Rupaliparda.com

উৰন্ত শিখ” মিলখা সিঙৰ মৃত্যুত শোকাহত প্ৰতিজন; বায়’পিকৰ বাবে ফাৰহানে লৈছিল ১ টকাঃ

“উৰন্ত শিখ” খ্যাত ভাৰতবৰ্ষৰ অন্যতম দৌৰবিদ মিলখা সিঙৰ মৃত্যুত শোকাহত প্ৰত্যেকজন জনসাধাৰণ। ১৮ জুনৰ নিশা প্ৰায় ১১.৩০ বজাত ৯১ বছৰত শেষ নিশ্বাস ত্যাগ কৰে মিলখা সিঙে। ক’ভিড মহামাৰীয়ে আকৌ এবাৰ আনগৰাকী মহান আত্মাক আমাৰ মাজৰ পৰা কাঢ়ি নিলে; উল্লেখ্য যে, তেওঁৰ পত্নী নির্মল কৌৰৰো ক’ভিড পজিটিভ হৈছিল আৰু মিলখা সিঙৰ মৃত্যুৰ ৫ দিন পূৰ্বেই মৃত্যু হয় তেওঁৰ পত্নী নির্মল কৌৰৰ। ভাৰতবর্ষৰ অন্যতম শ্ৰেষ্ঠ দৌৰবিদ আছিল মিলখা সিং। দেশৰ হৈ প্রতিনিধিত্ব কৰি ৪ বাৰ এচিয়ান গেমছত চেম্পিয়ন হয়। তেওঁৰ মৃত্যুত শেহতীয়াকৈ শোক প্ৰকাশ কৰিছে চিলেব্ৰেটীৰ পৰা আৰম্ভ কৰি নেতা তথা সাধাৰণ জনসাধাৰণেও। মিলখা সিঙৰ জীৱনীৰ ওপৰত কেন্দ্ৰ কৰি বলীউডত নিৰ্মাণ কৰা হৈছিল “ভাগ মিলখা ভাগ” ছবিখন। কিন্তু, য’ত একাংশ মহান চিলেব্ৰেটীয়ে নিজ ছবি নিৰ্মাণৰ বাবে কোটি কোটি টকাৰ মাননী বিচাৰে তাতেই আকৌ মিলখা সিঙৰ জীৱনৰ ওপৰত নিৰ্মিত ছবিখনৰ বাবদ পৰিচালকৰ পৰা অভিনেতা ফাৰহান আখতাৰে বিচাৰিছিল মাত্ৰ ১ টকা। আপোনালোকৰো হয়টো কথাষাৰ বিশ্বাস হোৱা নাই নহয়নে? কিন্তু এয়াই হৈছে সঁচা; অৱশ্যে এই ১ টকাৰ নোটখনৰো আছে এক বিশেষ বৈশিষ্ট্য। এই ১ টকাৰ নোট খন ১৯৫৮ চনৰ আছিল; যেতিয়া মিলখা সিঙে ৰাষ্ট্ৰমণ্ডল খেল সমূহত স্বতন্ত্ৰ ভাৰতৰ বাবে স্বৰ্ণ পদক লাভ কৰিছিল। তেনেক্ষেত্ৰত, সেই সময়ৰ ১ টকীয়া নোট খন লাভ কৰি ফাৰহান আৱেগিক হৈ পৰিছিল।

উৰন্ত শিখ" মিলখা সিঙৰ মৃত্যুত শোকাহত প্ৰতিজন; বায়'পিকৰ বাবে ফাৰহানে লৈছিল ১ টকাঃ 1


অৱশ্যে, ২০১৩ চনত মিলখা সিঙৰ জীয়ৰীয়ে পিতৃৰ ওপৰত “Race Of My Life” নামে এখন কিতাপ লিখি উলিয়াইছিল। এই কিতাপখনৰ প্ৰকাশ হোৱাৰ পিছতেই পৰিচালক ৰাকেশ ঔঁম প্ৰকাশ মেহৰাই এই ছবিখন নিৰ্মাণৰ পৰিকল্পনা কৰে। প্রধানমন্ত্রী নৰেন্দ্র মোদী, উপ-ৰাষ্ট্রপতি বেঙ্কাইয়া নাইডুৰ পৰা ক্রিকেটাৰ যুৱৰাজ সিং, সকলোৱেই দেশৰ এইগৰাকী সৰ্বকালৰ শ্ৰেষ্ঠ ক্ৰীড়াবিদৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি শ্রদ্ধা জ্ঞাপন কৰিছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform