Rupaliparda.com
"সাধনাৰ অন্ততহে এজন শিল্পী বুলি পৰিগণিত হয়"- ৰূপম শইকীয়া 1

“সাধনাৰ অন্ততহে এজন শিল্পী বুলি পৰিগণিত হয়”- ৰূপম শইকীয়া

আমি আপোনালোকক প্ৰায় সময়তে আমাৰ অসমীয়া সংগীত ক্ষেত্ৰখন কিমান চহকী সেই বিষয়ে উনুকিয়াই থাকোঁ। নহয়নে? অৱশ্যে সেয়া নুই কৰিবও পৰা নাযায় ; তাৰ সমান্তৰালকৈ আমি আমাৰ অভিনয় ক্ষেত্ৰখনৰ বিষয়টো সেই একেই সক্ৰিয়তাই দেখিবলৈ পাওঁ। বৰ্তমান সময়ত এটা সুঠাম দেহা অথবা ধুনীয়া মুখ এখনেহে যে অভিনেতা অথবা অভিনেত্ৰী ৰূপে চিনাকী লাভ কৰিবলৈ সক্ষম হ’ব তেনে নহয়; আজিৰ তাৰিখত এটা চৰিত্ৰক সুন্দৰ ৰূপত ৰূপায়ণ কৰিব পৰা জনেই অভিনেতা নাইবা অভিনেত্ৰীৰ মৰ্যাদা লাভ কৰিবলৈ সক্ষম হয়। আপোনালোকে বলীউডত ইতিমধ্যে তেনে উদাহৰণ বহু পাইছে। নৱাজুদ্দিন চিড্ডিকী, পংকজ ত্ৰিপাঠী আদি হৈছে উৰ্দ্ধৃত কথাষাৰৰ সুন্দৰ নিৰ্দশন। ঠিক তেনে এক প্ৰক্ৰিয়া শেহতীয়াকৈ আৰম্ভ হৈছে অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনতো; বৰ্তমান সময়ত অধিকাংশ এনে প্ৰতিভা ওলাই আহিছে যিয়ে প্ৰতিটো সময়ত নতুনত্ব দিয়াৰ চেষ্টা কৰে। চৰিত্ৰসমূহৰ সুন্দৰ ৰূপায়ণৰ দ্বাৰা তেওঁলোকে বাৰ্তা প্ৰেৰণৰ চেষ্টা কৰে। আমি আজি এনে এগৰাকী অভিনেতাৰ বিষয়ে আপোনালোকক জনাবলৈ ওলাইছো; যাৰ হয়টো বহু বেছি প্ৰকল্প আপোনালোকে উপভোগ কৰা নাই, তথাপিও তেওঁ নিৰৱচ্চিন্ন সাধনা কৰিছে এই অভিনয়ৰ দিশটোত। আজি ৰূপালীপৰ্দাৰ দেওবাৰৰ অতিথি গৰাকী হৈছে এগৰাকী অভিনেতা ৰূপম শইকীয়া। চাওঁচোন আহকঃ

"সাধনাৰ অন্ততহে এজন শিল্পী বুলি পৰিগণিত হয়"- ৰূপম শইকীয়া 2

প্ৰশ্নঃ অভিনয় ক্ষেত্ৰখনৰ সৈতে তুমি কেতিয়াৰ পৰা জড়িত?

ৰূপম শইকীয়াঃ সাংস্কৃতিক ক্ষেত্ৰখনৰ সৈতে মই সৰুৰে পৰাই জড়িত; তেতিয়া হয়টো তৃতীয়মান শ্ৰেণীত আছিলোঁ, ননৈ সম্প্ৰীতি সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত এখন ঢোল বাদন কৰ্মশালা অনুষ্ঠিত কৰা হৈছিল আৰু তাত তেতিয়া মইও অংশগ্ৰহণ কৰি ঢোল বজাবলৈ শিকিলোঁ। এতিয়া অৱশ্যে সেই ঢোলৰ চৰ্চা নাইকিয়া হ’ল যদিও বজাও মাজে-সময়ে I সমান্তৰালকৈ, মই যেতিয়া ননৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পঞ্চম শ্ৰেণীত নাম লগালো তাত তেতিয়া প্ৰত্যেক বছৰে সুকুমাৰ কলা অনুষ্ঠিত হয় আৰু প্ৰত্যেকে বছৰে মই অংশ লৈছিলোঁ। বিশেষকৈ, তেতিয়াৰ পৰাই মোৰ এই নাটক কৰা আৰু অভিনয়ৰ পোকটো মনত সোমালে। অভিনয়ক ভাল পাবলৈ আৰম্ভ কৰিলোঁI এতিয়া ভাল অভিনেতা হোৱাৰ ইচ্ছা, আগলৈ ভাল ভাল চিনেমাসমূহত অভিনয় কৰিবলৈ বৰ ইচ্ছা আছে; এনেক্ষেত্ৰত আপোনালোকৰ আশীৰ্বাদ সদায় লাগিব I

প্ৰশ্নঃ এগৰাকী অভিনেতা ৰূপে, তুমি কেনেধৰণৰ চৰিত্ৰক লৈ আকৰ্ষিত?

"সাধনাৰ অন্ততহে এজন শিল্পী বুলি পৰিগণিত হয়"- ৰূপম শইকীয়া 3

ৰূপম শইকীয়াঃ মই ভাবো, প্ৰত্যেকটো চৰিত্ৰ ৰূপায়ন কৰিবলৈ প্ৰস্তুত থাকিব লাগে অভিনেতা বা অভিনেত্ৰী এগৰাকীয়ে; সকলোবোৰ চৰিত্ৰই ৰূপায়ন কৰিব লাগে প্ৰত্যেকে অভিনেতা-অভিনেত্ৰীয়ে। ইয়াৰ পৰা ক’ৰবাত কিবা এটা হ’লেও শিকিব পৰা যায়। এইখিনিতে, সঁচা কথা ক’বলৈ গ’লে সকলোবোৰ চৰিত্ৰই মোৰ বাবে প্ৰিয়। মোক প্ৰত্যেকটো চৰিত্ৰই আকৰ্ষণ কৰে । বিশেষকৈ যদি কোনো এটাৰ বিষয়ে ক’বলগীয়া হয় তেতিয়া হ’লে সেয়া হ’ব ঋণাত্মক চৰিত্ৰবোৰ। তাৰ উপৰিও, ‘মদাহী’ , ‘বেঙা- বোবা’ আৰু সমানে বেয়া-ভাল গুণ থকা এটা চৰিত্ৰৰ প্ৰতি মই আগ্ৰহী হওঁ।

প্ৰশ্নঃ তোমাৰ মতে, এগৰাকী “শিল্পী” ৰ সংজ্ঞা কি?

ৰূপম শইকীয়াঃ এক কথাত, “শিল্পী” হৈছে ৬৪ বিধ কলাৰ লগত জড়িত লোক। তাৰ ভিতৰত কোনোৱে গান গায় ; কোনোৱে অভিনয় কৰে ইত্যাদি I মোৰ মতে, শিল্পীৰ এটা নিজস্ব সত্তা থাকিব লাগে; জন্মলগ্নৰে পৰা প্ৰত্যেক ব্যক্তিৰে কিছুমান কলা থাকে I যেনে: কিছুমানে আৰ্ট কৰি ভাল পায়; কিছুমানে অন্যান্য সামগ্ৰী তৈয়াৰ কৰি ভাল পায়। আচলতে, সামাজিক সকলো কামতেই জড়িত লোকেই হৈছে একোগৰাকী শিল্পী I কিন্তু, সাধনাৰ অন্ততহে এজন শিল্পী বুলি পৰিগণিত হয়।

"সাধনাৰ অন্ততহে এজন শিল্পী বুলি পৰিগণিত হয়"- ৰূপম শইকীয়া 4

প্ৰশ্নঃ তোমাৰ আগন্তুক পৰিকল্পনাৰ বিষয়ে জানিব বিচাৰিম।

ৰূপম শইকীয়াঃ আগন্তুক পৰিকল্পনা বুলি ক’লে বহু কিবা কিবি আছে I আচলতে মই এতিয়াও শিকিহে আছোঁ , যেতিয়া কাম আহিব কৰিবলৈ প্ৰস্তুত আছো। নাটকো কৰিম পৰিস্থিতি ভাল হ’লে, চুটি ছবি দুখনমান কৰাৰ কথা চিন্তা কৰি আছোঁ সময় ভাল হ’লেই কৰিম বুলি ভাবি আছোঁ, আপোনালোকৰ মৰম-আশীৰ্বাদ আমাৰ কাম্য। গতিকে, সহযোগিতা সদায় লাগিব।

ৰূপালীপৰ্দাঃ ধন্যবাদ ৰূপম শইকীয়া, তোমালৈ শুভকামনা।

ৰূপম শইকীয়াঃ ধন্যবাদ জনালো ৰূপালী পৰ্দালৈও, মোক এইকণ সুযোগ দিয়া বাবে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform