Rupaliparda.com
|| মৃদুলা বৰুৱাৰ দৰে অভিনয় কৰিব পৰিলে ! || - উৎপল মেনা 1

|| মৃদুলা বৰুৱাৰ দৰে অভিনয় কৰিব পৰিলে ! || – উৎপল মেনা

চেহেৰাত আভিজাত্য ! –সৰলতাৰ প্ৰলেপ ! — জপনা খুলি আমাৰ ঘৰলৈ সোমাই আহিছিল আইমী বৰুৱা।

— হাতত টোপলা । কাগজৰ পেকেটৰ । টোপলাটো মোৰ মাৰ হাতত দিলে , মোৰ মাৰ ভৰি ছুই সেৱা কৰিলে , আৰু আইমীয়ে কলে , ” খুৰি জিলাপি খাম ! “

|| মৃদুলা বৰুৱাৰ দৰে অভিনয় কৰিব পৰিলে ! || - উৎপল মেনা 2
আইমী বৰুৱা

— সেয়া শাৰদীয় বতৰৰ কোনো এটা দিন । পূজাৰ বতৰ । দূৰ্গা পূজা । পূজাৰ এই সময় চোৱাত আমাৰ বেলশৰ অঞ্চলত ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্যযুদ্ধ হয় ! অঘোষিত নাট মহোৎসৱ হয় । আনহাতে বেলশৰৰ বিল্বেশ্বৰ দেৱালয়ৰ দূৰ্গা পূজাৰ সেউজ ইতিহাস আছে । মুলতঃ এই দুটা কাৰনতেই শাৰদীয় আলহীৰ ভিৰ হয় বেলশৰৰ ঘৰে ঘৰে । স্বাভাবিকতে আমাৰ ঘৰলৈয়ো আলহী আহিছিল — পবিত্ৰ মাৰ্ঘেৰিটা , গায়ত্ৰী মহন্ত , আকাশদ্বীপ , আঙুৰলতা ডেকা আৰু বহুজন । আমাৰ আড্ডা চলি আছে । তেনেতে হাতত জিলাপিৰ টোপলা লৈ আইমীৰ প্ৰৱেশ । সেই দিনটোৰ আগতে আইমীক মাত্ৰ এদিনহে লগ পাইছিলো । “সৰু বোৱাৰী ” (২০০৩) প্ৰিমিয়াৰত ।

|| মৃদুলা বৰুৱাৰ দৰে অভিনয় কৰিব পৰিলে ! || - উৎপল মেনা 3
আইমী বৰুৱা

আইমীয়ে অভিনয় কৰা দ্বিতীয় খন চিনেমাৰ প্ৰিমিয়াৰ শ্ব’ত । কথা প্ৰসঙ্গত সেইদিনা আইমীয়ে কৈছিল , ” চিনেমাৰ নায়িকা হম বুলি ভবা নছিলো ! অভিনয়ৰ প্ৰতি কিন্তু দুৰ্বলতা আছিল ! ষষ্ঠ শ্ৰেণীত পঢ়ি থাকোঁতে ” অসমৰ সাধুকথা ” নামৰ এখন তথ্যচিত্ৰত আভিনয় কৰিছিলো । তেজীমলাৰ চৰিত্ৰত । সেই সময়ত অৱশ্যে মনলৈ আহিছিল — মই মৃদুলা বৰুৱাৰ দৰে অভিনয় কৰিব পৰিলে ! চন – তাৰিখ মনত নাই ! সেই যে মৃদুলা বৰুৱাৰ দৰে অভিনয় কৰাৰ কথা মনলৈ আহিছিল , সেই দিনটোৰ পৰা চিনেমাৰ নায়িকা হোৱাৰ সপোন মাজে মাজে নেদেখা নহয় ! ‘তুমি মোৰ মাথোঁ মোৰ ‘ চিনেমা খনত মোৰ মাজে মাজে দেখা সপোনে বাস্তৱ ৰূপ পাব বুলি আশা কৰিছিলো । বয়স কম হোৱাৰ বাবে আশা আশা হৈয়ে থাকিল । আশা পুৰন হ’ল ‘ প্ৰেম আৰু প্ৰেম ‘ত (২০০২) । তেতিয়া মই নৱম শ্ৰেণীত পঢ়ি আছিলো । আৰু এবছৰো নহোৱাৰ আগতে আজি মই অভিনয় কৰা দ্বিতীয় খন চিনেমা আপোনালোকে চালে । মই সুখী ! ” ( আইমীয়ে কোৱা এই কথা প্ৰকাশ পাইছিল দৈনিক কাকত ” আজি ” আৰু rupaliparda.com ত । ) আৰু দ্বিতীয়বাৰ লগ পোৱাৰ সময়ত আইমীয়ে কৈছিল — ” চিনেমাত যিমান শিকিছো , তাতকৈ ভ্ৰাম্যমাণ থিয়েটাৰত অভিনয় বেছি শিকিলো । ” — হয় , ভ্ৰাম্যমাণ থিয়েটাৰত অভিনয় শিকিছে আইমী বৰুৱাই ! তেতিয়ালৈকে চিনেমাত অভিনেত্ৰী গৰাকীৰ অভিনয় ক্ষমতা দেখা নাছিলো , কিছু দেখিছিলো ভ্ৰাম্যমাণ থিয়েটাৰ ” হেঙুল “ৰ মঞ্চত মৃদুল চুতীয়াৰ ” প্ৰজন্ম ” নাটক খনতহে । আৰু থিয়েটাৰত অভিনয় কৰাৰ পিছত চিনেমা ” জেতুকা পাতৰ দৰে “ত (২০১১) আইমীৰ অভিনয় ক্ষমতা অনুভৱ কৰিছিলো ।

|| মৃদুলা বৰুৱাৰ দৰে অভিনয় কৰিব পৰিলে ! || - উৎপল মেনা 4

— আইমীয়ে অভিনয় কৰা আন কেইখন চিনেমা : প্ৰেম ভৰা চকুলো (২০০৩) , কদমতলে কৃষ্ণ নাচে ( ২০০৫ ) মনে মোৰ কইনা বিচাৰে (২০১৩) , বীৰ চিলাৰায় (২০১৩) , মহাসমৰ (২০১৪), পানী (২০১৪) , নিজানৰ গান (২০১৮) প্ৰতিঘাত (২০১৯ ) , ছেমখৰ ( ডিমাচা ভাষাৰ চিনেমা ) আদি । ” জেতুকা পাতৰ দৰে “ৰ পিছত ” পানী “ত আকৌ এবাৰ দক্ষ পৰিচালক যদুমণি দত্তই আইমীৰ ” অভিনয় ক্ষমতা ” ব্যৱহাৰ কৰিছে । — হয় , চিনেমা দুখনৰ পৰিচালক যদুমণি দত্ত । আশা কৰিব পাৰো , ” ছেমখৰ “তো আইমিৰ অভিনয় ক্ষমতা অনুভৱৰ সুযোগ পাম ! — নহয় , ” ছেমখৰ ” পৰিচিলক যদুমণি দত্ত নহয় । — কোন ? — আইমী বৰুৱা । কেমেৰাৰ সন্মুখত অভিনয় কৰিছে আৰু কেমেৰাৰ পাছৰ কামো চম্ভালিছে । গতিকে কব পাৰি ” ছেমখৰ “ত স্পষ্ট হব আইমীৰ চিনেক্ষমতা ! আৰম্ভনিতে ” আভিজাত্য ” শব্দটো ব্যৱহাৰ কৰিছো । আৰু ” সৰলতা ” শব্দটোও ব্যৱহাৰ কৰিছো । কোৱা হয় — বলিউডৰ নায়িকাৰ ট্ৰেকত টিকি থকাৰ বাবে এই ” গুণ ” দুটাৰ প্ৰয়োজন । কাৰণ ভাৰতীয় চিনেমাৰ সৰহ সংখ্যক চৰিত্ৰ নিৰ্মাণ হয় এই দুই ” গুন “-এৰেই । আৰু অভিনয় ক্ষমতা অৱশ্যেই থাকিব লাগিব । অসমীয়া চিনেমাৰ ” নায়িকা ” হবলৈ এই ” গুণ ” থাকিব নালাগে বুলি কোনো কথা নাই !

Add comment

Leave a Reply

Most popular

The Ultimate Managed Hosting Platform