বলীউড অভিনেত্ৰী সকলৰ ভিতৰত ৰাধিকা আপ্টে এগৰাকী খুবেই জনপ্ৰিয় আৰু লেখত ল’বলগীয়া অভিনেত্ৰী; তেওঁৰ ব’ল্ডনেছে তেওঁক দৰ্শকৰ ওচৰত আৰু অধিক সুন্দৰ কৰি ৰাখে। ২০১৬ চনত মুক্তি লাভ কৰা ছবি “Parched” নামে ছবিখনত ৰাধিকা আপ্টেৰ অভিনয় আছিল প্ৰশংসনীয়। লগতে, ছবিখনত ৰাধিকা আপ্টেৰ সৈতে এটি একাত্ম দৃশ্যত অভিনয় কৰিছিল অসম সন্তান আদিল হুচেইনে। শেহতীয়াকৈ ছবিখনক লৈ কিছু কথা বাহিৰলৈ আহিছে; লীনা য়াদবৰ দ্বাৰা নিৰ্দেশিত উক্ত ছবিখনত আদিল হুচেইন আলহী অতিথি ৰূপে আহিছিল যদিও ছবিখনত তেওঁৰ চৰিত্ৰটো আছিল দমদাৰ। তেওঁ ছবিখনত ৰাধিকা আপ্টেৰ সৈতে কৰা উক্ত ব’ল্ড দৃশ্যটোৰ অভিনয়ৰ পূৰ্বে আদিল হুচেইনে ৰাধিকা আপ্টেক প্ৰশ্ন কৰিছিল যে, “তোমাৰ ব’য়ফ্ৰেণ্ডে কি ক’ব?” তেতিয়া ৰাধিকাই কৈছিল যে তেওঁ বিবাহিতা। আনহাত, ৰাধিকাইও আদিল হুচেইনক তেওঁৰ পত্নীয়ে কি ভাবিব বুলি প্ৰশ্ন কৰিছিল য’ত আদিল হুচেইনে কয় যে “কোনো অসুবিধা নাই। আচলতে, এই দৃশ্যটো কৰাৰ পূৰ্বে মোৰ পত্নীয়ে বিশ্বাস কৰিছিল যে মই কৰি ল’ম। মোৰ কামক তেওঁ সন্মান কৰে; আৰু মোৰ সংবেদনশীলতাৰ ওপৰত তেওঁৰ সম্পূৰ্ণ বিশ্বাস আছে।


তেওঁ আগলৈ কয় যে, “আমি দুয়োগৰাকী থিয়েটাৰৰ আৰম্ভণি দিনৰ পৰাই চিনি পাওঁ। তেওঁ জানে যে মই এগৰাকী অভিনেতা।” আদিল হুচেইন এনে এগৰাকী অসম সন্তান; যাক লৈ প্ৰতিজন অসমীয়া গৌৰৱাম্বিত। তেওঁৰ অভিনয় তথা তেওঁ জড়িত হৈ থকা প্ৰকল্পসমূহে দৰ্শকক প্ৰতিদিনেই উৎসাহিত কৰে।
1 comment