Rupaliparda.com

ধাৰাবাহিক “শকুন্তলা” ত জনপ্ৰিয়তাৰ মোহৰঃ

সম্প্ৰচাৰ লাভৰ পিছতেই চৰ্চিত হোৱা ধাৰাবাহিক “শকুন্তলা- পাহৰিব খুজিলেও পাহৰিব নোৱাৰা এক অমৰ প্ৰেম গাঁথা” য়ে টি.আৰ.পিৰ দৌৰত শীৰ্ষত আছে। প্ৰতি সোমবাৰৰ পৰা শুক্ৰবাৰলৈ নিশা ৮ বজাত সম্প্ৰচাৰ লাভ কৰা এই ধাৰাবাহিকখনত অভিনীত প্ৰত্যেকগৰাকী অভিনেতা-অভিনেত্ৰীৰ অভিনয়ো হৈছে লেখত ল’বলগীয়া। “শকুন্তলা- পাহৰিব খুজিলেও পাহৰিব নোৱাৰা এক অমৰ প্ৰেম গাঁথা”; ধাৰাবাহিক খনৰ নামটোতেই যেন শকুন্তলা চৰিত্ৰটোৰ ত্যাগ, বিষাদ, প্ৰেম আদি অনুভূতিক হৃদয়ংগম কৰিব পৰা যায়। গাঁৱৰ নিঁভাজ সুন্দৰ পৰিৱেশত দুই বান্ধৱী ক্ৰমে শেৱালী আৰু নিৰ্মালীৰ সৈতে খেল-ধেমালি কৰি জীৱনটোক পূৰ্ণদ্যোমে জীয়াই থকা শকুন্তলা এগৰাকী মেধাৱী ছাত্ৰী হোৱাৰ সমান্তৰালকৈ তাইৰ গাঁৱৰ জনসাধাৰণৰ এগৰাকী মৰমৰ জীয়ৰী। তাইৰ উচ্চশিক্ষাৰ ইচ্ছা কিন্তু ঘটনাক্ৰমে এই ইচ্ছাক বুকুত বান্ধি খেলি থকা শকুন্তলাই মুখামুখি হ’ব লাগিব বাস্তৱ জীৱনৰ তিক্ত প্ৰহাৰৰ। এই প্ৰহাৰৰ পৰা শকুন্তলা কেনেকৈ হাত সাৰিব অথবা তাইৰ জীৱনলৈ এনে কোন আহিব যিগৰাকীয়ে তাইৰ সৈতে জীয়াই থকাৰ লগতে তাইৰ সপোনক পাখি দিব। এই আটাইবোৰ ঘটনা- পৰিঘটনাৰে নিৰ্মাণ কৰি উলিওৱা হৈছে প্ৰাইজ ইষ্ট এন্টাৰটেইনমেন্ট লিমিটেডৰ বেনাৰত নিৰ্মিত “শকুন্তলা”। সুনয়না ফুকন মহন্তৰ পৰিচালনাৰে ধাৰাবাহিকখনৰ কাহিনী নাট্যকাৰ জ্ঞান বৰুৱাৰ; চিত্ৰনাট্য আৰু সংলাপৰ দায়িত্বত আছে শিল্পীকা মধুকলা।

ধাৰাবাহিক "শকুন্তলা" ত জনপ্ৰিয়তাৰ মোহৰঃ 1
ধাৰাবাহিক "শকুন্তলা" ত জনপ্ৰিয়তাৰ মোহৰঃ 2


ধাৰাবাহিকখনৰ মূখ্য চৰিত্ৰত অভিনয় কৰিছে বৰ্তমানৰ জনপ্ৰিয় অভিনেত্ৰী সুকন্যা বৰুৱা আৰু “বৈদেহী” ধাৰাবাহিকখনৰ জৰিয়তে জনপ্ৰিয়তাৰ কাষ চপা অভিনেতা দীপাংকৰ ৰয়ে। সহঃ পৰিচালনা নীলোৎপল নাথৰ লগতে দৃশ্যগ্ৰহণ কৰিছে প্ৰণৱ বৰাই। গুৱাহাটীকে ধৰি সোণাপুৰ, চন্দ্ৰপুৰ আদি বিভিন্ন ঠাইত শ্বুটিং সম্পন্ন কৰা ধাৰাবাহিকখনৰ সম্পাদনা ৰমেন বৰাৰ।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.