নৱপ্ৰজন্মৰ একাংশৰ শব্দবোৰ অথবা তেওঁলোকৰ কথাবোৰ ইমানেই অধিক হৃদয়স্পৰ্শী যে তেওঁলোকে কৰা সৃষ্টি সমূহক লৈ প্ৰতিটো সময়ত উৎসাহিত হৈ থাকিব পৰা যায়। অইনতকৈ তুলনামূলকভাৱে তেওঁলোকৰ সৃষ্টি সমূহৰ গণনা যদিও কম তথাপিও সেই প্ৰকল্পসমূহত আছে অন্য এক সোঁৱাদ। আমি আজি কথাবোৰ দীঘলীয়া নকৰো; আজি যাৰ কথা আপোনালোকৰ ওচৰত ক’বলৈ ওলাইছো তেওঁৰ বিষয়ে সংক্ষিপ্ত আভাস কিছুদিন পূৰ্বে এই পেজটোৰ জৰিয়তে দিছো। তেওঁৰ নাম হৈছে বুদ্ধজ্যোতি বেজবৰুৱা; আগন্তুক সময়ছোৱাত তেওঁৰ কথাৰে আহিবলগীয়া একাংশ সুন্দৰ প্ৰকল্পৰ সাক্ষী হৈ ৰ’ব আপোনালোক। জনপ্ৰিয় গীত “উশাহ” ৰ পিছত প্ৰতিভাগৰাকীৰ আন প্ৰকল্পসমূহৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “উশাহ” ৰ পিছত নিখিল জ্যোতি শৰ্মা আৰু ৰাজনীশ শইকীয়াৰ কন্ঠত মোৰ এটি গীত ‘তোমাৰ সপোন’ য়ে মুক্তি লাভ কৰিছিল; পৰৱৰ্তী সময়ত, অনুৰাগ শইকীয়াৰ কণ্ঠত ‘দুচকুত এমুঠি সপোন’ শীৰ্ষক এখনি চুটি ছবিৰ বাবে কৰা এটি গীতে মুক্তি লাভ কৰে। অনাগত প্ৰকল্পসমূহৰ ভিতৰত ‘হেঙুলীয়া’ নামৰ এটি গীতৰ কাম কৰি থকা হৈছে; গীতটিত কন্ঠদান কৰিছে বৰ্তমান সময়ৰ দুগৰাকী জনপ্ৰিয় প্ৰতিভা ক্ৰমে সান্নিধ্য ভূঞা তথা ৰেপাৰ মিনিমিয়ে। সংগীত ব্যৱস্থাপনাত আছে ত্ৰিভাংগন; তেওঁৰ ষ্টেজ নাম ট্ৰিভ। ইয়াৰ লগতে নিখিল জ্যোতি শৰ্মা তথা ভাৰ্গৱ ওজাপালিৰ যুটীয়া কণ্ঠত (এই পৰ্যন্ত অশীৰ্ষক) আন এটি গীতৰ কাম কৰি আছো। তদুপৰি দেবব্ৰত শইকীয়া তথা বেদব্ৰত শইকীয়াৰ যুটীয়া কণ্ঠত ‘পোহৰৰ আশা’ নামৰ আন এটি গীতৰ কাম কৰি থকা হৈছে। সমান্তৰালকৈ, মিজু মিৰ্জানুৰৰ সৈতে মোৰ আন দুটি গীতৰ কাম চলি আছে। আৰু, ইয়াৰ লগতে সংগীত ব্যৱস্থাপক ৰণদীপ শইকীয়াৰ সৈতে আন বহুকেইটা বিশেষ প্ৰকল্পৰ কাম চলাই আছো যিসমূহক লৈ আমি বহুখিনি আশাবাদী। আশা কৰিছোঁ ৰাইজে আমাৰ কামখিনি আকোঁৱালি ল’ব পূৰ্বৰ দৰেই।”
বুদ্ধৰ মতে, এগৰাকী “শিল্পী” কোন বুলি প্ৰশ্ন কৰাত তেওঁ কয় যে, “এটা বাক্যত ক’বলৈ হ’লে “শিল্পী” অভিধাটো তেতিয়া খাপ খাব যেতিয়া মানৱ মনৰ তুলিকা তুলি তেওঁ বুলাব পাৰিব মহাজাগতিক এক সৃষ্টিৰ ৰহণ সৰ্বত্ৰ আৰু সেই ৰহণ বুটলি তাৰ পৰা জাগ্ৰত, নিনাদিত হ’ব এক আলোড়ন, এক বিশ্ববিমোহন ৰূপান্তৰৰ। এইক্ষেত্ৰত বহু কাৰকে ক্ৰিয়া-প্ৰতিক্ৰিয়া কৰি থাকে। এক বিশেষ অধ্যয়নশীল তথা সমাজমুখী আৰু লগতে এটি সপ্ৰতিভ, মুকলি মনৰ চিন্তাৰ গৰাকী হৈ যি জগতৰ বাবে প্ৰকৃতাৰ্থত কিছু কৰ্ম কৰে, যাৰ সৃজনীশীলতাই অনুপ্ৰেৰিত কৰে নতুনক, যিয়ে নিজৰ লগতে আগুৱাই নিয়ে কিছুমান খোজ তেওঁয়েই “শিল্পী”। সেইবাবে তেওঁ অমৰ; গায়ক হোৱাটো অথবা জনপ্ৰিয় হোৱাটো সহজ; কিন্তু শিল্পী হোৱাটো কঠিন।” এটি সংগীতৰ সফলতা/বিফলতা কি বুলি কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, “মোৰ বাবে আত্মসন্তুষ্টি বিষয়টো অতি গুৰুত্বপূৰ্ণ। মোৰ বাবে সেইটো গীতহে সফল যদি গীতটো লিখি অথবা গীতটোৰ কামখিনি কৰি নিজৰ আত্মপৰিতৃপ্তিৰ সৈতে মুখামুখি হ’বলৈ সক্ষম হোৱা যায়। অন্যথা, আলোকৰ অযুত পোহৰৰ মাজতো ক’ৰবাত নহয় ক’ৰবাত কিছু এন্ধাৰ ৰৈ থাকিব আপোনাৰ বাবে; আৰু, তেনে প্ৰেক্ষাপটত নিজৰ পৰাই নিজকে লুকুৱাবলৈ জটিল হৈ পৰে। গতিকে মোৰ বাবে প্ৰথম কথা গীত এটি মই নিজৰ বাবে লিখো।”
আগলৈ তেওঁ কয় যে, “মোৰ আত্মাই যেতিয়া সন্তুষ্টিৰ সোঁৱাদ লভিবলৈ সক্ষম হয় তেতিয়াই মোৰ গীতটোৱেও মোক সফলতাৰ এক বিশেষ সোঁৱাদ দিয়ে আৰু ইয়াৰ পৰা মোৰ মনৰ সৈতে ৰাইজ তথা শ্ৰোতাৰ এক বিশেষ সংযোগ গঠন হয়। নিশ্চয়কৈ, মই বিচাৰো ৰাইজেও মোৰ হৃদয়ৰ ভাষাবোৰৰ সৈতে একাত্ম হ’বলৈ সক্ষম হওঁক আৰু সেই আশাত মোৰ আত্মাই ক’ব খোজা কথাখিনি মই হৃদয়ৰে আগবঢ়াই দিবলৈ চেষ্টা কৰো। গতিকে আত্মসন্তুষ্টিত লুকাই থাকে সেই গীতটি সফল নে বিফল। এইখিনিতে, এই কথা ক’বলৈ সুবিধা দিয়াৰ বাবে মই এই সুযোগতে ৰূপালীপৰ্দা পেজটোকো ধন্যবাদ জ্ঞাপন কৰিছোঁ।”
Add comment