Rupaliparda.com
সুনীতা কৌশিকৰ চেমি ক্লাচিকেলৰ তিনিদিনীয়া কৰ্মশালা 1

সুনীতা কৌশিকৰ চেমি ক্লাচিকেলৰ তিনিদিনীয়া কৰ্মশালা

বৰ্তমান কোনোজন ব্যক্তিয়েই যেন এনেই বহিব বিচৰা নাই; এয়া সাধাৰণজনৰ ক্ষেত্ৰতেই হওঁক অথবা কোনো অভিনেতা-অভিনেত্ৰীৰ ক্ষেত্ৰতেই হওঁক। নিজ নিজ প্ৰতিভাৰে তেওঁলোক নিজে ব্যস্ত হৈ থকাৰ সমান্তৰালকৈ জনসাধাৰণৰ সমুখতো তেওঁলোকৰ প্ৰতিভা সমূহ দাঙি ধৰা দেখিবলৈ পোৱা গৈছে। সৰুতেই ফণী শৰ্মাৰ প্ৰসিদ্ধ নাটক “ভোগজৰা” ত অভিনয় কৰাৰ সুযোগ লাভ কৰা সুনীতা কৌশিকৰ অনুৰাগীৰ সংখ্যা এতিয়া সৰ্বাধিক। তেজপুৰৰ জীয়ৰী সুনীতা বৰ্তমান অসমৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী। অৰুণ নাথ, মৃদুল গুপ্তা তথা প্ৰবীণ হাজৰিকা আদি পৰিচালকৰ সৈতে কাম কৰা এই অভিনেত্ৰী গৰাকীয়ে নিজৰ কেৰিয়াৰৰ টাৰ্ণিং পইন্টতো লাভ কৰিছিল ধাৰাবাহিক “অনুৰাধা” ৰ জৰিয়তে। অভিনয়ৰ লগতে নৃত্যৰ সৈতেও ওতঃপ্ৰোত ভাৱে জড়িত অভিনেত্ৰী গৰাকী। “লক-ডাউন” ত প্ৰত্যেকগৰাকী অভিনেত্ৰীয়ে কোনো নহয় কোনো মাধ্যমেৰে দৰ্শকক মনোৰঞ্জন কৰোৱাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে। কেতিয়াবা তেওঁলোকে কোনো ব্যঞ্জন তৈয়াৰ কৰি দৰ্শকৰ মাজত ৰেচিপি শ্বেয়াৰ কৰিছে নহ’লে আকৌ নিজৰ নৃত্য প্ৰতিভাৰে দৰ্শকক আকৰ্ষণ কৰিছে। এগৰাকী অভিনেত্ৰী যে কেৱল মাত্ৰ বিভিন্ন প্ৰকাৰৰ চৰিত্ৰ ৰূপায়ন কৰাতেই ব্যস্ত হৈ থাকে তেনে নহয়; তেওঁলোকৰ নৃত্যও হৈছে মনপৰশা। নৃত্য আৰু অভিনয় ক্ষেত্ৰত সমানেই দক্ষতা থকা অভিনেত্ৰী সমূহৰ মাজৰ এগৰাকী হৈছে সুনীতা কৌশিক। নিজ বাসগৃহতেই কথক নৃত্য প্ৰদৰ্শনেৰে দৰ্শকক আমোদ দিছে। শেহতীয়াকৈ অভিনেত্ৰী গৰাকীয়ে নৃত্যৰ প্ৰতি আকৰ্ষিত একাংশৰ বাবে অনলাইন যোগে তিনিদিনীয়া চেমি ক্লাচিকেলৰ কৰ্মশালা অনুষ্ঠিত কৰিছিল। ১৮ জুনৰ পৰা ২০ জুনলৈ মুঠ তিনিদিনীয়া কাৰ্যসূচীৰে তেওঁ অইন একাংশ ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰিছিল চেমি ক্লাচিকেলৰ মৌলিক শিক্ষা।

সুনীতা কৌশিকৰ চেমি ক্লাচিকেলৰ তিনিদিনীয়া কৰ্মশালা 2


সুনীতা কৌশিকক শেষবাৰৰ বাবে “সাগৰিকা” নামে এখন ধাৰাবাহিকৰ মূখ্য চৰিত্ৰ ৰূপায়ন কৰা দেখিবলৈ পোৱা গৈছিল যদিও অসমীয়া গীত সমূহত প্ৰায়ে তেওঁক দেখিবলৈ পোৱা যায়। ইয়াৰ উপৰিও, তেওঁ প্ৰায়ে চচিয়েল মিডিয়াত একটিভ হৈ বিভিন্ন পোষ্ট আপলোড কৰি দৰ্শকক মনোৰঞ্জনো কৰোৱায়।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.