Rupaliparda.com
"সংগীতৰ সাধনা কৰি যিকোনো অসাধ্য সাধন কৰিব পাৰি"- প্ৰণৱ কৃষ্ণাত্ৰেয় 1

“সংগীতৰ সাধনা কৰি যিকোনো অসাধ্য সাধন কৰিব পাৰি”- প্ৰণৱ কৃষ্ণাত্ৰেয়

জুবিন গাৰ্গ, সুবাসনা দত্তকে আৰম্ভ কৰি অসমীয়া সংগীত ক্ষেত্ৰখনৰ আন কেইবাগৰাকীও কণ্ঠশিল্পীৰ সৈতে যুঁটীয়াভাৱে কণ্ঠদান কৰাকে লৈ আন একাংশ কণ্ঠশিল্পীৰ গীতৰ কথাৰ দায়িত্বত থকা প্ৰণৱ কৃষ্ণাত্ৰেয়ৰ নামটো হয়টো আপোনালোকৰ বাবে অজান নহয়। কিছুদিন পূৰ্বে জুবিন গাৰ্গৰ সৈতে একেলগে কণ্ঠদান কৰা গীত “উকা” ইও লাভ কৰিছে শ্ৰোতাৰ বহুল সমাদৰ। গীতটিত কথা আছিল প্ৰণৱ কৃষ্ণাত্ৰেয়ৰ নিজৰেই; সৰুতে জীৱনৰ লক্ষ্যৰ বিষয়ে সুধিলে কোৱা উত্তৰবোৰৰ বিষয়ে আপোনালোকৰ বাৰু মনত আছেনে? আমি আচলতে সেই সময়খিনিত লক্ষ্য আৰু উদ্দেশ্যখিনিক লৈ ঠিৰাং নহওঁ; কিন্তু যেতিয়া এটা বিষয়ক লৈ আমাৰ ইচ্ছাবোৰ বৃদ্ধি পাই গৈ থাকে তেতিয়াই আমি সেই বিষয়টোক লক্ষ্য ৰূপে গ্ৰহণ কৰোঁ। সৰুৰ পৰা সংগীতৰ প্ৰেমত পৰা কণ্ঠশিল্পী অথবা সংগীতশিল্পী সকলে অৱশ্যেই ভবা নাছিল যে পৰৱৰ্তী সময়ত সংগীত তেওঁলোকৰ জীৱন স্বৰূপ হৈ পৰিব। সাক্ষাৎকাৰ গ্ৰহণ কৰা সময়তো আমাক বহুতেই কয় যে সংগীতে তেওঁলোকক প্ৰাপ্তি দিয়ে তথা সংগীতে তেওঁলোকৰ মাজলৈ পূৰ্ণতা আনে। গতিকে, এনেবোৰ কথাৰ দ্বাৰা হয়টো আপুনিও বুজিছে যে কোনটো হাৰত এই প্ৰতিভা সকলে সংগীতক সাধনা কৰে। শেহতীয়াকৈ আমি ৰূপালীপৰ্দাৰ তৰফৰ পৰা এই গৰাকী কণ্ঠশিল্পী প্ৰণৱ কৃষ্ণাত্ৰেয়ৰ সৈতে পাতিছিলোঁ কিছু কথা। সংগীত ক্ষেত্ৰখনত কৰা আৰম্ভণিৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে,

https://youtu.be/dydz-5fo4sY

"সংগীতৰ সাধনা কৰি যিকোনো অসাধ্য সাধন কৰিব পাৰি"- প্ৰণৱ কৃষ্ণাত্ৰেয় 2


“সঁচা অৰ্থত ক’বলৈ গ’লে, সংগীত ক্ষেত্ৰখনৰ লগত মই সৰুৰে পৰাই জড়িত। আচলতে, মই স্কুলত পঢ়ি থকাৰ সময়তে বিভিন্ন ধৰণৰ গীত শুনি ভাল পাইছিলো কিন্তু মই ভবা নাছিলো যে মই নিজেও গীত গাম আৰু এদিন সংগীত কৰিয়েই প্ৰতিষ্ঠা লাভ কৰিম।সৰুৰ পৰা বৰ্তমানলৈ সংগীত ক্ষেত্ৰখনত নিজ চেষ্টা অব্যাহত ৰাখিছোঁ; আগলৈও শ্ৰোতা-দৰ্শকৰ সঁহাৰিৰ আশা কৰিছোঁ।” তেওঁৰ মতে, কোনটো নিৰ্দ্দিষ্ট উপাদানে এটা সংগীতক পূৰ্ণতা দিয়ে বুলি প্ৰশ্ন কৰাত তেওঁ কয় যে, “সংগীতৰ সাধনা কৰি যিকোনো অসাধ্য সাধন কৰিব পাৰি; সংগীতেৰে মানুহৰ মনত আলোড়ন সৃষ্টি কৰি এক আন্দোলনৰ গঢ় দিব পাৰি। সংগীত বিষয়টোত কোনো এটা নিৰ্দিষ্ট উপাদানৰ বিষয়ে ক’বলৈ বহু জটিল যিয়ে সংগীতক পূৰ্ণতা দিয়ে; সংগীত হ’বলৈ হ’লে ইয়াৰ সুৰ-সংগীত, কথাৰ পৰা আৰম্ভ কৰি এগৰাকী কণ্ঠশিল্পীৰ গীতটোৰ সৈতে জড়িত ইচ্ছা, নিষ্ঠাৰো সমানেই প্ৰয়োজন হয়। সঠিকভাৱে, সংগীতৰ সাধনা কৰি গ’লে ঈশ্বৰকো পাব পাৰি গতিকে এটা নিৰ্দ্দিষ্ট উপাদানক কেন্দ্ৰ এই ক্ষেত্ৰখনত আগবঢ়াটো মোৰ মতে ভুল হ’ব। তেওঁৰ আগন্তুক পৰিকল্পনাৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, ” শেহতীয়াকৈ, বহুখিনি গীতৰ কাম কৰি আছোঁ। মোৰ ‘উৰুঙা মন’ এলবামৰ “উকা” গীতটি সকলোৱে ইমান সুন্দৰকৈ আদৰি লোৱাৰ বাবে সকলোকে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই এলবামৰ বাকী কেইটা‌ গীত অতি সোনকালেই মুক্তি লাভ কৰিব; সকলোৱে এনেদৰেই গীত কেইটি আদৰি ল’ব বুলি আশা কৰিলোঁ।

"সংগীতৰ সাধনা কৰি যিকোনো অসাধ্য সাধন কৰিব পাৰি"- প্ৰণৱ কৃষ্ণাত্ৰেয় 3


আৰু, এনেদৰেই মোক সদাই মৰম আৰু আশীর্বাদ কৰি যাব। ইয়াৰ লগতে, ৰূপালীপৰ্দাই মোক এইখিনি কথা ক’বলৈ সুযোগ দিছে; তাৰ বাবে তেওঁলোককো অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।” প্ৰণৱ কৃষ্ণাত্ৰেয়ৰ পৰিকল্পনা সমূহক লৈ তেওঁক ৰূপালীপৰ্দাৰ তৰফৰ পৰাও জনাইছোঁ আন্তৰিক শুভকামনা।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.