Rupaliparda.com
তেমুৰ আলি খানৰ অনুৰাগীৰ লিষ্টত শীৰ্ষত ৰণৱীৰ কাপুৰঃ 1

তেমুৰ আলি খানৰ অনুৰাগীৰ লিষ্টত শীৰ্ষত ৰণৱীৰ কাপুৰঃ

বলীউডৰ ষ্টাৰ কিডচ্ সমূহৰ অনুৰাগীৰ সংখ্যা আচলতে কোনো ষ্টাৰতকৈ কম নহয়। এই লিষ্টখনত যদি সকলোতকৈ আগত নাম ল’বলগীয়া হয় তেতিয়াহ’লে সেইজন হ’ব কৰীণা কাপুৰ আৰু ছেইফ আলি খানৰ পুত্ৰ তেমুৰ আলি খান। আচলতে, কি বলীউড, কি হলীউড অথবা কি জলীউড; তেমুৰ আলি খানৰ সৰু সৰু কিছুমান ভংগিমাই তথা পেপৰাজীৰ সমুখত তেওঁ ফটো উঠিবলৈ দিয়া প’জ সমূহে তেওঁৰ প্ৰতি প্ৰত্যেককে আকৰ্ষিত কৰে। এইখিনিতে, জানিব পৰা গৈছে যে সাধাৰণজনৰ লগতে তেমুৰ আলি খানৰ অনুৰাগী হৈছে অভিনেতা তথা সম্পৰ্কত তেমুৰৰ মামা ৰণৱীৰ কাপুৰো।পূৰ্বৰে এক সাক্ষাৎকাৰ যোগে ৰণৱীৰে কৈছিল যে তেমুৰৰ ফটোসমূহ তেওঁ অনলাইন চাই থাকে; চাৰি বছৰ বয়সৰ পৰা তেমুৰৰ চুলিৰ ধৰণৰ পৰা আৰম্ভ কৰি তেওঁৰ প্ৰতিটো বস্তুৱে ৰণৱীৰক আকৃষ্ট কৰি ৰাখিছিল। আনহাতে, ৰণৱীৰে কয় যে সৰুতে তেওঁ তেমুৰৰ দৰে ইমান চঞ্চল নাছিল আৰু তেতিয়া পেপৰাজিও নাছিল। মাত্ৰ ৰাইজে গম পাইছিলে যে ৰণৱীৰ আৰু ৰিদ্ধিমা ঋষি কাপুুৰৰ সন্তান।


চলিত বৰ্ষৰ ৯ মাৰ্চ তাৰিখে ৰণৱীৰ কাপুৰৰ মাতৃ নিতু কাপুৰে এক পোষ্ট যোগে জনাইছিল যে নিজ পুত্ৰ ৰণৱীৰ কাপুৰৰ ক’ভিড ৰিজাল্ট পজিটিভ আহিছিল আৰু তেওঁ বাসগৃহত কোৱাৰেন্টাইন হৈ আছে। আলিয়া ভাট আৰু ৰণৱীৰ কাপুৰ ব্যস্ত হৈ আছিল তেওঁলোকৰ আগন্তুক ছবি “ব্ৰহ্মাস্ত্ৰ” ৰ ডাবিঙত; কিন্তু, যিহেতু অভিনেতা ৰণৱীৰ কাপুৰ ক’ৰোণা পজিটিভ হ’ল ফলত এই আটাইবোৰ স্তব্ধ হৈ পৰিছিল।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.