Rupaliparda.com
জেৰিফা ৱাহিদ

যেতিয়া ছুপাৰষ্টাৰে জেৰিফাক কৈছিল — ‘ তুমি ডাঙৰ অভিনেত্ৰী হ’বা ! ‘ || – উৎপল মেনা

সম্ভৱতঃ ২০০০ চনৰ কোনো এটা দিনত জেৰিফা ৱাহিদক প্ৰথমবাৰ লগ পাইছিলো ! — সেই সময়ত মোৰ কৰ্মস্থান আছিল মুম্বাই । কেইদিন মানলৈ গুৱাহাটীলৈ আহিছিলো । ” বিস্ময় “ৰ কাৰ্যালয়ত আড্ডা দি আছিলো । চিনেমা কেন্দ্ৰীক আড্ডা । আড্ডাৰ মাজতে লেখক , চিনেকৰ্মী হেমচন্দ্ৰ দলেৰ প্ৰস্তাৱ , জেৰিফা ৱাহিদৰ সাক্ষাৎকাৰ মই যুগুত কৰি দিব লাগে । দলে সেই সময়ত বিস্ময় প্ৰকাশৰ ” ৰংঘৰ “ৰ কাৰ্যবাহী সম্পাদক । — মই না নকৈ নিৰ্দিষ্ট সময়ত জেৰিফাৰ সৈতে বহিছিলো । জেৰিফা ৱাহিদৰ ঘৰত ।” বাৰ্বি ডল “ৰ ঘৰত । মোৰ যিমান দূৰ মনত পৰে জেৰিফাৰ নামৰ আগত “বাৰ্বি ডল’ ” শব্দটো প্ৰথমে ব্যৱহাৰ কৰিছিল মোৰ সাংবাদিক বন্ধু প্ৰৱাল খাউণ্ডে , ” বিস্ময় “ত । এই প্ৰসঙ্গৰে আৰম্ভ হৈছিল আমাৰ কথা । ” হয় , প্ৰথমে বিস্ময়ত । তাৰ পিছত বহুতে “বাৰ্বি ডল’ ” বুলি লিখে মোৰ বিষয়ে লিখিলে । লিখিলে স্বাভাবিকতে ভাল লাগে । ” — জেৰিফাই কৈছিল । সেই প্ৰথম সাক্ষাৎৰ সময়লৈকে জেৰিফাই তিনিখন চিনেমাত অভিনয় কৰিছিল । ” অভিমান ” ( ১৯৯০ ) , ” অগ্নিগড় ” ( ১৯৯৪ ) , আৰু “তুমি মোৰ মাথোঁ মোৰ ” ( ২০০০ ) ত । চিনেমাৰ সংখ্য হয়তো বাঢ়িল হেতেন ! যদিহে দিল্লীলৈ অধ্যয়নৰ বাবে নগ’ল হেতেন ! ইতিহাস অধ্যয়ন কৰিছিল ।

যেতিয়া ছুপাৰষ্টাৰে জেৰিফাক কৈছিল -- ' তুমি ডাঙৰ অভিনেত্ৰী হ’বা ! ' || - উৎপল মেনা 1
জেৰিফা ৱাহিদ

অধ্যয়ন শেষ কৰি ঘৰলৈ অহাৰ কেইদিন মান পিছতে প্ৰস্তাৱ পাইছিল জুবিন গাৰ্গৰ পৰা ” তুমি মোৰ মাথোঁ মোৰ “ৰ চৰিত্ৰটোৰ বাবে । জুবিনৰ প্ৰথম পৰিচালনা । চিনেমা খনৰ নায়কো জুবিন । ” স্থানিয় বজাৰ “ত অসফল , চিত্ৰৰসিককো সন্তষ্ট কৰিব নোৱাৰিলে চিনেমা খনে । স্বাভাবিকতে ” নায়িকা ” জেৰিফাকো ” অভিনয় কেৰিয়াৰ “ত চিনেমাখনে সহায় নকৰিলে । বিপৰীতে চন্দ্ৰ মুদৈৰ পৰিচালনা ” অগ্নিগড় “ত কৰা অভিনয় প্ৰশংসাযোগ্য । — চিনেমা খনৰ প্ৰসঙ্গত জেৰিফাই কৈছিল , ” অভিনয়ৰ প্ৰতি মোৰ বিশেষ আকৰ্ষন নাছিল । শিশু চৰিত্ৰ এটাত অভিনয় কৰিছিলো , বাধ্য হৈ । চিনেমা খনৰ নাম — ‘অভিমান’। তাত বিজু ফুকনক লগ পাইছিলো ।মোৰ মনত তেতিয়া তেওঁ ছুপাৰষ্টৰ । ছুপাৰষ্টাৰ গৰাকীয়ে মোক উৎসাহ দি কৈছিল — ‘ তুমি এটা সময়ত ডাঙৰ অভিনেত্ৰী হ’বা। ‘ নাজানো কিয় , তেতিয়াৰে পৰা অভিনয়ৰ প্ৰতি মোৰ আগ্ৰহ বাঢ়িছিল । আৰু চন্দ্ৰ মুদৈৰ চিনেমাত আগ্ৰহেৰে আভিনয় কৰিলো । ” সফল নহলেও ” তুমি মোৰ মাথো ” ৰে ” নায়িকা যাত্ৰা ” আৰম্ভ হৈছিল জেৰিফাৰ । অভিনয় কৰিছিল ” সেউজী ধৰণী ধুনীয়া ” ( পৰিচলক : ৰাজীৱ ভট্টাচাৰ্য্য /২০০১ ) , ” অন্য এক যাত্ৰা ” ( পৰিচালক : মঞ্জু বৰা /২০০১ ) , ” নায়ক ” ( পৰিচালক : মুনিন বৰুৱা /২০০১ ) , ” গুণ গুণ গানে গানে ” ( পৰিচালক : বিদ্যুৎ চক্ৰৱৰ্তী /২০০২ ) , ” প্ৰেম গীত ” ( পৰিচালক : আশিষ শইকীয়া /২০০২ ) ত । — এই চিনেমা কেইখনত জেৰিফাৰ বিশেষ অভিনয় ক্ষমতা দেখা নাযায় । কিন্তু চিনেমা কেইখনে নিৰ্মাণ কৰিছিল ” নায়িকা জেৰিফা “ক । অভিনয় ক্ষমতা দেখুৱাবলৈ জেৰিফাই অপেক্ষা কৰিবলগীয়া হৈছিল ২০০৩ চনলৈ । আজিৰ তাৰিখৰ দক্ষ পৰিচালক যদুমণি দত্তৰ প্ৰথম পৰিচালনা ” অগ্নিসাক্ষী “ত জেৰিফাৰ মন ছুই যোৱা অভিনয় চাইছিলো । এই চিনেমা খনত কৰা অভিনয়ৰ বাবে অসম চৰকাৰৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটা পাইছিল , শ্ৰেষ্ঠ অভিনেত্ৰীৰ শিতানত ।

জেৰিফাই অভিনয় কৰিছিল — ২০০৪ ত “কাদম্বৰী” (পৰিচালক : বাণী দাস ) , ২০০৬ত ” দেউতা দিয়া বিদায় ” (পৰিচিলক : ৰমেশ মোডী ) , ২০০৮ ত “অহিৰ ভৈৰৱ ” ( পৰিচিলক : শিৱপ্ৰসাদ ঠাকুৰ ) , ২০১২ত “বান্ধোন ” (পৰিচালক : জাহ্নু বৰুৱা ) , ২০১৩ ত ” দুৱাৰ ” ( পৰিচালক : বিদ্যুৎ চক্ৰৱৰ্তী ) , ২০১৪ ত ” ৰাগ – দ্য ৰিদম অৱ লাভ ” ( পৰিচালক : ৰজনী বসুমতাৰী ) , ২০১৬ ত ” কথানদী ” পৰিচালক : ভাস্কৰ হাজৰিকা ) আৰু জাহ্নু বৰুৱাৰ

” ভগা খিৰিকী ” ত । “দুৱাৰ ” ত কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ শিতানত ” প্ৰথম ফিল্মফেয়াৰ বঁটা পূব – ২০১৪ ” জয় কৰে । ” ফিল্মফেয়াৰ ” প্ৰাপ্তিৰ পিছত মোৰ অভিনন্দন গ্ৰহণ কৰি জেৰিফাই কৈছিল , ” মই যদি সফল , সফলতা সম্ভৱ হৈছে পৰিচালক বিদ্যুৎ চক্ৰৱৰ্তী‌ৰ পৰিশ্ৰমৰ বাবে । আন্তৰিকতাৰে শিকাইছিল , চৰিত্ৰটো বুজাইছিল ।আৰু মই সহজতে চৰিত্ৰটোৰ মাজত সোমাব পাৰিছিলো । ” আৰু যেতিয়া ” ৰাগ – দ্য ৰিদম অৱ লাভ ” চাই ” ভাল লাগিল ” বুলিছিলো , জেৰিফাই কৈছিল , ” ৰজনী বসুমতাৰীয়ে মোক কৈছিল — চৰিত্ৰটো তোমাৰ বাবে ৰচনা কৰিছো । মোৰ বিশ্বাস তুমি পাৰিবা ! মোক যে বিশ্বাস কৰিছিল , সেয়া মোৰ প্ৰেৰণা আছিল । এনে প্ৰেৰণাই অভিনয় শিল্পীক চৰিত্ৰ নিৰ্মাণত সহায় কৰে । ” — জেৰিফাই কোৱা কথাতে স্পষ্ট , জেৰিফা পৰিচালকৰ অভিনেত্ৰী । এই কথা মনত ৰাখি নিশ্চয় কব পাৰি , ” কথানদী “ৰ পৰিচালক ” ৰাগ “ৰ পৰিচালকৰ দৰে সফল নহয় , জেৰিফাৰ অভিনয় ক্ষমতা ব্যৱহাৰত । আৰু ” ভগা খিৰিকী “ৰ জাহ্নু বৰুৱ ? চিনেমা খনৰ প্ৰসঙ্গত কেইবা বাৰো কথা পাতিছো জেৰিফাৰ সৈতে । চোৱাৰ আগ্ৰহ বাঢ়িছিল । চোৱাৰ সুযোগহে পোৱা নাই ।

Utpal Mena

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform