Rupaliparda.com
পৰিণীতা গোস্বামীৰ "আলিবাট" ৰ মুক্তিৰ তাৰিখ ঘোষণাঃ ৫ জুনত মুক্তি- 1

পৰিণীতা গোস্বামীৰ “আলিবাট” ৰ মুক্তিৰ তাৰিখ ঘোষণাঃ ৫ জুনত মুক্তি-

নৱাগতা পৰিণীতা গোস্বামীৰ কন্ঠৰে মুক্তিপাবলগীয়া এটি সুন্দৰ গীত “আলিবাট” ৰ মুক্তিৰ তাৰিখ ইতিমধ্যে ৰাজহুৱা কৰা হৈছে। আগন্তুক ৫ জুন তাৰিখে গীতটোক মুকলি কৰি দিয়া হ’ব শ্ৰোতা-দৰ্শকৰ মাজত। নৱপ্ৰজন্মৰ এইগৰাকী প্ৰতিভা পৰিণীতা গোস্বামীৰ সংগীত কেৰিয়াৰৰ এয়া তেওঁৰ প্ৰথমটো গীত; গীতটোৰ ইতিমধ্যে ট্ৰেইলাৰ মুকলি কৰি দিয়া হৈছে চচিয়েল মিডিয়াত। গীতটিক লৈ জনসাধাৰণ উৎসাহী হোৱা অইন এক কাৰণ হৈছে গীতটিৰ ভিডিঅ’ত দেখিবলৈ পোৱা অভিনেতা তথা সংগীতশিল্পী গৰাকী; অসমীয়া ছবি “আমিষ” ৰ দ্বাৰা সৰ্বত্ৰে চৰ্চিত হোৱা অভিনেতা অৰ্ঘদ্বীপ বৰুৱাৰ অভিনয় দেখিবলৈ পোৱা যাব এই গীতটিৰ ভিডিঅ’ত। Pratidhwani Records ৰ বেনাৰত নিৰ্মিত “আলিবাট” ৰ কথাৰ লগতে গীতটিৰ ভিডিঅ’ ৰ কাহিনী, বিষয়বস্তু আৰু পৰিচালনাৰ দায়িত্বতো আছে প্ৰাচুৰ্য্য তালুকদাৰ। তেওঁৰ কথা তথা পৰিচালনাৰে নিৰ্মিত নীল আকাশৰ কন্ঠৰে “ৰুক্সানা” ৰ লগতে শেহতীয়াকৈ দীপিলনা আৰু নিপজৰ কন্ঠৰ গীত “দুবাহুৰে সাৱটি ল’বানে” ও লাভ কৰিছিল শ্ৰোতা-দৰ্শকৰ সমাদৰ।

পৰিণীতা গোস্বামীৰ "আলিবাট" ৰ মুক্তিৰ তাৰিখ ঘোষণাঃ ৫ জুনত মুক্তি- 2

গতিকে, এনে পৰিপ্ৰেক্ষিতত আহিবলগীয়া সময়ৰ “আলিবাট” তো ৰাইজৰ সঁহাৰি হ’ব লক্ষণীয়। আনহাতে, গীতটিত সংগীত দিছে সংগীত পল্লৱ তালুকদাৰে। Mystic Production House ৰ এজন দক্ষ সদস্য পল্লৱৰ নামটো বৰ্তমান মনোৰঞ্জন ক্ষেত্ৰখনৰ এক চিনাকী নাম। গীতটিত শব্দ সংমিশ্ৰণ কৰিছে দিগন্ত বৰদলৈয়ে আৰু সহঃ পৰিচালনা কৰিছে প্ৰীতিস্না দত্তই; দৃশ্যগ্ৰহণৰ লগতে সম্পাদনা কৰিছে মানৱ জ্যোতি বৰাই। ডি.আই ৰতনশীল শৰ্মাৰ আৰু পোষ্টাৰ ডিজাইন ঋতুপৰ্ণ বৰাৰ। সংগীত শিকাৰ পৰাই এটা নিজাববীয়াকৈ এটা গীত মুকলি কৰি দিয়াৰ ইচ্ছা আছিল কন্ঠশিল্পী পৰিণীতা গোস্বামীৰ। সেইবাবেই হয়টো এই গীতটিৰ বাবে অপেক্ষাৰত প্ৰতিজন শ্ৰোতা। “আলিবাট” ৰ সফলতা কামনা কৰি পৰিণীতা গোস্বামীক ৰূপালীপৰ্দাৰ তৰফৰ পৰা যাঁচিছো অশেষ শুভকামনা।

1 comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.