Rupaliparda.com
ইউটিউবৰ ক্ষেত্ৰত অমৃতা গগৈ আৰু গীতালী দেৱীৰ সফলতাঃ 1

ইউটিউবৰ ক্ষেত্ৰত অমৃতা গগৈ আৰু গীতালী দেৱীৰ সফলতাঃ

অসমীয়া মনোৰঞ্জন ক্ষেত্ৰৰ জনপ্ৰিয় কণ্ঠশিল্পী গীতালী দেৱীৰ লগতে অভিনেত্ৰী অমৃতা গগৈৰ সফলতা। ব্যক্তিগত ইউটিউব চেনেলৰ বাবে দুয়োগৰাকী তাৰকাই শেহতীয়াকৈ লাভ কৰিছে “ইউটিউব চিলভাৰ প্লে বটন”। চচিয়েল মিডিয়া যোগে দুয়োগৰাকীয়ে একোটা পোষ্ট কৰি অনুৰাগীক জানিবলৈ দিয়ে এই কথা। ইউটিউবৰ ক্ষেত্ৰখনত প্ৰথমটো সফলতা লাভ কৰি গীতালী দেৱীয়ে ইউটিউবকো কৃতজ্ঞতা জ্ঞাপন কৰে। আনহাতে অমৃতা গগৈয়ে কয় যে, “খুব কম সময়ৰ ভিতৰতে এক লাখ subscriber অতিক্ৰম কৰি বৰ্তমান এক লাখ ঊনসত্তাৰ হাজাৰৰ (169k) পৰিয়ালত পৰিণত হোৱা মোৰ ইউটিউব চেনেল ‛Amrita Gogoi’ ৰ প্ৰতিগৰাকী শুভাকাংক্ষী, ফ’ল’ৱাৰ তথা suscriber লৈ বহুত বহুত ধন্যবাদ….এই যাত্ৰাৰ আৰম্ভণিৰ পৰা আপোনালোকে যি মৰম দিছে সেয়া অনাগত দিনটো আমাৰ কাম্য।” ফেব্ৰুৱাৰী মাহত এটি কন্যা সন্তানৰ মাতৃ হয় অমৃতা গগৈ। লগতে, কন্যাৰো কেইবাখনো ফটো তেওঁ চচিয়েল মিডিয়া যোগে আপলোড কৰা দেখিবলৈ পোৱা যায়। অমৃতা গগৈয়ে তেওঁ ৮ বছৰীয়া প্ৰেম মনদ্বীপ কাকতিৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলিছিল। বিগত ২০১৯ চনত বিবাহ পাশত আৱদ্ধ হৈছিল দুয়ো। আনহাতে, যোৰহাটৰ তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ কনিষ্ঠ অভিযন্তা ৰূপে কৰ্মৰত হয় অভিনেত্ৰী গৰাকীৰ স্বামী।শিৱসাগৰত জন্ম লাভ কৰা অমৃতা গগৈ অভিনেত্ৰী হোৱাৰ লগতে এগৰাকী প্ৰশিক্ষিত সত্ৰীয়া নৃত্যশিল্পীও। ৰং চেনেলৰ দ্বাৰা আয়োজিত “মই অসম দেশৰ ছোৱালী” ৰ খিতাপ লাভ কৰা অমৃতা গগৈ চিৰিয়েল “ৰাগিণী” ৰ পৰা লাভ কৰিছিল চিনেমাৰ প্ৰজেক্ট।


লগতে, অসমীয়া সংগীত ক্ষেত্ৰখনৰ এক জনপ্ৰিয় তথা চিনাকী নাম হৈছে গীতালী দেৱীৰ। প্ৰায় বোৰ গীতেৰেই দৰ্শক আৰু শ্ৰোতাৰ ধ্যান আকৰ্ষণ কৰা গীতালীৰ প্ৰত্যেকটো গীতত জনপ্ৰিয়তা আচলতে নুই কৰিব পৰা নাযায়। তেজপুৰৰ জীয়ৰী তথা অসমৰ জনপ্ৰিয় গায়িকা গীতালী কাকতিৰ কন্ঠৰ প্ৰায় সংগীতেই বৰ্তমান সাধাৰণজনৰ মুখে মুখে। “ছেলফী ৰাণী”, “পাগল পাগল মন”, “এনাইদেউ” আৰু অলপতে জনপ্ৰিয় হৈ উঠা গীত “প্ৰীতি ভৰা” আৰু “ঘপককৈ” ৰ লগতে বিভিন্ন বিহু গীতত কন্ঠ নিগৰাই এতিয়া হাজাৰ হাজাৰ দৰ্শকৰ হৃদয়ত কন্ঠশিল্পী গৰাকী।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform