Rupaliparda.com
ৰাকেশ ৰিয়ানৰ সন্তান নাইসা নাভেলীৰ আকৰ্ষণীয় ফটোঃ 1

ৰাকেশ ৰিয়ানৰ সন্তান নাইসা নাভেলীৰ আকৰ্ষণীয় ফটোঃ

জীয়ৰীৰ এমাহ সম্পূৰ্ণ হোৱাৰ পিছতেই কণ্ঠশিল্পী ৰাকেশ ৰিয়ানে শ্বেয়াৰ কৰিলে ফটো তথা ভিডিঅ’। কণ্ঠশিল্পী গৰাকীৰ জীয়ৰীৰ নাম নাইসা নাভেলী; তেওঁৰ জীয়ৰী তথা পত্নীৰ সৈতে কৰা ফটোশ্বুটে শেহতীয়াকৈ খলকনি লগাইছে চচিয়েল মিডিয়াত। কণ্ঠশিল্পী গৰাকীয়ে ইয়াৰ পূৰ্বেও সন্তানৰ কেইবাখনো ফটো শ্বেয়াৰ কৰি জনসাধাৰণৰ মাজত উলিয়াই দিছে। বিগত বৰ্ষত বিবাহ পাশত আৱদ্ধ হৈছিল কন্ঠশিল্পী গৰাকী; তেওঁ বিবাহ উৎসৱেও আচলতে চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছিল সচেতন মহলত। উল্লেখ্য যে, বিবাহৰ পিছৰ পৰাই ৰোমান্টিক গীতৰ ক্ষেত্ৰত ৰাকেশ ৰিয়ানৰ এক বিশেষ দখল থকা দেখিবলৈ পোৱা গৈছে। বিগত কেইটামান মাহৰ ভিতৰতেই তেওঁ কন্ঠদান কৰা গীত ক্ৰমে “অ’ মোৰে জান”, “তোমাৰেই নামত” আৰু “আধৰুৱা সপোন” ক লৈ উৎসাহী তেওঁৰ অনুৰাগীও। শেহতীয়াকৈ মুক্তি লাভ কৰা “এখনি সৰু হৃদয়” শীৰ্ষক গীতটিও শ্ৰোতা-দৰ্শকৰ পৰা লাভ কৰিছে সমাদৰ। ২০০৮ চনত মুক্তিপ্ৰাপ্ত “জীঁয়া ঔ” শীৰ্ষক গীতটিৰে অসমীয়া সংগীত ক্ষেত্ৰখনত সোমাই পৰা ৰাকেশ ৰিয়ান শ্ৰোতা ও দৰ্শকৰ মাজত অধিক জনপ্ৰিয় হৈ পৰিছিল “দীপৰ বিলতে” শীৰ্ষক গীতটিৰ পৰাহে। তিনিচুকীয়া কাকপথাৰত জন্মগ্ৰহণ কৰা এই গৰাকী কন্ঠশিল্পীৰ বৰ্তমান প্ৰতিটো গীতেই সাৱটিছে জনপ্ৰিয়তা।

ৰাকেশ ৰিয়ানৰ সন্তান নাইসা নাভেলীৰ আকৰ্ষণীয় ফটোঃ 2


পিতৃ হোৱাৰ পিছতেই তেওঁ কন্যা সন্তানৰ আপলোড কৰা ফটোত এতিয়া ইজনৰ পিছত সিজনকৈ মনোৰঞ্জন ক্ষেত্ৰৰ সৈতে জড়িত শিল্পী সকলেও তেওঁক জনাইছে শুভকামনা। ৰূপালীপৰ্দাৰ তৰফৰ পৰাও এইগৰাকী কন্ঠশিল্পী ৰাকেশ ৰিয়ানক জনাইছো পিতৃত্বৰ অশেষ শুভেচ্ছা।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.