Rupaliparda.com
বৰ্ষাৰাণী বিষয়াৰ "ক'ভিড ৰিকভাৰী ষ্টৰী"- 1

বৰ্ষাৰাণী বিষয়াৰ “ক’ভিড ৰিকভাৰী ষ্টৰী”-

বিগত বৰ্ষৰ পৰাই আতংকৰ সৃষ্টি কৰি অহা ক’ভিডে এইবাৰ আগ্ৰাসনত লৈছিল অভিনেতা-অভিনেত্ৰীকো। বহুল সংখ্যক অভিনেতা-অভিনেত্ৰী ক’ভিড পজিটিভ হোৱাৰ পিছত নিজ বাসগৃহতেই তেওঁলোক আছিল কোৱাৰেন্টাইনত। হিন্দী ছবিজগততো আমি বিগত দিনত একাধিক লোক ক’ভিডত আক্ৰান্ত হোৱাৰ কথা জানিবলৈ পাৰিছিলো। ঠিক তেনেদৰে অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনকো এইবাৰ জোঁকাৰি গৈছিল ক’ভিডে। ক’ভিডত আক্ৰান্ত হৈ মৃত্যৰ সংখ্যাও আছিল সৰ্বাধিক; তাৰ ফলতেই হয়টো একাংশ ব্যক্তি হতাশগ্ৰস্তও হৈ পৰিছিল। কিন্তু, তাৰ মাজতেই ক’ভিডক জয় কৰি আহি পজিটিভ বাৰ্তা প্ৰেৰণ কৰিছে অভিনেত্ৰী বৰ্ষাৰাণী বিষয়াই।বিগত দিনত ক’ভিডত আক্ৰান্ত হৈ নিজ বাসগৃহতেই কোৱাৰেন্টাইনত আছিল অভিনেত্ৰী বৰ্ষাৰাণী বিষয়াকে লৈ তেওঁৰ স্বামী ভাস্কৰ বৰুৱা। ক’ভিডৰ পৰা হাত সাৰি আহি শেহতীয়াকৈ তেওঁ ৰাইজক জনাইছে তেওঁৰ “ক’ভিড ৰিকভাৰী ষ্টৰী”। ব্যক্তিগত ইউটিউব চেনেল যোগে আপলোড কৰিছে অভিনেত্ৰী গৰাকীয়ে এই ভিডিঅ’টো। শাৰিৰীক ভাৱে সূস্থ হৈ থকাৰ সমান্তৰালকৈ এই ক’ভিড যুঁজত জয়ী হ’বলৈ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল মানসিক সূস্থতা। কোনো এগৰাকী লোকে যদি সংঘৰ্ষ কৰি গৈ এই মহামাৰীটোক হৰুৱাম বুলি দৃঢ় হয় তেতিয়াহ’লে ব্যক্তিগৰাকীক আন কোনো হৰুৱাব নোৱাৰে বুলি ব্যক্ত কৰে অভিনেত্ৰী গৰাকীয়ে।


বৰ্ষাৰাণী এনে এগৰাকী অভিনেত্ৰী, যি গৰাকীয়ে এক দীঘলীয়া সময়ৰ পৰাই অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনত নিজ প্ৰতিষ্ঠা অব্যাহত ৰাখিছে। আহিবলগীয়া সময়ত অসমীয়া ছবি ক্ৰমে “গুৱাহাটী ডায়েৰিজ” আৰু “ৰাজনীতি” ত দেখিবলৈ পোৱা যাব অভিনেত্ৰী গৰাকীক। তেওঁ প্ৰায়ে অনুৰাগীক আকৰ্ষণ টানিবলৈ একো একোখন ফটোৰে জীৱনৰ ধনাত্মক কথাবোৰ বাখ্যা কৰে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform