Rupaliparda.com
জীৱনৰ সৰু সৰু সুখানুভূতিৰে "ধূলিৰ ধেমালি"- 1

জীৱনৰ সৰু সৰু সুখানুভূতিৰে “ধূলিৰ ধেমালি”-

যাৰ কন্ঠই হৃদয়খন খামোচ মাৰি ৰাখি সুৰবোৰ সিঁৰে সিঁৰে বিয়পাই দিব পাৰে তেওঁ হৈছে ৰূপম ভূঞা। যিগৰাকীৰ কন্ঠই অনুৰাগীৰ মনলৈ এক প্ৰশান্তি আনি দিব পাৰে তেওঁৰ প্ৰতিটো গীতৰ বাবেই আচলতে ৰৈ যায় শ্ৰোতা-দৰ্শক। তাহানিৰ দিনৰ পৰা বৰ্তমানলৈ ৰূপম ভূঞাৰ কন্ঠত কি যাদু আছে বুলি সুধিলে তাৰ উত্তৰত এটাই কথা ক’ব পৰা যায় যে, তেওঁৰ কন্ঠত মৰম আছে, সৰু সৰু কথাৰে গুঁঠি লোৱা আৱেগ আছে আৰু শ্ৰোতাৰ হিয়া মন জুৰ পেলাব পৰাকৈ এসোপা মান আদৰ আছে। যিয়ে প্ৰেমক সুন্দৰৰ শাৰীৰ পৰা লৈ গৈ সৰ্বাংগ সুন্দৰ কৰি তোলে; তেওঁৰ কন্ঠৰে শেহতীয়াকৈ মুক্তি লাভ কৰিছে “ধূলিৰ ধেমালি” শীৰ্ষক এটি নতুন গীত। তেওঁৰ কন্ঠৰে মুক্তি লাভ কৰা গীতসমূহৰ বাৰ্তা পালেই জনসাধাৰণ উৎসাহিত হোৱা এক বিশেষ কাৰণ হৈছে তেওঁৰ গীতৰ কথাবোৰ আনতকৈ কিছু সুকীয়া। কোনো এটা গীত সফল কৰি তুলিবলৈ ইয়াত থকা কন্ঠটোৰ বাহিৰেও ইয়াৰ “কথা” খিনিটো গুৰুত্ব আৰোপ কৰা হয়। ইয়াৰ পূৰ্বেও, বিভিন্ন জন শিল্পীক প্ৰশ্ন কৰা হৈছিল যে কোনো এটা গীতৰ কোনটো উপাদানৰ ওপৰত তেওঁলোকে অধিক গুৰুত্ব দিয়ে? এই প্ৰশ্নৰ উত্তৰত আটাইয়ে গীতটিৰ “কথা” ৰ বিষয়েই উল্লেখ কৰিছিল। মুঠতে, এক কথাত ক’বলৈ গ’লে সুৰ, সংগীত, কন্ঠ আদিৰ সমান্তৰালকৈ গীতটিৰ “কথা” ইও গীতটি সফল কৰি তোলাত সহায় কৰে।


আমি বিভিন্ন সময়ত দেখি আহিছো, এটা গীতত থকা কথাৰ বাবেই ই বিভিন্ন জন শ্ৰোতাৰ সমালোচনাৰ সন্মুখীন হৈ আহিছে আনহাতে এনে কিছুমানো গীত আছে যাৰ “কথা” ৰ বাবে ইয়াক শ্ৰোতাই বাৰম্বাৰ শুনাৰো মন্তব্য কৰিছে। সদ্যমুক্তিপ্ৰাপ্ত গীত “ধূলিৰ ধেমালি” য়ে শ্ৰোতাৰ বহুল সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে। “আলি বাট” ৰ নিবেদনত নিৰ্মিত এই গীতটিৰ কথা প্ৰাঞ্জল কুমাৰ মহন্তৰ; সংগীত কৰিছে দীপাংক শইকীয়াই। সংগীত ব্যৱস্থাপনাৰ দায়িত্বত আছে ৰাকেশ বড়ো; বাঁহী বজাইছে লক্ষ্মীনন্দন লাহনে লগতে শব্দ-সংমিশ্ৰণ কৰিছে দিগন্ত বৰদলৈয়ে। পষ্টাৰ ডিজাইন কৰিছে দিগন্ত ৰৌমূৰীয়াই; জীৱনৰ কিছুমান সৰু সৰু বস্তুক যেতিয়া আমি গুৰুত্ব দিওঁ তেতিয়া সেইবোৰ বস্তুৱে আমাক সুখ প্ৰদান কৰে। পাৰ্থিৱ বস্তুৰ সুখ সমূহ উফৰাই যেতিয়া আমি আগবাঢ়িবলৈ সক্ষম হওঁ; তেতিয়া আমি সুখী হোৱাৰ সুবিধাও লাভ কৰোঁ। এনেই কিছুমান সৰু সৰু সুখক লৈয়ে নিৰ্মাণ কৰি উলিয়াই হৈছে উক্ত “ধূলিৰ ধেমালি” শীৰ্ষক গীতটি। য’ত আপুনি আলিংগন কৰিব পাৰিব আপোনাৰ জীৱনৰ সৰু সৰু সুখানুভূতিক।

জীৱনৰ সৰু সৰু সুখানুভূতিৰে "ধূলিৰ ধেমালি"- 2


সংগীত ক্ষেত্ৰখনৰ সৈতে জড়িত একো একোগৰাকী উল্লেখনীয় কলা-কুশলীৰ গ্ৰহণযোগ্য কামেৰে নিৰ্মিত গীতটিৰ অধিক সফলতাৰ কামনা কৰি তেওঁলোকলৈ যাঁচিছো ৰূপালীপৰ্দাৰ তৰফৰ পৰা আন্তৰিক শুভকামনা।

1 comment

Leave a Reply

The Ultimate Managed Hosting Platform