Rupaliparda.com
ত্ৰিবুজ্জল প্ৰকাশ

“সাধনা আৰু চৰ্চা অব্যাহত ৰখাটোৱে হৈছে মোৰ প্ৰথম পৰিকল্পনা”- ত্ৰিবুজ্জল প্ৰকাশ

আমি যেতিয়া এটা গীত শুনিবলৈ ইচ্ছা কৰোঁ আৰু তেতিয়া যদি আমাক কাষৰজনে কয় যে, “এই গানটো শুনিবা চোন; ল’ৰাজনে/ ছোৱালীজনীয়ে ভাল কাম কৰিছে।” সেই সময়ত সেই গীতটি শুনিবলৈ আমি উৎসাহিত হৈ পৰোঁ; গীতটিৰ সাৰমৰ্মৰ পৰা আৰম্ভ কৰি গীতটিক আৰু অকণমান মৰম দিয়াৰ স্বাৰ্থত চচিয়েল মিডিয়াত গীতটিৰ লিংকটোও শ্বেয়াৰো কৰোঁ। এয়া আমি প্ৰত্যেকেই কৰোঁ বাবেই হয়টো আপুনিও মোৰ এই কথাখিনিক সংযোগ কৰিব পাৰিছে। আমি আপোনালোকক আকৌ এবাৰ আন এগৰাকী প্ৰতিভাৰ বিষয়ে জনাবলৈ ওলাইছো; যোৰহাট নিবাসী ত্ৰিবুজ্জল প্ৰকাশ। “সংগীত” ৰ প্ৰকৃত তথা যথোপযুক্ত অৰ্থ বুজাৰ পূৰ্বেই সৰুৰ পৰাই সংগীতৰ প্ৰেমত পৰা প্ৰতিভাগৰাকীৰ বিষয়ে জানিবলৈ চেষ্টা কৰিছিলোঁ। তেওঁৰ আৰম্ভণিৰ বিষয়ে প্ৰশ্ন কৰাত কয় যে, ” সংগীতৰ লগত ভাল পোৱা গঢ়ি উঠিছিল সৰুৰে পৰা; ৪ -৫ বছৰ মান বয়সৰ পৰাই ঘৰত বিভিন্ন গীত শুনাৰ সৌভাগ্য হৈছিল আৰু সেই গীত সমূহ ভুলে শুদ্ধয়ে গাবলৈ চেষ্টাও কৰিছিলোঁ। আমাৰ ঘৰত কোনো গৰাকী সদস্য সংগীতৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত নাছিল যদিও তেওঁলোক একো একোজন, ভাল শ্ৰোতা আছিল যিয়ে গীত শুনি ভাল পাইছিল। সেইবাবে বিভিন্ন আপুৰুগীয়া গীত সেই তেতিয়াৰ পৰাই শুনিবলৈ পাইছিলোঁ; ড° ভূপেন হাজৰিকা, জ্যোতিপ্ৰসাদ আগৰৱালা, পাৰ্বতী প্ৰসাদ বৰুৱা দেৱৰ গীত সমূহে সৰুৰে পৰা মনত এক পৃথক স্থান পাইছিল আৰু ইয়াৰ বাবে হয়টো গীত গোৱাৰ হেঁপাহ আৰু অধিক হাৰত জাগি উঠিছিল। সেই হেঁপাহ দেখি মা দেউতাই সংগীতৰ আনুষ্ঠানিক শিক্ষাৰ কথা ভাবিলে আৰু তেনেদৰে বিভিন্ন প্ৰতিযোগিতা সমূহটো মই যোগদান কৰিলোঁ; প্ৰতিযোগিতা সমূহত কৰা যোগদানৰ সৈতে সংগীতৰ প্ৰতি ভালপোৱা আৰু বাঢ়িল। সেইবাবে, মোৰ সংগীতৰ যাত্ৰা বিভিন্ন গীত সমূহ শুনি আৰম্ভ হৈছিল বুলিয়ে ক’ব পাৰি।” কোনটো উপাদানে এটা সংগীতক পূৰ্ণতা দিয়ে বুলি প্ৰশ্ন কৰাত ত্ৰিবুজ্জলে কয় যে,


“সংগীতৰ জৰিয়তে যদি আমি নিজক দেখা পাওঁ আৰু সেই সংগীতৰ ভাবধাৰা যদি হৃদয়ঙ্গম কৰিব পাৰোঁ তেতিয়া মই ভাবো সেই সংগীত সম্পূৰ্ণ হৈ উঠিছে আৰু সেই সংগীতৰ সততা জয়ী হৈছে। কোনো এটা নিৰ্দ্দিষ্ট উপাদানে সংগীতক পূৰ্ণতা দিব নোৱাৰে; সেয়েহে এটি গীতৰ কথা, সুৰ আৰু গীতটিৰ ভাৱ এই তিনিও দিশৰ মানদণ্ড যদি উচ্চ খাপৰ হয় তেতিয়াহে এটি গীত পূৰ্ণ হৈ উঠে। মই ভাবো, প্ৰত্যেকটো গীতৰ এটা এটা সুকীয়া কাহিনী থাকে আৰু সেই কাহিনী যদি শ্ৰোতাই বুজি উঠিবলৈ সক্ষম হয় তেতিয়া সেই সংগীতে পূৰ্ণতা লাভ কৰে। আৰু, নৱপ্ৰজন্ময়ে সংগীতৰ সেই সৰলতাক ম্লান হবলৈ নিদিবলৈ সদাই চেষ্টা চলোৱাটো উচিত।” আগন্তুক পৰিকল্পনাৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “সংগীতক লৈ অলেখ সপোন আছে আৰু সেইখিনি সম্পূৰ্ণ কৰিবলৈ কষ্ট, সাধনা আৰু অনুশীলনৰ অতি প্ৰয়োজন হয়। সেই সাধনা আৰু চৰ্চা অব্যাহত ৰখাটোৱে হৈছে মোৰ প্ৰথম পৰিকল্পনা; সদ্যহতে মোৰ প্ৰথম গীত “বতাহে” ৰাইজৰ মাজলৈ এৰিবলৈ সক্ষম হ’লোঁ আৰু প্ৰথম কাম হিচাপে বহু খিনি কথা শিকিবলৈ পালোঁ। মোৰ পৰিকল্পনা বুলি ক’বলৈ গ’লে, নিজ প্ৰচেষ্টা আৰু শিল্পীসকলৰ সহযোগিতাৰে যাতে অসমৰ সংগীত জগতখনক আৰু এখোপ আগুৱাই নিব পাৰোঁ তাৰেই চেষ্টা কৰি যাম আৰু নিজৰ গীতসমূহ বাণীবদ্ধ কৰাৰ লগতে আমাৰ পুৰণি গীত সমূহ ভৱিষ্যত প্ৰজন্মৰ মাজত জীয়াই ৰখাৰ এক পৰিকল্পনা আছে।”


তেওঁ আগলৈ কয়, “এতিয়াও মই এজন ছাত্ৰ, সেইবাবে সৰু ডাঙৰ সকলোৰে পৰা শিকি যোৱাৰ সেই আগ্ৰহ যাতে সদাই থাকে তাকেই চেষ্টা কৰি যাম।” ত্ৰিবুজ্জল প্ৰকাশৰ এনে প্ৰকল্প তথা পৰিকল্পনাক লৈ ৰূপালীপৰ্দাৰ তৰফৰ পৰা তেওঁলৈ জনাইছোঁ অশেষ শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform