সীমান্ত ফুকন । নাট্যকৰ্মী । নতুন নাট্য চিন্তাৰে আমাক কেইবাবাৰো ছুই গৈছে । সৰুপৰ্দাতো চাইছো কেইবটাও মন ছুই যোৱা কাম । কথা প্ৰসঙ্গত আজি ( ১৬ জুন , ২০২১ ) পৰিচালক গৰাকীয়ে ক’লে — “
আমাৰ চুটি চিনেমা ‘PAAP’ নিৰ্বাচিত হৈছে ( Official Selection ) FILMINGO INTERNATIONAL SHORT FILM FESTIVAL-2020 ,Mumbai – ত প্ৰদৰ্শনৰ বাবে । চুটি চিনেমা খনৰ প্ৰসঙ্গত পৰিচালক সীমান্ত ফুকনে কয় : পৰিৱৰ্তিত সময়ৰ মেৰপেচত ক্ৰমে খঁহিপৰা সামাজিকতাৰ এক নগ্নৰূপ হ’ল “পাপ”।প্ৰতিটো পুৱা যেন এক ভয় লগা ৰুঢ় বাস্তৱ আমাৰ দুৱাৰ দলিত ৰৈ থাকে হি গোপণে-সংগোপনে। আৰু এক অজান আশংকা,ভয় তথা অনামি উত্তেজনাৰে পাৰ হয় আমাৰ প্ৰতিনিয়ত।আচলতে উদ্দেশ্যহীন ভাৱে গঢ়ি উঠা নগৰীয়া চঞ্চলতাত বিব্ৰত হোৱা মানুহৰ কষ্টকৰ শ্বাস-প্ৰশ্বাসৰ অনুৰণনৰ নিৰ্মোহ ৰেখাংকনেই হ’ল “পাপ”। কাহিনী:মনোজ কুমাৰ গোস্বামীৰ ।https://www.filmingo.in/filmingo-2020-official-selection/ চিত্ৰনাট্য:সীমান্ত ফুকন আৰু অসীম কুমাৰ নাথৰ ,সংগীত:অহিৰ ভৈৰৱৰ। অভিনয় কৰিছে অৰুণ নাথ আৰু চিমি গোস্বামীয়ে।

কথা প্ৰসঙ্গত “অন্য আকাশ” কথা ক’লে পৰিচালক গৰাকীয়ে । ” বয়স বৃদ্ধি এটা স্বাভাবিক প্ৰক্ৰিয়া।এই চুটি ছবিখনত এগৰাকী বয়স্ক ভদ্ৰলোক সৌৰভ হাজৰিকাৰ আবেগ আৰু চহৰীয়া জীৱনৰ বস্তুবাদী সুখ স্বাচ্ছন্দ্যৰ সতে খাপ খাব নোৱাৰা তেওঁৰ অৱস্থাক আলোকপাত কৰাৰ প্ৰয়াস কৰা হৈছে।ব্যক্তিৰ জীৱনত অতীত স্মৃতিয়ে এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহন কৰে।গ্ৰাম্যাঞ্চলত জন্ম হৈ ডাঙৰ দীঘল হোৱা এজন ব্যক্তিয়ে সেই জীৱনৰ সতে সম্পৃক্ত থকা স্মৃতি কেতিয়াও এৰি চলিব নোৱাৰে । মৰম সাদৰ অথবা সকলো প্ৰয়োজনীয়তা পূৰ্ণ হৈ থাকিলেও তেওঁ স্মৃতিকাতৰ হৈ কটায়।জীৱনৰ অধিক সময় যি ঠাইত পাৰ কৰে সেই ঠাইখনলৈ যাবলৈ বা তাতে থাকিবলৈ তেওঁৰ ইচ্ছা হয়।সৌৰভৰ দৰে মানুহে তেনে ঠাইতে মুকলিমুৰিয়া , স্বাধীনতা অনুভৱ কৰে।অৰ্ণবৰ দৰে সততে তেওঁৰ যত্ন লৈ থকা পুত্ৰ থাকিও,অপৰ্ণাৰ দৰে সাদৰী বোৱাৰী থকাৰ পিচতো,ছাঁৰ দৰে থকা বিজিত আৰু মৰমলগা নাতিনী আদৰ পাইয়ো তেওঁ অসম্পূৰ্ণ যেন অনুভৱ হয়।বয়স বৃদ্ধি এক সংবেদনশীল বিষয়। কাহিনী:সীমান্ত ফুকন,চিত্ৰনাট্য-সংলাপ:নৱজ্যোতি বৰা,সংগীত:অহিৰ ভৈৰৱ। মূখ্য চৰিত্ৰত:বিষ্ণু খাৰঘৰীয়া সহযোগী চৰিত্ৰত:গীতাৱলী ৰাজ কুমাৰী,সুনিল আকাশ,ত্ৰিদীপ শৰ্মা। শিশু শিল্পী:হিয়াংগী ফুকন। “

|| সীমান্ত ফুকনৰ আন এক চিনেকৰ্ম “TEARS OF RAIN”….The others. ||
একৈশ শতিকাৰ আধুনিক জীৱনশৈলীয়ে গৰকি যোৱা বিজ্ঞানৰ যুগতো “কিন্নৰ” সকলৰ প্ৰতি মানুহৰ মানসিকতা হয়তো যৎ-কিঞ্চিতহে সলনি হৈছে বা কোনো কোনো ক্ষেত্ৰত সমাজ তথা পৰিয়াল সাপেক্ষে সলনি হোৱাই নাই ৷ কিন্নৰ সকল অ-প্ৰাকৃতিক নহয় ৷ মাথো কিছু শাৰীৰিক পার্থক্যৰ বাবেই তেওঁলোক সমাজৰ আনকি পৰিয়ালৰো অৱহেলিত ৷ শাৰীৰিক পার্থক্য থাকিলেও তেওঁলোকৰ হৃদয়ৰ তাড়না সাধাৰণ লোকৰ সৈতে একে ৷ “Teares of Rain”মূলত তৃতীয় লিংগ সকলৰ প্ৰেম ভালপোৱা, আবেগ অনুভূতি, খং ৰাগ, মান-অভিমান, আক্ষেপ,অভিযোগ আৰু অন্তৰৰ হাঁহাকাৰৰ বর্হি: প্ৰকাশ ৷
কাহিনী:অজন্তা চিত্ৰনাট্য: সীমান্ত ফুকন,গৌতম বৰা,সংগীত:নিপন চুতীয়া। অভিনয়:অৰ্ঘদ্বীপ বৰুৱা,অসীম কৃষ্ণ বৰুৱা,পাকিজা বেগম আৰু পাঁচ গৰাকী প্ৰকৃত কিন্নৰ,শিশু শিল্পী:ৰোহন গৌতম আৰু আদ্ৰিত আনয়ণ।

তিনিওখন চুটি চিনেমা Deep Sea Production ৰ বেনাৰত প্ৰযোজনা কৰিছে চৈয়দ ইচ্মে আলমে,পৰিচালনা:সীমান্ত ফুকন,সহকাৰী পৰিচালক:ৰনাল হুছেইন আৰু প্ৰয়াস ফুকন,চিত্ৰগ্ৰহণ(DOP):পৃথৱী
ৰাজ দত্ত,সম্পাদনা:মানস কাশ্যপ আৰু প্ৰতীম লামা,মেকাপ:বিশ্বজিৎ কলিতা।
Add comment