Rupaliparda.com
পুৰণি কাপোৰ পিন্ধিবলৈ সংকোচ নকৰে শ্ৰদ্ধা কাপুৰেঃ 1

পুৰণি কাপোৰ পিন্ধিবলৈ সংকোচ নকৰে শ্ৰদ্ধা কাপুৰেঃ

বলীউডৰ ষ্টাইলিচ অভিনেত্ৰী মাজৰ এগৰাকী হৈছে শ্ৰদ্ধা কাপুৰ; তেওঁৰ ষ্টাইল অনুৰাগীয়ে নিজেও গ্ৰহণ কৰিবলৈ বিচাৰে। শেহতীয়াকৈ হোৱা এক সাক্ষাৎকাৰ যোগে অভিনেত্ৰী গৰাকীয়ে নিজৰ নতুন ফেশ্চন মন্ত্ৰৰ বিষয়ে ব্যক্ত কৰে। সাধাৰণ ফেশ্চনেই হৈছে অভিনেত্ৰী গৰাকীৰ বৰ্তমানৰ ফেশ্চন মন্ত্ৰ। তেওঁ কয় যে, “মই প্ৰায়ে নিজৰ কাপোৰৰ পুনৰাবৃত্তি কৰোঁ। মই এতিয়াও নিজৰ কিশোৰী অৱস্থাৰ কাপোৰ সমূহ পৰিধান কৰোঁ। Recycle ত মই বিশ্বাস ৰাখো; মই যেতিয়া কিশোৰী অৱস্থাত আছিলোঁ তেতিয়াও মই কাপোৰ কাটি অথবা চিলাই কৰি আকৌ এবাৰ পৰিধানৰ উপযোগী কৰি তুলিছিলোঁ আৰু নিজৰ কাপোৰ বোৰক দানো কৰোঁ। মই কি কিনি আছোঁ সেই বিষয়টোত মই গুৰুত্ব দিওঁ। ব্যৰ্থ হৈ যোৱা কিবা এটা মই কিনি আনিবলৈ বেয়া পাওঁ।” তেওঁ আগলৈ কয় যে লক-ডাউনৰ সময়ছোৱাত তেওঁ বহুখিনি সময় ঘৰতেই কটাইছিল আৰু তাৰ বাবেই সাধাৰণ কথাবোৰত গুৰুত্ব দিবলৈ সক্ষম হৈছিল। ক’ৰোণাৰ ফলত হোৱা লক-ডাউনে মানৱ জীৱন কষ্টকৰ কৰি তুলিছে যদিও আমাৰ জীৱনৰ যিবোে মৌলিক বস্তু; সেইবোৰ প্ৰাপ্তিত কষ্ট নহয় আৰু সেইসমূহে আচলতে আমাৰ বাবে দৰকাৰী বুলি মন্তব্য কৰে শ্ৰদ্ধাই।


অভিনেত্ৰী গৰাকীৰ এনেবোৰ কথাই শেহতীয়াকৈ আকৰ্ষণ কৰিছে তেওঁৰ অনুৰাগীক। অভিনেতা শক্তি কাপুৰৰ জীয়ৰী শ্ৰদ্ধা কাপুৰে “তীন পত্তি” নামে ছবিখনৰ দ্বাৰা নিজ কেৰিয়াৰ আৰম্ভ কৰিছিল। ২০১০ চনত মুক্তিপ্ৰাপ্ত এই ছবিখনত শ্ৰদ্ধা কাপুৰৰ সৈতে মুখ্য ভূমিকা ৰূপায়ন কৰিছে অমিতাভ বচ্চন আৰু আৰ মাধৱনে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform