Rupaliparda.com
"মোৰ কাৰণে যিয়ে সৃষ্টি কৰে সেয়াই "শিল্পী"- মৈত্ৰী দাস 1

“মোৰ কাৰণে যিয়ে সৃষ্টি কৰে সেয়াই “শিল্পী”- মৈত্ৰী দাস

আমাৰ মনোৰঞ্জন ক্ষেত্ৰখন যথেষ্ট সক্ৰিয়; সেইবাবেই ইয়াৰ সৈতে জড়িত প্ৰতিজন কলা-কুশলীয়ে নিজৰ সৃষ্টিটোক সুন্দৰ কৰি তুলিবলৈ প্ৰয়াস কৰে। তেওঁলোকে এইক্ষেত্ৰখনত লাভ কৰা সৰু-বৰ প্ৰতিটো সুবিধা গ্ৰহণ কৰি তাৰ উৎকৃষ্ট নিদৰ্শন আমাৰ মাজত দাঙি ধৰাৰ চেষ্টা কৰে। আপোনালোকে নিশ্চয় এনে বহু প্ৰতিভাৰ বিষয়ে জানিবলৈ পাইছে যিয়ে অতি সৰু কালৰে পৰা এই মনোৰঞ্জন ক্ষেত্ৰখনত সক্ৰিয়ভাৱে জড়িত হৈ আছিল। নিজক পূৰ্বতকৈ আৰু অধিক উন্নত কৰিবলৈ নিৰৱিচ্চিন্ন প্ৰয়াস অব্যাহত ৰখাৰ চেষ্টা কৰিছিল। শেহতীয়াকৈ আমি সৰুৰ পৰাই সক্ৰিয় এগৰাকী প্ৰতিভা মৈত্ৰী দাসৰ সৈতে পাতিছিলো কিছু কথা; ১২ বছৰ বয়সতেই চেতনা দাসৰ পৰিচালনাৰে ৰবীন্দ্ৰ ভৱনত মঞ্চস্থ হোৱা নাটকৰ সৈতে জড়িত আছিল মৈত্ৰী দাস। তেওঁক আৰম্ভণিৰ বিষয়ে প্ৰশ্ন কৰাত তেওঁ কয় যে, “মই হায়দৰাবাদত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰিলো আৰু বিগত ২০১৮ বৰ্ষত মই উভতি আহিছিলো অসমলৈ। পেছাগত ভাৱে সেই সময়ৰ পৰাই মই জড়িত মনোৰঞ্জন ক্ষেত্ৰখনৰ সৈতে। কিন্তু সৰু কালৰে পৰা নাটক আৰু সত্ৰীয়া নৃত্যৰ সৈতে জড়িত আছিলো; মোৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ ছবি হৈছে “বৰষুণ- Songs for Rain”। যিখন ছবিয়ে শেহতীয়াকৈ ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ভিন্ন খন ছবি সমাৰোহত মনোনয়ন লাভ কৰাত সক্ষম হৈছে। ইয়াৰ উপৰিও, মই প্ৰায় ৫ খন চুটি ছবি আৰু ২৫ খনতকৈ উৰ্দ্ধত নাটকত অভিনয় কৰিছো; আনহাতে হায়দৰাবাদত অধ্যয়ন কৰি থকা সময়ত” Grim Pumpkin Theatre” নামে এটি থিয়েটাৰ গোষ্ঠীৰ সৈতেও জড়িত হৈ নাট প্ৰদৰ্শন কৰিছো। লগতে, মহেশ ডাট্টানীৰ “On a Muggy Night in a Mumbai” নামে নাটখন মই তেলেংগনা প্ৰাইড পেৰেডৰ বাবে পৰিচালনা কৰিছো।

"মোৰ কাৰণে যিয়ে সৃষ্টি কৰে সেয়াই "শিল্পী"- মৈত্ৰী দাস 2


তেওঁ আগলৈ কয় যে, শেহতীয়াকৈ, মই কলকাতাস্থিত “Crucible- KCC Art Laboratory” ৰ তৰফৰ পৰা এটা সুন্দৰ সুযোগ লাভ কৰিবলৈ সক্ষম হৈছিলো। যাৰ অধীনত মই মোৰ একক অভিনয়েৰে “The Baak of Maguri” নাটখনৰ পৰৱৰ্তী সময়ৰ শ্ব’ সমূহত অভিনয় কৰিবলৈ আখৰা চলাই আছো।” অভিনেত্ৰী ৰূপে কেনেধৰণৰ চৰিত্ৰক লৈ মৈত্ৰী আকৰ্ষিত বুলি প্ৰশ্ন কৰাত তেওঁ কয় যে, “চৰিত্ৰবোৰ যাতে একঘেয়ামি নহয়; তাত অলপ হ’লেও গভীৰতা তথা জটিলতা থকাৰ দৰকাৰ বুলি মই ভাবো। চৰিত্ৰবোৰ জটিল অথবা প্ৰত্যাহ্বানমূলক হ’লেহে অভিনয় কৰাৰ মজাটো লাভ কৰা যায়।” তেওঁৰ মতে, এগৰাকীৰ “শিল্পী” ৰ সংজ্ঞা কি জানিবলৈ বিচৰাত তেওঁ কয় যে, “শিল্পী বুলি ক’বলৈ গ’লে ৰোমাণ্টিক দৃষ্টিভংগীৰে চোৱাৰ এটা প্ৰৱণতা আছে আমাৰ সমাজত। কিন্তু, মোৰ কাৰণে যিয়ে সৃষ্টি কৰে সেয়াই “শিল্পী”; লগা হ’লে সেই শিল্পী গৰাকী কলা মাধ্যমৰ সৈতে জড়িত হওঁক বা নহওঁক। আগন্তুক পৰিকল্পনাৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “দুখন নাটকৰ কামত ব্যস্ত আছো; এখনৰ স্ক্ৰীপ্ট লিখি আছো। ৯০ দশকৰ অসমৰ সামাজিক-ৰাজনৈতিক অৱস্থাৰ নাৰীবাদী দৃষ্টিভংগীক কেন্দ্ৰ কৰি স্ক্ৰীপ্ট খনৰ কাম কৰি থকা হৈছে। আনহাতে, “The Baak of Maguri” নামে আন এখন নাটকৰ পৰৱৰ্তী শ্ব’ সমূহৰ বাবে আখৰা চলি আছে।”

"মোৰ কাৰণে যিয়ে সৃষ্টি কৰে সেয়াই "শিল্পী"- মৈত্ৰী দাস 3
"মোৰ কাৰণে যিয়ে সৃষ্টি কৰে সেয়াই "শিল্পী"- মৈত্ৰী দাস 4

আগলৈ তেওঁ কয় যে, আন কিছু পৰিকল্পনাও আছে যি হয়টো সময়ে সময়ে আপোনালোকক জনাব পালে আৰু অধিক সুখী হ’ম।” মৈত্ৰী দাসৰ আহিবলগীয়া প্ৰতিটো প্ৰকল্প তথা পৰিকল্পনাক লৈ ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform