Rupaliparda.com

“আলিবাট; জিৰাব দে তোৰেই কোলাত”; পৰিণীতা গোস্বামীৰ নতুন গীতে মুহিছে শ্ৰোতা-দৰ্শককঃ

“আলিবাট; জিৰাব দে তোৰেই কোলাত”; শেহতীয়াকৈ নৱাগতা পৰিণীতা গোস্বামীৰ কন্ঠৰে মুক্তিপ্ৰাপ্ত তেওঁৰ নতুন গীত “আলিবাট”। এই ধূসৰ সময়ছোৱাত এটি সুন্দৰ কন্ঠই শ্ৰোতা-দৰ্শকৰ মাজত চিনাকী লাভ কৰা কথাটোৱে এতিয়া প্ৰত্যেককে উৎসাহিত কৰি তুলিছে; পৰিণীতা গোস্বামীৰ সংগীত ক্ষেত্ৰখনত খোজ পেলোৱাৰ পিছত এয়া তেওঁৰ প্ৰথমটো গীত। Pratidhwani Records ৰ বেনাৰত মুক্তি লাভ কৰা এই গীতটিক ইতিমধ্যে সঁহাৰি জনাইছে শ্ৰোতা-দৰ্শকে। পৰিণীতা গোস্বামী আপোনালোকৰ বাবে হয়টো নতুন নাম নহয়; কিয়নো কটন বিশ্ববিদ্যালয়ত অধ্যয়নৰত কেইগৰাকীমান ছাত্ৰীৰ সহযোগত গঢ় লৈ উঠা মিউজিকেল বেণ্ড Blissed Integration ৰ সৈতে জড়িত হৈ থকা পৰিণীতাক আপোনালোকে চচিয়েল মিডিয়াত বহুবাৰ হয়টো দেখিছে। সৰুৰ পৰাই সংগীত ক্ষেত্ৰখনৰ সৈতে জড়িত পৰিণীতাৰ পৰিয়ালটোৰ প্ৰতিজন সদস্য সংগীতক লৈ আকৰ্ষিত হোৱাৰ বাবেই আচলতে তেওঁ সৰুৰ পৰাই জ্যোতি সংগীত, ৰাভা সংগীতকে আৰম্ভ কৰি বৰগীত ইত্যাদি শুনি এই সংগীত ক্ষেত্ৰখনত তেওঁ নিজ সম্পৰ্ক গাঢ় কৰি তুলিছিল। সংগীত অবিহনে জীৱন অৰ্থহীন বুলি ক’ব পৰা নৱপ্ৰজন্মৰ মাজৰ এগৰাকী পৰিণীতাৰ সংগীতক লৈ দৃঢ়তা অৱশ্যে ইয়াতেই ফুটি উঠিছে। “আলিবাট” শীৰ্ষক এই গীতটি যদিও প্ৰথম তথাপিও গীতটিয়ে সকলোৰে মাজত চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে।


আমি কেতিয়াবা নিজ সপোন পূৰণৰ অৰ্থে চিনাকী বাটটো এৰি অইন এটা অচিন বাটে খোজ দিওঁ; সপোন বোৰ বাস্তৱ কৰিবলৈ আমি নিজ জীৱনৰ অচিন-চিনাকী বাটত খোজ দিয়াৰ লগতেই কেতিয়াবা পাহৰি পেলাওঁ নিজ অস্তিত্ব। কিন্তু, জীৱনৰ প্ৰাপ্তি-অপ্ৰাপ্তিৰ দৌৰত আমি যেতিয়া দৌৰি গৈ থাকো তেতিয়া এটা সময়লৈ আমাৰ ভাগৰুৱা মনটোৱে পূৰণি আলিবাটটোৰ সন্ধান কৰোঁ। উভতি যাব খুজো যদিও শূণ্য হৈ পৰে আমি সন্ধান কৰি ফুৰা আলিবাটটো; এনে এক বিষয়বস্তুকেই লৈ গীতটিৰ ভিডিঅ’টোক নিৰ্মাণ কৰি উলিওৱা হৈছে। গীতটিত কথা দিয়াৰ লগতে ইয়াৰ ভিডিঅ’টোৰ বিষয়বস্তু, কাহিনী তথা পৰিচালনাৰ দায়িত্বত আছে প্ৰাচুৰ্য্য তালুকদাৰ; Pratidhwani Records ৰ বেনাৰত নিৰ্মিত গীতসমূহত দেখিবলৈ পোৱা প্ৰাচুৰ্য্য তালুকদাৰৰ প্ৰতিভা সঁচাকৈ উল্লেখনীয়। কন্ঠদানৰ লগতে “আলিবাট” ত সুৰ কৰিছে পৰিণীতাই নিজেই; সংগীত পল্লৱ তালুকদাৰৰ। Mystic Production House ৰ এজন দক্ষ সদস্য পল্লৱৰ নামটো বৰ্তমান মনোৰঞ্জন ক্ষেত্ৰখনৰ এক চিনাকী নাম। গীতটিৰ ভিডিঅ’ত দেখিবলৈ পোৱা অৰ্ঘ্যদ্বীপ বৰুৱাক লৈও ৰাইজৰ মাজতো উৎকণ্ঠা পৰিলক্ষিত হয়। ড° পি.এম গোস্বামীৰ প্ৰযোজনাত নিৰ্মিত গীতটিৰ দৃশ্যগ্ৰহণ আৰু সম্পাদনা মানৱ জ্যোতি বৰুৱাৰ; এইগৰাকী প্ৰতিভাৰ পৰিচালনাৰে দৰ্শকে দুখনকৈ চুটি ছবি উপভোগ কৰাৰ লগতে তেওঁৰ প্ৰকল্পসমূহক সমাদৰো জনাইছে। “আলিবাট” শীৰ্ষক এই গীতটিক ভিডিঅ’টোৰ সৈতে সামঞ্জস্য ৰাখি প্ৰস্তুত কৰিবলৈ বিচৰা কথাটোৱে গীতটিক ৰাইজৰ সন্মুখত আৰু অধিক গ্ৰহণযোগ্য কৰি তুলিছে।

"আলিবাট; জিৰাব দে তোৰেই কোলাত"; পৰিণীতা গোস্বামীৰ নতুন গীতে মুহিছে শ্ৰোতা-দৰ্শককঃ 1


গীতটিত শব্দ সংমিশ্ৰণ কৰিছে দিগন্ত বৰদলৈয়ে আৰু সহঃ পৰিচালনা কৰিছে প্ৰীতিস্না দত্তই; ডি.আই ৰতনশীল শৰ্মাৰ আৰু পোষ্টাৰ ডিজাইন ঋতুপৰ্ণ বৰাৰ। পৰিণীতাৰ নতুন প্ৰচেষ্টাক লৈয়ে তেওঁৰ আহিবলগীয়া প্ৰকল্পসমূহক লৈ জনাইছো শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform