Rupaliparda.com

ৰাইজক হাঁহিৰ অৱকাশ দিবলৈ আহিছে এটি সুন্দৰ প্ৰকল্প; “Vocal with Locall” য়ে আনিব থলুৱা সোঁৱাদঃ

বৰ্তমানৰ ধূসৰ সময়ছোৱাত যেতিয়া আমি অকণমান হাঁহিৰ অৱকাশ পাওঁ; তেতিয়ানো কাৰ ভাল নালাগে! আমি প্ৰত্যেকেই হাঁহি ভাল পাওঁ; মনোৰঞ্জন ভাল পাওঁ। আচলতে, এই হাঁহিৰ অৱকাশ দিবলৈ প্ৰয়াস কৰাও দেখিবলৈ পোৱা গৈছে একোজন প্ৰতিভাসম্পন্ন ব্যক্তিক; নিজ নিজ প্ৰতিভাৰেই তেওঁলোকে এই প্ৰয়াস অব্যাহত ৰাখিছে। শেহতীয়াকৈ এনে একাংশ পেৰেডি কাহিনীৰ সৈতে ৰাইজৰ কাষ চাপিছে এটা উল্লেখনীয় প্ৰকল্প; Vocal with Local নামে আন এটা প্ৰকল্পৰ সৈতে ৰাইজক এক নতুন সোঁৱাদ দিবলৈ আগবাঢ়িছে নৱপ্ৰজন্মৰ এদল প্ৰতিভাই; য’ত আছে থলুৱা অসমীয়াৰ কিছুমান ব্যংগ কাহিনী। আপোনালোকে ইতিমধ্যে এই প্ৰকল্পটোৰ প্ৰথমটো খণ্ডক উপভোগ কৰিছে; যদিহে এতিয়ালৈ নাই কৰা তেতিয়াহ’লে আপোনালোকৰ বাবে তলত ইয়াৰ লিংক দি দিয়া হৈছে। Youthzkorner ৰ বেনাৰত নিৰ্মিত “Vocal with Local” নামে এই প্ৰকল্পটোৰ আটাইতকৈ ভাল লগা বিষয় এয়াই যে জাক-জমকতাহীন এখন ঠাইৰ পৰা ওলাই অহা একোজন প্ৰতিভাক লৈ একোটা কাহিনীৰ নিৰ্মাণ কৰা হৈছে এই প্ৰকল্পটোত। আমি প্ৰায়ে দেখি আচম্বিত হও একোগৰাকী ভিতৰুৱা অঞ্চলৰ পৰা একোজন ব্যক্তিৰ প্ৰতিভাক দেখি; তেওঁলোকে নিজ প্ৰতিভাৰে যেতিয়া আমাক মোহাচ্ছন্ন কৰে তেতিয়া আমি প্ৰত্যেকেই উৎসাহিত হওঁ। এই প্ৰকল্পটোৰো উদ্দেশ্য ঠিক এনেকুৱাই; য’ত এফালে ক’ৰোণা মহামাৰীয়ে বিভীষিকাৰ সৃষ্টি কৰিছে তাতেই আকৌ আনফালে একাংশ জনসাধাৰণৰ আৰ্থিক অনাটনে প্ৰত্যেককে হতাশাৰ মাজলৈ ঠেলি পঠিয়াইছে; হতাশাৰ ফলত বহু ব্যক্তিয়ে নল’বলগীয়া ৰাষ্টাকো গ্ৰহণ কৰা আমি সংবাদ মাধ্যমযোগে দেখিছো অথবা সংবাদ পত্ৰযোগে পঢ়িবলৈ পাইছো। গতিকে, এনে সময়ত যেতিয়া অকণমান হ’লেও মনোৰঞ্জন প্ৰদান কৰা হয় তেতিয়া দৰ্শকৰ মানসিক স্থিতি সমূহক ধনাত্মক দিশলৈ ধাৱমান কৰোৱাবলৈ সক্ষম হোৱা যায়।


শেহতীয়াকৈ মুক্তিলাভ কৰা এই প্ৰকল্পটোৰ প্ৰথমটো খণ্ডৰ নাম হৈছে “Red Label FOTa Lebel *Alcohol is injurious to health!” ইয়াৰ পৰিচালনা আৰু সম্পাদনাৰ দায়িত্বত আছে অনুপ্ৰাস দাস। ইতিমধ্যে এইগৰাকী পৰিচালক দ্বাৰা Youthzkorner ৰ বেনাৰত নিৰ্মিত এখন অসমীয়া ৱেব চিৰিজ “Jibon Unplugged” ৰ প্ৰতিটো খণ্ডই দৰ্শকৰ হৃদয়ত ঠাই বনাবলৈ সক্ষম হোৱাৰ লগতে প্ৰতিজন দৰ্শকৰ সমাদৰ লাভ কৰিবলৈও সক্ষম হৈছে। আনহাতে, Vocal with Local ৰ প্ৰথমটো খণ্ড “Red Label FOTa Lebel *Alcohol is injurious to health!” ৰ কাহিনীভাগ লিখিছে মনজিতে; সংলাপ চক্ৰধৰ বৰকাকতিৰ। দৃশ্যগ্ৰহণ কৰিছে জগদীশ দাসৰ লগতে প্ৰথমটো খণ্ডত অভিনয় কৰিছে মনোৰঞ্জন দাস, জিন্তু মণি কলিতা আৰু ভাস্কৰ ঠাকুৰীয়াই। আৱহ সংগীত অনুভৱ গগৈৰ আৰু এনিমেশ্বনৰ দায়িত্বত আছে সৌৰভ হাজৰিকা। ভইচ অভাৰ ৰূপম ভূঞাৰ তথা শীৰ্ষ গীতটি অনুভৱ গগৈৰ; সংগীত মিশ্ৰণ ত্ৰিহাংকু লহকৰৰ। গ্ৰাফিক্স সাগৰিকা বি ৰিকুৰ; প্ৰডাকচন ডিজাইন চক্ৰধৰ বৰকাকতিৰ, প্ৰডাকচন মেনেজমেন্ট চিত্ৰমণি দাসৰ। প্ৰডাকচন এচিচটেন্ট ৰুবুল সাউদৰ আৰু পি.আৰ ডানিশৰ। উল্লেখ্য যে, এই প্ৰকল্পটোৰ সৈতে জড়িত খণ্ডসমূহত উক্ত নৱপ্ৰজন্মৰ দলটোৱে গাওঁ অঞ্চলৰ ধুনীয়া তথা সুন্দৰ ঠাইসমূহক উপস্থাপনৰো চেষ্টা কৰা হৈছে যাতে দৰ্শকে চিৰিজখনৰ বাস্তৱ ঘটনাসমূহৰ দ্বাৰা নিজক সংযোগ কৰিবলৈ সক্ষম হয়।

ৰাইজক হাঁহিৰ অৱকাশ দিবলৈ আহিছে এটি সুন্দৰ প্ৰকল্প; "Vocal with Locall" য়ে আনিব থলুৱা সোঁৱাদঃ 1

বৰ্তমান সময়ৰ এটা বহুল প্ৰত্যাশিত প্ৰকল্পৰ ভিতৰৰ এটা হৈছে “Vocal With Local”। এই প্ৰকল্পটোৰ সৈতে জড়িত আন আন খণ্ডসমূহকলৈ অপেক্ষাৰতও হৈ পৰিছে ৰাইজ। এই প্ৰকল্পটোৰ প্ৰতিজন কলা-কুশলীক ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো অশেষ শুভকামনা।

1 comment

Leave a Reply

The Ultimate Managed Hosting Platform