Rupaliparda.com
ৰাকেশ ৰিয়ান আৰু গীতালী দেৱীৰ যুঁটিৰে আহি আছে নতুন গীতঃ 1

ৰাকেশ ৰিয়ান আৰু গীতালী দেৱীৰ যুঁটিৰে আহি আছে নতুন গীতঃ

ৰাকেশ ৰিয়ান আৰু গীতালী দেৱীৰ যুঁটিৰে আহি আছে নতুন গীত। ৰাকেশ ৰিয়ানে এক চচিয়েল মিডিয়া পোষ্ট যোগে এই আভাষ দিছে শ্ৰোতা-দৰ্শকক। ইয়াৰ সমান্তৰালকৈ গীতটিক লৈ দুয়োগৰাকী কণ্ঠশিল্পীৰ অনুৰাগী উৎসাহিত হৈ পৰিছে। কিছুদিন পূৰ্বে, এটি কন্যা সন্তানৰ পিতৃ হৈছিল কণ্ঠশিল্পী ৰাকেশ ৰিয়ান। বিগত বৰ্ষত বিবাহ পাশত আৱদ্ধ হৈছিল কন্ঠশিল্পী গৰাকী; তেওঁ বিবাহ উৎসৱেও আচলতে চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছিল সচেতন মহলত। উল্লেখ্য যে, বিবাহৰ পিছৰ পৰাই ৰোমান্টিক গীতৰ ক্ষেত্ৰত ৰাকেশ ৰিয়ানৰ এক বিশেষ দখল থকা দেখিবলৈ পোৱা গৈছে। বিগত কেইটামান মাহৰ ভিতৰতেই তেওঁ কন্ঠদান কৰা গীত ক্ৰমে “অ’ মোৰে জান”, “তোমাৰেই নামত” আৰু “আধৰুৱা সপোন” ক লৈ উৎসাহী তেওঁৰ অনুৰাগীও। শেহতীয়াকৈ মুক্তি লাভ কৰা “এখনি সৰু হৃদয়” শীৰ্ষক গীতটিও শ্ৰোতা-দৰ্শকৰ পৰা লাভ কৰিছে সমাদৰ। ২০০৮ চনত মুক্তিপ্ৰাপ্ত “জীঁয়া ঔ” শীৰ্ষক গীতটিৰে অসমীয়া সংগীত ক্ষেত্ৰখনত সোমাই পৰা ৰাকেশ ৰিয়ান শ্ৰোতা ও দৰ্শকৰ মাজত অধিক জনপ্ৰিয় হৈ পৰিছিল “দীপৰ বিলতে” শীৰ্ষক গীতটিৰ পৰাহে। তিনিচুকীয়া কাকপথাৰত জন্মগ্ৰহণ কৰা এই গৰাকী কন্ঠশিল্পীৰ বৰ্তমান প্ৰতিটো গীতেই সাৱটিছে জনপ্ৰিয়তা।


অসমীয়া সংগীত ক্ষেত্ৰখনৰ এক জনপ্ৰিয় তথা চিনাকী নাম হৈছে গীতালী দেৱীৰ। প্ৰায় বোৰ গীতেৰেই দৰ্শক আৰু শ্ৰোতাৰ ধ্যান আকৰ্ষণ কৰা গীতালীৰ প্ৰত্যেকটো গীতত জনপ্ৰিয়তা আচলতে নুই কৰিব পৰা নাযায়। তেজপুৰৰ জীয়ৰী তথা অসমৰ জনপ্ৰিয় গায়িকা গীতালী কাকতিৰ কন্ঠৰ প্ৰায় সংগীতেই বৰ্তমান সাধাৰণজনৰ মুখে মুখে। “ছেলফী ৰাণী”, “পাগল পাগল মন”, “এনাইদেউ” আৰু অলপতে জনপ্ৰিয় হৈ উঠা গীত “প্ৰীতি ভৰা” আৰু “ঘপককৈ” ৰ লগতে বিভিন্ন বিহু গীতত কন্ঠ নিগৰাই এতিয়া হাজাৰ হাজাৰ দৰ্শকৰ হৃদয়ত কন্ঠশিল্পী গৰাকী।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.