আমি প্ৰায়ে সৰু ল’ৰা-ছোৱালীক দেখিলে তেওঁলোকক গান এটা গাবলৈ অথবা নাচি দেখুওৱালৈ কওঁ! নহয়নে? সৰুৰে পৰাই আচলতে আমি তেওঁলোকক মনোৰঞ্জনৰ দিশটোত সক্ৰিয় কৰি তুলিবলৈ বিচাৰো। সেইবাবেই একোগৰাকী অভিভাৱকে কেতিয়াবা নিজ সন্তানক মনোৰঞ্জন ক্ষেত্ৰখনত অন্তৰ্ভূক্ত কৰিবলৈ একোখন বিদ্যালয়ত নামভৰ্তি কৰোৱায়। আমাৰ মনোৰঞ্জন ক্ষেত্ৰখন আপুনি যদি এবাৰ হৃদয়ংগম কৰে তেতিয়াহ’লে দেখিবলৈ পাব যে শেহতীয়াকৈ এই ক্ষেত্ৰখনত বহু ভাল কাম হৈ আছে। ইয়াৰে কিছু যদিও আমাৰ সমুখলৈ অহা নাই তথাপিও সমুখলৈ অহা একাংশ প্ৰকল্পই উৎসাহিত কৰিছে শ্ৰোতা-দৰ্শকক। সদ্যমুক্তিপ্ৰাপ্ত এটি “অ’ জিঞা” ৰ বিষয়ে আপোনালোকক জনাইছিলো; গীতটিৰ কথাৰ লগতে সুৰ আৰু সংগীতে বহুল প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছিল। “অ’ জিঞা” ত কণ্ঠদান কৰা নতুন প্ৰজন্মৰ প্ৰতিভা হিমাংশু শৰ্মাও গীতটিৰ জৰিয়তে চিনাকী লাভ কৰিবলৈ সক্ষম হৈছে। ৰূপালীপৰ্দাৰ ফালৰ পৰা হোৱা কথা-বতৰাৰ যোগে তেওঁ কয় যে, “সৰুৰ পৰাই গান ভাল পাইছিলো। গান গাইয়ে মাৰ কোলাত শুইছিলো আৰু দেউতাইও মোক গান গাইয়ে বিভিন্ন কামত জড়িত কৰোৱাইছিল। বুজি পোৱা হোৱাৰে পৰা বিভিন্ন ধৰণৰ গান যেনে জ্যোতি সংগীত, ৰাভা সংগীত, ভূপেন্দ্ৰ সংগীত ইত্যাদি শুনিছিলো; তাৰ পৰৱৰ্তী সময়ত জুবিন দাৰ গান শুনি যথেষ্টখিনি অনুপ্ৰাণিত হৈছিলোঁ। সঁচা কথা ক’বলৈ গ’লে মই সৰুতে দুডাল মাৰিৰে লৈ টেবুল খনতে বজাইছিলো; দেউতাই তাকেই দেখি অষ্টম শ্ৰেণীত থাকোতে মোক শ্ৰদ্ধাৰ যতীন কলিতা ছাৰৰ ওচৰত তবলা শিকিবলৈ পঠিয়ালে। তেনেকৈয়ে এই যাত্ৰা আৰম্ভ হৈছিল; ভিন্ন খন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলো। তবলা শিকাৰ পিছত মই বাঁহী বজাবলৈও শিকিলোঁ শ্ৰদ্ধাৰ দীপক শৰ্মা দেৱৰ তাত।”
আগলৈ তেওঁ কয় যে, “এনেদৰে শিকি দ্বাদশ শ্ৰেণীত পঢ়ি থকা সময়ত ভাবিলোঁ যে মই তবলা অথবা বাঁহী বজোৱাৰ লগতে সংগীত কৰিম। ডিগাৰু কেন্দ্ৰীয় বিদ্যায়লত একাদশ আৰু দ্বাদশ শ্ৰেণী পঢ়িছিলোঁ; মনোৰঞ্জন দিশটোত আৰু অধিক আগবঢ়া ক্ষেত্ৰত শিক্ষাগুৰুৰ লগতে মোৰ সতীৰ্থ খিনিয়ে যথেষ্ট উৎসাহ যোগালে। তাৰ পিছত, গুৱাহাটী লৈ স্নাতক পঢ়িবলৈ আহি পঢ়াৰ লগতে সংগীতকো লৈ যাবলৈ আৰম্ভ কৰিলোঁ। গতিকে তেনেদৰেই ২০১৩ চনৰ পৰা এই যাত্ৰা অব্যাহত আছে।” কোনটো উপাদানে এটা গীতক পূৰ্ণতা দিয়ে বুলি প্ৰশ্ন কৰাত হিমাংশুয়ে কয় যে, “সংগীতক কোনটো উপাদানে পূৰ্ণতা দিয়ে বুলিলে ইয়াৰ উত্তৰ দিবলৈ অকণমান অসুবিধা হয়। তথাপিও, মই ভাবো এটা গীত পূৰ্ণ হ’বলৈ প্ৰথমে আমাৰ চিন্তাটো স্থিৰ হ’ব লাগিব; স্থিৰ চিন্তাই এটা গীতক গতি দিব পাৰে। কি বিষয়বস্তুক লৈ প্ৰস্তুত কৰা হ’ব সেয়া আগতীয়াকৈ ভাবি ল’লেহে গীতটিৰ কথাৰ ওপৰত গুৰুত্ব দিব পৰা যায়; কথাখিনি মোৰ মতে সাধাৰণ মানুহে বুজি পাব পৰা বিধৰ হ’ব লাগে যাতে তেওঁলোকে মুখত ল’ব পাৰে আৰু তাৰ সমান্তৰালকৈ গুৰুত্বপূৰ্ণ হৈছে এটা গীতত সংযোজিত সুৰটো। সুৰটো এনে হ’ব লাগে যাতে ৰাইজে গুণগুণাব পাৰে। গতিকে, গীত এটিয়ে পূৰ্ণতা পাবলৈ হ’লে মৌলিক বস্তুটো হৈছে কথা আৰু সুৰটো। তাৰ পিছত আহে আৱেগ-অনুভূতি; অন্তৰৰ পৰা গোৱা গান এটি সদায় শ্ৰোতাৰ অন্তৰলৈ সোমাব পাৰে।” ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে জানিবলৈ বিচৰাত কয় যে, ভৱিষ্যতৰ কথা মই বেছিকৈ ভবা নাই। ক’ভিড সৃষ্ট পৰিৱেশটোৰ বাবে পৰিকল্পনা বোৰ ভালদৰে কৰিব পৰা নাই; তথাপিও কিছু প্ৰকল্পৰ সৈতে জড়িত হৈ আছো। নিজে কৰা গান কেইটামান মুক্তিৰ বাবে সাজু হৈ উঠিছে।”
তেওঁ কয় যে, “পিছলৈ, এখন ছবিৰ কাম কৰি আছো; পৰিকল্পনা মাত্ৰ এটাই যে যিকেইটা কাম বৰ্তমান কৰি আছো সেই আটাইকেইটাত যাতে নিজৰ ১০০ শতাংশই দিব পাৰোঁ। মুম্বাইলৈ গৈছিলো; তাতো সৰু সৰু যদিও বহুখিনি কাম কৰিলোঁ; অভিজ্ঞ সকলৰ সৈতে থাকি শিকিবলৈ সক্ষম হ’লো।”
Add comment