Rupaliparda.com
"বেহাৰবাৰী আউটপোষ্ট" ৰ পাৰবিন চুলতানাৰ শুভ বিবাহঃ 1

“বেহাৰবাৰী আউটপোষ্ট” ৰ পাৰবিন চুলতানাৰ শুভ বিবাহঃ

৭ বছৰীয়া প্ৰেমৰ অন্ত পেলাই বিবাহ পাশত আবদ্ধ অভিনেত্ৰী পাৰবিন চুলতানা; “বেহাৰবাৰী আউটপোষ্ট” ধাৰাবাহিকখনৰ এটি গুৰুত্বপূৰ্ণ চৰিত্ৰ “সুস্মিতা” ৰূপায়ন কৰি আহিছে এই গৰাকী অভিনেত্ৰীয়ে। তেওঁৰ মেহেন্দী অনুষ্ঠানৰ বিভিন্ন খন ফটো ইতিমধ্যে ভাইৰেল হৈছে চচিয়েল মিডিয়াত; এই অনুষ্ঠানত “বেহাৰবাৰী আউটপোষ্ট” ৰ প্ৰায় আটাইকেইটা চৰিত্ৰ ৰূপায়ন কৰা অভিনেতা-অভিনেত্ৰীকে দেখিবলৈ পোৱা গৈছে। আনহাতে, অভিনেত্ৰী পাৰবিন চুলতানাইও নিজৰ ব্যক্তিগত একাউণ্টতো নিজ প্ৰেমাস্পদ মুস্তাক আহমেদৰ সৈতে কেইবাখনো ফটো প্ৰায়ে শ্বেয়াৰ কৰা দেখিবলৈ পোৱা যায়। তেওঁলোকৰ বৈবাহিক জীৱনক লৈ ৰূপালীপৰ্দাৰ তৰফৰ পৰাওঁ জনাইছো আন্তৰিক শুভকামনা। মনোজ শইকীয়াৰ দ্বাৰা পৰিচালিত এই ধাৰাবাহিকখন যোৱা ২০১৩ চনৰ ৭ অক্টোবৰ তাৰিখৰ পৰা ৰেঙণি যোগে সন্ধিয়া ৮ বজাত প্ৰচাৰ কৰা হৈছে। বৰ্তমানেও এই একেখিনি সময়ত সম্প্ৰচাৰিত “বেহাৰবাৰী আউটপোষ্টে” শেহতীয়াকৈ সম্পূৰ্ণ কৰিছে ২০০০ টাকৈ খণ্ড। জনসাধাৰণক নিতৌ একোটা নিৰ্দিষ্ট মেছেজ প্ৰদান কৰে ধাৰাবাহিকখনে।


জটিল জীৱনৰ নিত্য-নতুন উঠা-নমা বোৰ পাহৰি আধা ঘণ্টাৰ বাবে জনসাধাৰণক হহুৱাত ধাৰাবাহিকখন সফল যেন লাগে। হিন্দী ধাৰাবাহিক সমূহৰ সৈতে ফেৰ মাৰিব পৰাকৈ সকলো গুণেই ধাৰাবাহিক খনত আছে।ভিন্ন চৰিত্ৰৰ ভিন্ন ব্যক্তিত্ব লগতে এটা “কেচ” ৰ লগতে জড়িত আৰক্ষীৰ দৃষ্টিভংগীৰ যি সুন্দৰ প্ৰকাশ তাত সফল “বেহাৰবাৰী আউটপোষ্ট”।

1 comment

Leave a Reply

The Ultimate Managed Hosting Platform