Rupaliparda.com
ঋত্বিক ৰোশনৰ "কৃষ ৪" ৰ ৫ মিনিটত লিখি সমাপ্ত অনুৰাগীৰঃ 1

ঋত্বিক ৰোশনৰ “কৃষ ৪” ৰ ৫ মিনিটত লিখি সমাপ্ত অনুৰাগীৰঃ

বলীউড তাৰকা ঋত্বিক ৰোশনে শেহতীয়াকৈ নিজৰ চুপাৰহিট ছবি “কৃষ” ৰ চতূৰ্থ নম্বৰ সংস্কৰণটোৰ ইংগিত দিছিল দৰ্শকৰ আগত। হিন্দী ছবি ক্ষেত্ৰখনত বৰ্তমানলৈ যিমান কেইখন চুপাৰহিৰো’ ছবিয়ে মুক্তি লাভ কৰিছে তাৰ ভিতৰত এখন প্ৰত্যাশিত ছবি হৈছে “কৃষ” খনো। “কৃষ ৪” ৰ ঘোষণাৰ লগতে অনুৰাগীৰ উৎসাহো ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে; তেনে পৰিপ্ৰেক্ষিততে, এগৰাকী অনুৰাগীয়ে “কৃষ ৪” ৰ সম্পূৰ্ণ কাহিনী লিখি উলিয়াইছে আৰু তাক পোষ্ট কৰিছে চচিয়েল মিডিয়াত। কাহিনীভাগক শ্বেয়াৰ কৰাৰ লগতে অনুৰাগী গৰাকীয়ে কয় যে তেওঁ এই কাহিনীভাগক কেৱল মাত্ৰ ৫ মিনিটৰ ভিতৰত লিখি উলিয়াইছে। পৰৱৰ্তী সময়ত, অনুৰাগী গৰাকীৰ এই কাহিনীভাগ দেখি আপ্লুত হৈ পৰে অভিনেতা ঋত্বিক ৰোশনো; তেওঁ অনুৰাগী গৰাকীক ১০০ ৰ ভিতৰত ১০০ নম্বৰেই প্ৰদান কৰে। আমোদ জনক কথা এয়াই যে অনুৰাগী গৰাকীয়ে নিজ কাহিনী ভাগত “যাদু” ৰ উভতনি আৰু “টাইম ট্ৰেভেল” ৰ বিষয়েও উল্লেখ কৰে। ছবিখনৰ চতূৰ্থটো সংযোজনতো আচলতে এনে কিছু কাহিনীৰ আশা কৰা হৈছিল। “কৃষ” ৰ প্ৰথমটো সংস্কৰণৰ মুকলি হৈছিল ২০০৬ চনত।


অৱশ্যে, ২০০৩ চনত পোন প্ৰথমবাৰ ঋত্বিক ৰোশনৰ বৈজ্ঞানিক ছবি “কৌই মিল গেয়া” য়ে লাভ কৰিছিল মুক্তি। আনহাতে, খবৰনুসৰি মহাকাব্য “ৰামায়ণ” ক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হ’ব এখন বলীউডৰ ছবি; য’ত ৰামৰ চৰিত্ৰ ৰূপায়ন কৰিব ঋত্বিক ৰোশনে লগতে সীতাৰ চৰিত্ৰ ৰূপায়ন কৰিব দীপিকা পাডুকনে। মধু মন্টেনাৰ দ্বাৰা নিৰ্মাণ হ’বলগীয়া এই ছবিখনৰ নিৰ্মাণ থ্ৰী-ডিত কৰা হ’ব আৰু ছবিখনৰ বাজেট হ’ব ৩০০ কোটি টকাতকৈও অধিক। ছবিখনৰ দ্বাৰা পৰিচালক গৰাকীয়ে মহাকাব্য খনৰ প্ৰতিটো দৃশ্যৰ যথাৰ্থতা আৰু উদ্দেশ্যক উপস্থাপন কৰিবলৈ চেষ্টা কৰিব বুলি ইতিমধ্যে জানিব পৰা গৈছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform