ৰিয় ‘ ( ২০১৭ ) , ‘ তুমি আহিবা নে ‘ ( ২০১৭ ), ‘কেলেণ্ডাৰ ‘ ( ২০১৮ ) , ‘ ককাইদেউ বিন্দাছ ‘ ( ২০১৯ ) , ‘ এৰাসুতিৰ ঢল ‘ ( চিত্ৰগৃহলৈ অহা নাই ) , ‘জনকনন্দিনী ‘ ( চিত্ৰগৃহলৈ অহা নাই ) , ‘ মমতাৰ চিঠি ‘ (চিত্ৰগৃহলৈ অহা নাই ) । — প্ৰতিখন চিনেমাৰ প্ৰতিটো চৰিত্ৰৰ মাজত দূৰত্ব আছে । দূৰত্বৰ কথা মনত ৰাখি অভিনয় কৰিছে । কব পাৰি — সফল অভিনয় । চিত্ৰগৃহলৈ অহা নাই যে , সেই চিনেমা কেইখনতো ‘ সফল অভিনয় ‘ আশা কৰিছো । — আশা কৰাৰ যুক্তি নাই জানো!

|| বৃত্তত বন্দী নহয় গুঞ্জনৰ অভিনয় || -উৎপল মেনা 3


আমি যে গুঞ্জনৰ অভিনয় এটা বৃত্তত বন্দী নহয় বুলিছো , উদাহৰণ — ‘ কেলেণ্ডাৰ ‘ আৰু ‘ তুমি আহিবা নে ‘ৰ চৰিত্ৰ দুটা । চৰিত্ৰ দুটাত অভিনয়ৰ দুৰত্ব , ক্ষমতা অধিক স্পষ্ট হৈ আছে ।

Utpal Mena

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform