Rupaliparda.com
এটা ট্ৰেইলাৰ আৰু কেউদিশে লগা খলকনি; অতিশীঘ্ৰে আহি আছে "সুৰ বাহিনী"- 1

এটা ট্ৰেইলাৰ আৰু কেউদিশে লগা খলকনি; অতিশীঘ্ৰে আহি আছে “সুৰ বাহিনী”-

এটা ট্ৰেইলাৰ আৰু কেউদিশে লগা খলকনি; বৰ্তমানলৈ এনে এখন চুটি ছবিৰ সোঁৱাদ হয়টো আপোনালোকে পোৱা নাছিল। আচলতে, এই চুটি ছবিখনৰ নামটোৱেই যথেষ্ট; য’ত আপোনাৰ আকৰ্ষণ সন্নিৱিষ্ট হৈ পৰিব। “সুৰ বাহিনী”; অসমৰ জনপ্ৰিয় সংগীতশিল্পী তথা ৰকষ্টাৰ খ্যাত জয়ন্ত হাজৰিকাৰ এক উল্লেখনীয় পদক্ষেপ হৈছে “সুৰ বাহিনী”। অসমৰ বানপীড়িত ৰাইজক সহায় প্ৰদানৰ অৰ্থে গঢ় লৈ উঠা এই প্ৰকল্পটোৰ জৰিয়তে জয়ন্ত হাজৰিকাৰ লগতে তেওঁৰ সতীৰ্থই লগ হৈ বাটে-পথে গীত গাই ৰাইজৰ পৰা সাহায্য যুগুতাইছিল। কোৱা শুনিছো যে, এই গীত গাই থকা অৱস্থাত কোনো এগৰাকী লোক আৰ্থিকভাৱে স্বচ্ছল নহ’লেও তেওঁলোকে নিজৰ গাত থকা কাপোৰটো পৰ্যন্ত খুলি বৰঙণি আগবঢ়াবলৈ বিচাৰিছিল। গতিকে, তেনেক্ষেত্ৰত সংগীত ক্ষেত্ৰখনত জয়ন্ত হাজৰিকাৰ জনপ্ৰিয়তাৰ সমান্তৰালকৈ আপোনালোকে নিশ্চয় হৃদয়ংগম কৰিব পাৰিছে তেওঁৰ সামাজিক দায়বদ্ধতা খিনিও। জয়ন্ত হাজৰিকাৰ এনে প্ৰশংসনীয় অৱদানক লৈয়ে নিৰ্মাণ কৰি উলিওৱা হৈছে চুটি ছবি “সুৰ বাহিনী”। সদ্যমুক্তিপ্ৰাপ্ত ট্ৰেইলাৰটোৱেও ইতিমধ্যে লাভ কৰিছে জনসাধাৰণৰ বহুল সঁহাৰি; আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে এই চুটি ছবিখন উপভোগ কৰিবলৈ আপোনালোকে আৰু বৰ বেছি সময় অপেক্ষা কৰিবলগীয়া নহ’ব; অতিশীঘ্ৰে “সুৰ বাহিনী” আহি আছে আপোনালোকৰ মাজলৈ।


তাছা প্ৰডাকচনৰ বেনাৰত নিৰ্মিত চুটি ছবিখনৰ প্ৰযোজনা অনন্ত তাছাৰ। আনহাতে, চুটি ছবিখনৰ কাহিনী আৰু পৰিচালনাৰ দায়িত্ব আছে নৱপ্ৰজন্মৰ প্ৰতিভা প্ৰাঞ্জল গৈয়াৰী। চিত্ৰনাট্য আৰু সহযোগী পৰিচালকৰ দায়িত্ব সম্পাদন কৰিছে ৰাজ দত্তই; সংলাপ নীল বৰ্মণৰ। সহকাৰী পৰিচালক ৰোহিত শৰ্মা লগতে সমৰ বৰুৱা। চুটি ছবিখনত অভিনয়ো কৰিছে বৰ্তমান সময়ৰ প্ৰত্যাশিত কেইবাগৰাকীও অভিনেতা-অভিনেত্ৰীয়ে; সেইকেইজন হৈছে ক্ৰমে কমল লোচন, অচিন্ত ৰাজ কাশ্যপ, নিৰূপম শইকীয়া, প্ৰয়াস শৰ্মা তামুলী, লুচিয়ানা দাস আৰু অসীম কৃষ্ণ বৰুৱাই। দৃশ্যগ্ৰহণ কৰিছে আশুতোষ কাশ্যপে; সহঃদৃশ্যগ্ৰহণকাৰী হৈছে উজ্জ্বল ডেকা আৰু ৰামজ্যোতি কৃষ্ণ চৰণ। লোকেশ্বন চাউণ্ড আৰু চাউণ্ড ডিজাইন সুলাগ্না সন্দিকৈৰ; আনহাতে, বিজিএম জনপ্ৰিয় কণ্ঠশিল্পী তৰালী শৰ্মাৰ। ৰূপসজ্জা বিশ্বৰ আৰু প্ৰডাকচন মেনেজাৰ মিলন জ্যোতি নেওঁগৰ; কলা নিৰ্দেশক হিৰণ্য নেওঁগ আৰু সম্পাদনা কৰিছে উদ্দীপ্তই। ডি.আই আজানুৰ ৰহমানৰ লগতে জি.এফ.এক্স ৰামজ্যোতি কৃষ্ণচৰণৰ। উল্লেখ্য যে, জয়ন্ত হাজৰিকাৰ প্ৰকল্প উক্ত “সুৰ বাহিনী” ৰ বাবে প্ৰস্তুত কৰা মুঠ ৮ টা গীত ক্ৰমে “লুইতৰ বলীয়া বান”, “দুৰ্যোগ লগ্নৰ দেখোঁ হাহাকাৰ”, “আজি প্ৰাণৰ মেলা পাতিছোঁ”, “ভয় নাই ভয় নাই”, “একো নাই শূন্য হাঁয়”, “এতিয়াও ৰাতি নাই”, “অভিযাত্ৰী দূৰৈৰ যাত্ৰী” আৰু “এইটো প্ৰহৰ শূন্য প্ৰহৰ” ইত্যাদিৰ গীতসমূহৰ গুৰুত্ব লগতে এই ৰকষ্টাৰ গৰাকীৰ “সুৰ বাহিনী” য়ে আজিৰ প্ৰজন্মৰ মাজত কি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে অথবা আজিৰ প্ৰজন্মই জয়ন্ত হাজৰিকা কোন চিনি পায়নে ইত্যাদি বহু কথাৰে আহি আছে এইখন চুটি ছবি।

এটা ট্ৰেইলাৰ আৰু কেউদিশে লগা খলকনি; অতিশীঘ্ৰে আহি আছে "সুৰ বাহিনী"- 2

জয়ন্ত হাজৰিকাক শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ অৰ্থে নৱপ্ৰজন্মৰ এই প্ৰকল্পটো সঁচাকৈ প্ৰশংসনীয়। “সুৰ বাহিনী” চুটি ছবিখনৰ সৈতে জড়িত প্ৰতিগৰাকী কলা-কুশলীক ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform