Rupaliparda.com
৭৮ বছৰ বয়সতো কাম কৰিবলৈ উৎসাহিত অমিতাভ বচ্চনঃ 1

৭৮ বছৰ বয়সতো কাম কৰিবলৈ উৎসাহিত অমিতাভ বচ্চনঃ

৭৮ বছৰ বয়সতো জীৱন তথা কেৰিয়াৰ সক্ৰিয় ভাৱে চলাই নিয়া অভিনেতা গৰাকী হৈছে অমিতাভ বচ্চন। বৰ্তমানেও নৱপ্ৰজন্মৰ সৈতে সক্ৰিয়তাৰে কাম কৰি গৈ আছে অভিনেতা অমিতাভ বচ্চনে; শেহতীয়াকৈ কামৰ কথা ব্যক্ত কৰি বিগ বি অমিতাভ বচ্চনে চচিয়েল মিডিয়াত পোষ্ট কৰে আৰু এই পোষ্টটোত শেহতীয়াকৈ বিভিন্ন জনে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া দিয়া দেখিবলৈ পোৱা গৈছিল। ক’ৰোণা ভাইৰাছৰ দ্বিতীয় লহৰৰ ফলত মহাৰাষ্ট্ৰত ঘোষণা কৰা “লক-ডাউন” ত পৰ্যায়ক্ৰমে শিথিলতা দেখিবলৈ পোৱা গৈছে এতিয়া; আৰু তাৰ পৰিপ্ৰেক্ষিততেই বৰ্তমান ধাৰাবাহিক আৰু ছবিসমূহৰ শ্বুটিং চিড্যুলৰ আৰম্ভণি হৈছে; অমিতাভ বচ্চনেও নিজৰ স্তব্ধ হোৱা ছবিসমূহৰ কাম আকৌ এবাৰ আৰম্ভ কৰাৰ বাবে প্ৰয়াস কৰিছে। বৰ্তমানেও নিজৰ কামক “সন্তুষ্টি” ৰ আখ্যা দিয়া অমিতাভ বচ্চনে এটি পোষ্টৰ জৰিয়তে কয় যে, “কামেই জীৱনৰ সন্তুষ্টি, কামেই জীৱনৰ মুক্তি… মাত্ৰ কাম পাই থাকিব লাগে।” এই পোষ্টটোত য’ত একাংশ অনুৰাগীয়ে তেওঁক কাম কৰি যাবলৈ উৎসাহিত কৰিছে তাতেই আকৌ আন একাংশই তেওঁক এই বয়সত অকণমান আৰাম কৰিবলৈ আহ্বান জনাইছে।

https://twitter.com/SrBachchan/status/1404509333988118529?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1404509333988118529%7Ctwgr%5E%7Ctwcon%5Es1_&ref_url=https%3A%2F%2Fwww.jagran.com%2Fentertainment%2Fbollywood-78-years-old-amitabh-bachchan-crave-for-more-work-users-troll-the-actor-advises-to-take-rest-21739534.html
৭৮ বছৰ বয়সতো কাম কৰিবলৈ উৎসাহিত অমিতাভ বচ্চনঃ 2


বিগত দিনত, অমিতাভ বচ্চনে ভেকচিনৰ প্ৰথমটো পালি গ্ৰহণ কৰি চচিয়েল মিডিয়া জৰিয়তে প্ৰত্যেককে জানিবলৈ দিছিল। তেওঁ নিজ ব্লগ যোগে এই কথা স্পষ্ট কৰিছিল যে তেওঁ সহিতে তেওঁৰ সমগ্ৰ পৰিয়ালবৰ্গই লগাইছে ভেকচিন। তেওঁলোকে ক’ভিড পৰীক্ষা কৰোৱাইছিল য’ত ৰিজাল্ট নিগেটিভ অহাৰ ফলত আটাইয়ে ভেকচিন ল’বলৈ সক্ষম হয়। বিগত বৰ্ষৰ “লক-ডাউন” ৰ সময়ছোৱাত অৱশ্যে ক’ৰোণা গ্ৰাসত সোমাইছিল অভিষেক, অমিতাভ তথা ঐশ্বৰ্য্য আৰু আৰাধ্যা। সেই সময়ছোৱাত আটাইবোৰ ব্যক্তি কোৱাৰেন্টাইন হোৱাৰ সমান্তৰালকৈ চচিয়েল মিডিয়া যোগে কাষ চাপিছিল জনসাধাৰণৰ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform