Rupaliparda.com

“মোক অকণমান সময়ৰ প্ৰয়োজন; আগন্তুক গীতকেইটা মোৰ বাবে প্ৰত্যাহ্বানস্বৰূপ।”- কংকন কৌশিক

আমাৰ নৱপ্ৰজন্মৰ এনে একাংশ প্ৰতিভা আছে যাৰ সৰুৰে পৰা এই ক্ষেত্ৰখনক লৈ বিশেষ টান আছে। নিজক এই মনোৰঞ্জন ক্ষেত্ৰখনৰ সৈতে খাপ খুৱাই ৰখাৰ চিন্তা তেওঁলোকে সৰু কালৰ পৰাই কৰে। মনোৰঞ্জন দিশটোত আগবাঢ়িবলৈ এনে প্ৰতিভাক সৰুৰ পৰাই অনুপ্ৰেণিত কৰে তেওঁলোকৰ পৰিয়ালৰ সদস্যই। শেহতীয়াকৈ আমি কথা পাতিছিলো এনে এগৰাকী প্ৰতিভাৰ সৈতে যিয়ে ককাকৰ দিনৰ খোলটোকে লৈ খোজ পেলাইছিল এই ক্ষেত্ৰখনত। তেওঁৰ নাম হৈছে কংকন কৌশিক; তেওঁৰ প্ৰকল্প ৰূপে ইতিমধ্যে কেইবাটাও গীতক মুকলি কৰি দিয়া হৈছে ৰাইজৰ মাজত। তেওঁ সংগীত ক্ষেত্ৰখনত কৰা আৰম্ভণিৰ বিষয়ে প্ৰশ্ন কৰাত তেওঁৰ উত্তৰ আছিল কিছু ব্যতিক্ৰম; তেওঁ কয় যে,
“ভালপাওঁ শব্দৰ কোলাহল সুৰ সমলয়ৰ ৰূপ দি
ভালপাওঁ শব্দৰ কোলাহল বোৰত উৰি ফুৰা সুৰীয়া আত্মাটোক বিচাৰি
ভালপাওঁ শব্দৰ কোলাহল বোৰত কায়াহীন অনুভৱ বিচাৰি”


ভালপাওঁ শব্দৰ কোলাহল বোৰত সুৰ সুৰ খেলি।” কংকনে আগলৈ কয় যে, “আমাৰ ঘৰৰ প্ৰায় প্ৰতিজন সদস্য সংস্কৃতিৰ ক্ষেত্ৰখনৰ লগত জড়িত। পুৰুষানুক্ৰমে চাবলৈ গ’লে আজোককা টিমক চন্দ্ৰ বৰদলৈ এগৰাকী দক্ষ মৃদংবাদক আছিল; ককা স্বৰ্গীয় ৰেৱকান্ত বৰদলৈ আছিল “বায়ন” উপাধিধাৰী খোলবাদক। ককাক বৰ বেছি দিনৰ বাবে নাপালো যদিও সোভাগ্যক্ৰমে তেওঁ এৰি থৈ যোৱা খোলটো মই বজাবলৈ পাইছিলো। দাদা, বাঁহতে মোক কোৱা মনত আছে যে, প্ৰায় তিনি বছৰ মান বয়সতেই মোৰ হাততকৈ খোলটো যথেষ্ট ডাঙৰ আছিল যদিও মই হেনো হাউলি হ’লেও খোলটো বজাইছিলো। মোৰ তেতিয়া এটাই কথা ভাল লাগিছিল যে মই প্ৰথম বজোৱা চাপৰ কেইটা হেনো সম্পূৰ্ণ তালত আছিল; মোৰ এই ইচ্ছাটোক দেখি খুৰাই জন্মদিনত এটা সৰু খোল উপহাৰ দিয়াৰ লগতে মোক তেওঁ খোল, তাল, মানৰ শিক্ষা দিয়ে। সেই শিক্ষাকেই সমল কৰি লৈ ২০১৫ আৰু ২০১৮ চনত মই খোলবাদ্যত centre for cultural resources and training (CCRT) ৰ পৰা প্ৰদান কৰা ৰাষ্ট্ৰীয় জলপানি লাভ কৰিবলৈ সক্ষম হৈছিলো। সমান্তৰালকৈ, মোৰ সৰুৰ পৰা পশ্চিমীয়া বাদ্যযন্ত্ৰ বজোৱাৰ প্ৰতি ইচ্ছা হৈছিল আৰু তাৰ ফলতেই associated board of Royal school of music ৰ অধীনত শিক্ষা প্ৰদান কৰি অহা শিল্পী মানস জ্যোতি বৰাৰ ওচৰত পিয়ানো’ ৰ শিক্ষা গ্ৰহণ কৰি আছো। তেতিয়াৰ পৰাই সংগীতক লৈ মোৰ দৃষ্টিভংগীৰ সলনি হোৱাৰ লগতে বিষয়টোক লৈ মই কৌতুহলী হৈ পৰিছিলো। ভিন্ন প্ৰশ্নৰ উত্থাপন হৈছিল মনত যেনে ধৰক ফ্ৰান্সৰ গণ্যমাণ্য সুৰকাৰ সকলে যদি আমাৰ শ্ৰী মন্ত শংকৰদেৱ তথা মাধৱদেৱৰ বৰগীতসমূহ শুনিলেহেঁতেন তেতিয়াহ’লে আমাৰ বৰগীতত কোনো প্ৰভাৱ পৰিলেহেঁতেন নে! কেতিয়াবা Mozart য়ে সৃষ্টি কৰা “Rondo Alla Turca” ৰ Piano piece টোৰ লগত মই গুৰুজনাৰ একতাল খন বজাই যেতিয়া সাদৃশ্যৰ অনুভৱ কৰিলো তেতিয়া বুজিব পাৰিছিলো যে গুৰুজনাৰ সৃষ্টি আমি ভবাতকৈ শতগুণে উৰ্দ্ধত। এনেদৰে ইটো সিটো বাদ্য বজাই মই জড়িত হৈছো এই সংগীত ক্ষেত্ৰখনৰ সৈতে।

"মোক অকণমান সময়ৰ প্ৰয়োজন; আগন্তুক গীতকেইটা মোৰ বাবে প্ৰত্যাহ্বানস্বৰূপ।"- কংকন কৌশিক 1

সংগীত ক্ষেত্ৰখনক লৈ নৱপ্ৰজন্মৰ দায়িত্ব কি বুলি প্ৰশ্ন কৰাত কংকনে কয় যে, “২০১৯ চনৰ ডিচেম্বৰ মাহৰ ঘটনা; অসম তথা সমগ্ৰ দেশত কা আন্দোলনৰ জোৱাৰ চলি আছিল আৰু ৫ জনলৈ লোক শ্বহীদ হৈছিল। সেই সময়ছোৱাত তেনে এক পৰিস্থিতিৰ মাজত কৰ্তন কৰি দিয়া হৈছিল ইন্টাৰনেট সেৱাও। মানসিক ভাৱে ভাঙি পৰিছিলো সেই সময়কণত আৰু ২৮ ডিচেম্বৰৰ দিনা ৰাতি এটা গান লিখি পেলাইছিলো; এই গানটোৱে আছিল মোৰ জীৱনৰ প্ৰথমটো গান। বন্ধু অয়নৰ লগত গীতটি সাঁজি উলিয়ালো আৰু বিগত বৰ্ষৰ ২৬ জানুৱাৰীৰ দিনা মুক্তি দিছিলো মোৰ জীৱনৰ প্ৰথমটো গীত “ভয়”। নভবাকৈয়ে যথেষ্ট মৰম পাইছিল গীতটোৱে। অপৈণত ভাৱে লিখি উলিওৱা গীতটিত যথেষ্ট খিনি ভুল আছিল কিয়নো মই সংগীতৰ শিক্ষা আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা নাছিলো। দেউতাই যিমান পাৰে মোক উচ্চাৰণ তথা ক’ত কি কেনেদৰে উশাহ ল’ব লাগে অথবা এৰিব লাগে ইত্যাদি বিষয়ত বুজাইছিল। গান গোৱাটোত মই ইমান পাৰ্গত নহয়; বিগত বৰ্ষৰ লক-ডাউনত ভালেখিনি সময় এনেই আছিলো বাবে আকৌ এটা “বেলিৰ সাধু” শীৰ্ষক গীত লিখি উলিয়াইছিলো। বন্ধু অয়নৰ লগতে গীতটিৰ অডিঅ’ৰ কাম শেষ কৰিছিলো; পিছে এইবাৰ ঘৰত থকা বাবে কেনেদৰে ঘৰতেই এটা ভিডিঅ’ প্ৰস্তুত কৰি উলিয়াব পাৰি তাৰেই কথা ভাবি Stop Motion নামে এক বিষয়বস্তু ব্যৱহাৰ কৰি থকা দুগৰাকীৰ সৈতে লগ লাগি প্ৰায় ২ হাজাৰ খন মান ফটো তুলি গীতটিৰ ভিডিঅ’ সম্পূৰ্ণ কৰি গীতটিক বিগত বৰ্ষৰেই ২০ চেপ্তেম্বৰত মুকলি কৰি দিছিলো। গানটোৱে সিমান জনপ্ৰিয়তা লাভ কৰা নাছিল যদিও মই সুখী হৈছিলো কিয়নো গীতটিত কৰা ৩০ শতাংশলৈ হ’লেও ভুল মই শুধৰাব পাৰিছিলো।”

"মোক অকণমান সময়ৰ প্ৰয়োজন; আগন্তুক গীতকেইটা মোৰ বাবে প্ৰত্যাহ্বানস্বৰূপ।"- কংকন কৌশিক 2


আগন্তুক প্ৰকল্পৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “আহিবলগীয়া গীত সমূহক লৈ মই নিজেও উৎকন্ঠিত হৈছিলো। যিহেতু আমাৰ হায়াৰ চেকেণ্ডাৰী পৰীক্ষা বৰ্তমানলৈ নাই হোৱা গতিকে কামবোৰ মোৰো আগবঢ়া নাই। আগন্তুক গীতকেইটাৰ বিষয়ে যদি কওঁ তেতিয়াহ’লে মই এই গীতকেইটিত অকণমান বেলেগ সোঁৱাদ দিবলৈ চাম। কিমান দূৰ সফল হ’ম নাজানো কিন্তু গীতকেইটাত নতুনত্বৰ লগতে মই পূৰণিদিনৰ গীতৰ সুৰ, সংগীত সংযোজন কৰাৰ লগতে ভিন্ন ঠাইৰ বাদ্যযন্ত্ৰকো মই মোৰ গীতসমূহত লৈ আনিব চেষ্টা কৰিম। মোক অকণমান সময়ৰ প্ৰয়োজন; আগন্তুক গীতকেইটা মোৰ বাবে প্ৰত্যাহ্বানস্বৰূপ।”

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform