Rupaliparda.com

আহিবনে “দ্যা ফেমিলী মেন” ৰ তৃতীয়টো পাৰ্ট? জনালে মনোজ বাজপেয়ীয়েঃ

“দ্যা ফেমিলী মেন” ৱেব চিৰিজখনৰ দ্বিতীয়টো সংস্কৰণ বিগত শুক্ৰবাৰৰ দিনটোত মুকলি কৰি দিয়া হৈছিল; চিৰিজখন মুক্তিৰ পিছতেই খলকনি লাগিছে সৰ্বত্ৰে। চিৰিজখনত মূখ্য ভূমিকা ৰূপায়ন কৰিছে মনোজ বাজপেয়ী আৰু সমান্থা অক্কীনেনীয়ে; দুয়োগৰাকীৰে অভিনয়ৰ অনুৰাগী হৈ উঠিছে এতিয়া প্ৰত্যেকগৰাকী ব্যক্তি। চিৰিজখনৰ নিৰ্দেশনাৰ দায়িত্বত আছে ৰাজ নিদিমাৰু তথা কৃষ্ণা ডীকে। এমেজন প্ৰাইম টাইমত মুক্তিপ্ৰাপ্ত এই ৱেব চিৰিজখনক সমালোচনাও কৰা হৈছিল; তাণ্ডৱ তথা মিৰ্জাপুৰৰ পিছত সমালোচনাৰ সন্মুখীন হোৱা এইখনো হৈছে আন এখন ৱেব চিৰিজ। এই ৱেব চিৰিজখনৰ দ্বিতীয় সংস্কৰণৰ শেষৰ ফালে তৃতীয় সংস্কৰণটো অহাৰো এক সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। মনোজ বাজপেয়ীয়ে এই ৱেব চিৰিজখনত শ্ৰী কান্ত তিৱাৰীৰ চৰিত্ৰ ৰূপায়ন কৰিছে; Intelligence Officer হোৱাৰ সমান্তৰালকৈ যিয়ে নিজৰ সামাজিক আৰু ব্যক্তিগত জীৱনৰ মাজত ভাৰসাম্য ৰাখিবলৈ চেষ্টা কৰি গৈ থাকে। দ্বিতীয়টো সংস্কৰণৰ পিছত জনসাধাৰণ ইয়াৰ তৃতীয়টো সংস্কৰণ মুক্তিৰ বাবে অপেক্ষা কৰি ৰৈছে। এই বিষয়ত মনোজ বাজপেয়ীয়ে এক সাক্ষাৎকাৰ যোগে কয় যে, “এখন ৱেব চিৰিজ নিৰ্মাণত বহুত সময়ৰ প্ৰয়োজন হয়। মই বহুত সুখী হ’ম যদিহে ৰাজ আৰু ডীকে এই ৱেব চিৰিজখনৰ তৃতীয়টো ভাগ নিৰ্মাণৰ বাবে সিদ্ধান্ত লয় কিন্তু নিৰ্মাণৰ পূৰ্বে জৰুৰী হৈছে ইয়াৰ কাহিনীভাগৰ লিখন প্ৰক্ৰিয়াৰ সমাপ্তি কৰাটো।”

আহিবনে "দ্যা ফেমিলী মেন" ৰ তৃতীয়টো পাৰ্ট? জনালে মনোজ বাজপেয়ীয়েঃ 1


তেওঁ আগলৈ কয় যে, “মই এইটো কথাক লৈও সুখী যে মোৰ অনুৰাগীসকলে “দ্যা ফেমিলী মেন ৩” ৰ বাবে অপেক্ষা কৰিছে। পাৰ্ট থ্ৰীত কি থাকিব মই নাজানো; মই মাত্ৰ স্ক্ৰীপ্টৰ অপেক্ষা কৰি আছো। “দ্যা ফেমিলী মেন” ৰ সৈতে জড়িত প্ৰত্যেকগৰাকী ব্যক্তিৰ অৰিহণা লক্ষণীয়। তেওঁলোক সকলোৱে ভাল কাম কৰি আছে বাবেই হয়টো এই ৱেব চিৰিজখনে ৰাইজৰ ইমান সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে।”

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.