Rupaliparda.com
এটি অসমীয়া গীতৰ "Mashup" আৰু সমালোচনা; কিমান প্ৰয়োজনীয়?? 1

এটি অসমীয়া গীতৰ “Mashup” আৰু সমালোচনা; কিমান প্ৰয়োজনীয়??

আমি ৰূপালীপৰ্দাৰ জৰিয়তে আপোনালোকক সদ্যমুক্তিপ্ৰাপ্ত বহু গীতৰ খবৰ দিয়াৰ সমান্তৰালকৈ বৰ্তমান সময়ত উঠি অহা বহুকেইজন প্ৰতিভাৰ বিষয়ে জনাই আহিছো। তেওঁলোকে বহুল হাৰত কাম নকৰিলেওঁ এই মনোৰঞ্জন ক্ষেত্ৰখন অথবা সংগীত জগত খনক লৈ তেওঁলোকৰ ইচ্ছা সঁচাকৈ উল্লেখনীয়। আমি বাৰম্বাৰ কৈছোঁ, পৰিৱৰ্তন প্ৰকৃতিৰ নিয়ম; আমি এই নিয়মৰ বশৱৰ্তী হৈ সময়ে সময়ে হোৱা একাংশ পৰিৱৰ্তনক আঁকোৱালি ল’ব লাগে। তাৰ মানে এইটোও নহয় যে আমি পূৰণিক পাহৰণিৰ গৰ্ভলৈ ঠেলি দিম; পূৰণিক সাৱটি নতুনলৈ গতি কৰাই হৈছে পৰিৱৰ্তনৰ শুভ লক্ষণ। সংগীত জগতখনত সংযোজিত একাংশ গীতৰ ক্ষেত্ৰটো আচলতে আমি তেনেই অনুভৱ কৰিছো; বৰগীত, লোকগীত অথবা তাহানি দিনৰ ভূপেন হাজৰিকা, খগেন মহন্ত তথা জয়ন্ত হাজৰিকাৰ গীত সমূহৰ পৰা আৰম্ভ কৰি জুবিন গাৰ্গ, অংগৰাগ পাপন মহন্তলৈ, আৰু তাৰ পিছত এতিয়াৰ EDM গীত সমূহলৈ শ্ৰোতাই নিজৰ সোঁৱাদ সময় সাপেক্ষে সলনি কৰা আমি দেখিবলৈ পাইছো। নহ’লেনো “অলকানন্দা”, “মৌপিয়া”, “তুমি সুবাস”, “মতলীয়া ২.০” আদি একাংশ ইলেক্ট্ৰনিক মিউজিকে ইমানখিনি সঁহাৰি পালেহেঁতেন নে? কিন্তু, সেইবুলি একাংশ শ্ৰোতাই “মোৰ মিনতি তৰা হয় যদি”, “মন যায়” ইত্যাদি নানানটা গীতকো নিজৰ প্ৰিয় গীতৰ শাৰীত ওপৰতেই সন্নিৱিষ্ট কৰি ৰাখিছে। উক্ত আটাইবোৰ কথা কোৱাৰ লগতেই আমি আজি আপোনালোকৰ মাজলৈ এটি “অসমীয়া গীতৰ মাছ আপ” ক লৈ চচিয়েল মিডিয়াত হৈ থকা সমালোচনাৰ প্ৰসংগহে টানি আনিবলৈ বিচাৰিছো।


কোনো এটা বস্তুৰ যেতিয়া ধনাত্মক সমালোচনা কৰা হয়; তেতিয়া সেই বস্তুটো অথবা প্ৰকল্পটোৰ আঁৰত থকা ব্যক্তি সকলে আগলৈ নিজ ভুল-ক্ৰুটি সমূহ শুধৰাবলৈ সুবিধা অৰ্জন কৰে। আমি প্ৰত্যেকেই ধনাত্মক সমালোচনা কৰিব পৰাটো আমাৰ মনোৰঞ্জন জগত খনৰ বাবেই দৰকাৰী; নৱপ্ৰজন্মক ঋণাত্মকৰ পৰিৱৰ্তে ধনাত্মক সমালোচনাৰে আগবঢ়াই লৈ গৈ থাকিলে অনাগত দিনত তেওঁলোকৰ সৃষ্টিয়ে আমাক আপ্লুত কৰি ৰাখিবলৈ হয়টো সক্ষম হ’ব। শেহতীয়াকৈ, কৰণ দাসে পূৰণি কেইটামান অসমীয়া গীতৰ “Mashup” ৰ সৃষ্টি কৰিছিল; য’ত সংগীত আৰু শব্দ-সংমিশ্ৰণ কৰিছিল টাইফুন মিউজিকে। “Mashup” টো মুক্তি লাভৰ পিছতেই একাংশ শ্ৰোতাই ঋণাত্মক সমালোচনাৰে যথেষ্ট হাৰত মিম প্ৰস্তুত কৰি উলিওৱা দেখিবলৈ পোৱা গৈছে চচিয়েল মিডিয়াত।আনহাতে, আকৌ আন একাংশৰ অন্তৰ চুইছে উক্ত “Mashup” গীতটিয়ে। এইখিনিতে, ৰূপালীপৰ্দাৰ এক সমীক্ষাৰ ফালৰ পৰা আমি এটা কথা স্পষ্ট কৰিব পাৰোঁ যে বৰ্তমান সময়ছোৱালৈ আমি যিমান কেইগৰাকী নৱপ্ৰজন্মৰ সৈতে কথা-বতৰা পাতিছো; এই নৱপ্ৰজন্মৰ প্ৰতিভা সকলৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈছে জুবিন গাৰ্গ তথা অংগৰাগ পাপন মহন্ত।

এটি অসমীয়া গীতৰ "Mashup" আৰু সমালোচনা; কিমান প্ৰয়োজনীয়?? 2

গতিকে,এক কথাত ক’বলৈ গ’লে নৱপ্ৰজন্মই এই অনুপ্ৰেৰণাৰ উৎস সমূহৰ পৰা কিছু প্ৰেৰণা বুকুত বান্ধি কৰা প্ৰচেষ্টা সমূহক আমি সহজভাৱে লোৱাটোও প্ৰয়োজনীয়। আনহাতে, তেওঁলোকৰ প্ৰচেষ্টাত যদিহে কোনো ভুল আছে তেতিয়াহ’লে সেই সমূহো ধনাত্মক সমালোচনাৰে শুধৰণি কৰি দিয়াটো দৰকাৰী। শেষত, সকলো নিৰ্ণয় আপোনালোকৰ হাতত। আপুনি কি ভাবে? কমেণ্টৰ জৰিয়তে আমাক জনাওঁক আপোনাৰ মতামত।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform