Rupaliparda.com
নাৰী সৰবৰাহকাৰী দৌৰাত্ম্যৰ বাস্তৱ কাহিনীৰে "30 Seconds To Dawn"- 1

নাৰী সৰবৰাহকাৰী দৌৰাত্ম্যৰ বাস্তৱ কাহিনীৰে “30 Seconds To Dawn”-

ৰাজ্যত নাৰী সৰবৰাহকাৰী চক্ৰৰ দৌৰাত্ম্য অব্যাহত আছে। আৰক্ষী প্ৰশাসনে যদিও একাংশ কিশোৰীক এই চক্ৰৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে তথাপিও এনে বহু যুৱতী আছে যাৰ খবৰ হয়টো বৰ্তমানেও ৰহস্যৰ আৱৰ্তত। সংবাদ মাধ্যম যোগে আমি প্ৰায়ে এনে খবৰ সমূহ জানিবলৈ পাই থাকো; নিজৰ ঠাইখনৰ পৰা অপহৰণ কৰি ৰাজ্যৰ বাহিৰলৈ লৈ গৈ বহু নাৰী ব্যৱসায়ীয়ে নিজ দৌৰাত্ম্য অব্যাহত ৰাখে। কিছুমান মূহুূৰ্তত অনুভৱ হয় যে এই খবৰবোৰ তেনেই সুলভ; দেশতেই হওঁক নাইবা ৰাজ্যতেই হওঁক প্ৰতিটো দিনত নাৰী সৰবৰাহ তথা ধৰ্ষণ আদিৰ দৰে কাৰ্য সংঘটিত হৈ আহিছে। কন্যা শিশুৰ পৰা ধৰি অধিকাংশ নাৰীয়ে যেন এতিয়া সুৰক্ষিত নহয়। ধৰ্ষণ কাৰ্য্য সংঘটিত হোৱা পিছত আমি ধৰ্ষণকাৰীৰ বিৰুদ্ধে আন্দোলন কৰিছো অথবা নাৰী সৰবৰাহকাৰীৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছোঁ; শাস্তি প্ৰদানৰ দাবী কৰিছোঁ যদিও যেন ক’ৰবাত নৰপিশাচ কেইটাই উচিত শাস্তি পাবলৈ দীৰ্ঘদিনৰ সময়ৰ প্ৰয়োজন হৈছে। এতিয়াও এজনী ছোৱালীক সন্ধিয়া ঘৰৰ পৰা বাহিৰলৈ ওলাই যোৱা অৱস্থাত অথবা এবাৰতকৈ দুবাৰ ফোন কৰিলে যদিহে বাহিৰলৈ ওলাই যোৱা ছোৱালীজনীয়ে ফোনটো ৰিচিভ নকৰে তেতিয়াই এক অজান আশংকাত ভুগি থাকে পিতৃ-মাতৃ সকল। সমাজৰ ইমান অসুস্থতা অৱশ্যে কোনো এগৰাকী ব্যক্তিও নিবিচাৰে বাবেই আচলতে আজিৰ একাংশ অভিভাৱেই নিজ জীয়ৰীক সৰুৰ পৰাই সমৰ কলাৰ শিক্ষাৰ প্ৰদান কৰে। নাৰী সৰবৰাহৰ বাস্তৱ কাহিনীক কেন্দ্ৰ কৰিয়েই মুক্তিৰ বাবে সাজু হৈছে এখন চুটি ছবি “30 Seconds To Dawn”। ইতিমধ্যে চুটি ছবিখনৰ ট্ৰেইলাৰ মুকলি কৰি দিয়া হৈছে।

নাৰী সৰবৰাহকাৰী দৌৰাত্ম্যৰ বাস্তৱ কাহিনীৰে "30 Seconds To Dawn"- 2
নাৰী সৰবৰাহকাৰী দৌৰাত্ম্যৰ বাস্তৱ কাহিনীৰে "30 Seconds To Dawn"- 3


AB Creation আৰু Production ৰ বেনাৰত লগতে I Craft Creative Studio ৰ সহযোগত নিৰ্মিত চুটি ছবিখনৰ পৰিচালনা অভিলাষ বৰঠাকুৰৰ। কাহিনী সৌমিক আৰ ভূমিজৰ লগতে অভিলাষৰ। চিত্ৰনাট্য তন্ময় গোস্বামীৰ আৰু অভিলাষৰ; চুটি ছবিখনত অভিনয় কৰিছে ক্ৰমে ৰজত চন্দ্ৰ বৰঠাকুৰ, বিভূতি ভূষণ হাজৰিকা, ৰঞ্জুল দত্ত, অৰ্ণৱ ভাগৱতী, কৃষ্টিনা দাস, প্ৰস্তুতি মেধি, থুৰীয়া শইকীয়া, কৰৱী কাশ্যপ, অনুভৱ দত্ত, সুভম ভট্টাচাৰ্য্য, সুশান্ত বৰুৱা, উৎপল, কল্যাণ ডেকা, ৰাজু, অংকলেশ শৰ্মা, অভিষেক দাস, নিলাভ কাশ্যপ, সৌমক আৰ ভূমিজ, হৰ্ষিতা কৌশিক, শৈলেন, আৰ এল বৰঠাকুৰ, পংকজ আৰু অভিলাষ বৰঠাকুৰে। চুটি ছবিখনৰ সংগীত আৰু শব্দৰ দায়িত্বত আছে অভিষেক দাস, টুফান আৰু অমিত সৌকাধৰা। দৃশ্যগ্ৰহণ কৰিছে ভাৰ্গৱ কটকী, ফায়াদ এম আহমেদ, আয়ূস বৰুৱা। চাচপেন্স, থ্ৰীলাৰ, একচন আৰু ড্ৰামাৰে পৰিপূৰ্ণ এই চুটি ছবিখনৰ একচনৰ পৰিচালনা অনুভৱ গগৈৰ। এইখিনিতে, কোৱা বাহুল্য যে চুটি ছবিখনৰ ট্ৰেইলাৰটোৱে জনসাধাৰণৰ বহুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। আহিবলগীয়া প্ৰত্যাশিত প্ৰকল্প সমূহৰ ভিতৰত সাঙুৰ খাইছে এই চুটি ছবিখনো। লগতে, আশা কৰিছোঁ যে, ৰাজ্যত সংঘটিত এনে ঘটনা সমূহ অতিশীঘ্ৰে সাম কাটক আৰু তাৰ সমান্তৰালকৈ এনেধৰণৰ কলা ব্যৱসায়ৰ সৈতে জড়িত অভিযুক্তইও যাতে অতিশীঘ্ৰে উচিত শাস্তি লাভ কৰক।

নাৰী সৰবৰাহকাৰী দৌৰাত্ম্যৰ বাস্তৱ কাহিনীৰে "30 Seconds To Dawn"- 4

আনহাতে, চুটি ছবিখনৰ সফলতাৰ কামনা কৰি ইয়াৰ সৈতে জড়িত প্ৰতিগৰাকী অভিনেতা-অভিনেত্ৰী তথা কলা-কুশলীক ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাছো অশেষ শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform