হীৰেন বৰাৰ চিনেমাৰ বিষয় বস্তুত এই কথা স্পষ্ট — সামাজিক দায়বদ্ধতাৰ কথা মনত ৰাখে । সমাজৰ ছবি ৰূপালী পৰ্দালৈ আনে । ” বসুন্ধৰা ” ত আছিল সমাজৰ সমস্যা । পৃথিৱীৰ সমস্যা । আৰু দ্বিতীয় ( চিনেমা ) পৰিচালনা “ক্ষোভ ” শিশু মনস্তত্ব । গাওঁৰ মুকলি আকাশৰ আকাশৰ তলত উমলি ফুৰা চিনেমা খনৰ কিশোৰ নায়ক সঞ্জু চহৰৰ যান্ত্ৰিকতাৰ সজাত বন্দী হয় । ককা – আইতাক , ভনীয়েক আৰু বহুজনৰ সৈতে কৈশোৰৰ সোণালী সুদিন পাৰ কৰি থকাৰ সময়তে দেউতাকৰ চকৰিৰ বাবে সঞ্জুই পৰিয়ালৰ সৈতে গুৱাহাটীলৈ আহে আৰু নানা সমস্যাৰ মাজত সোমাই মানষিক ভাবে অস্থিৰ হয় ।– বহু দিন হীৰন বৰাৰ সৈতে চিনেমাকেন্দ্ৰীক চৰ্চা হোৱা নাছিল । আৰু এদিন যেতিয়া লগ পাইছিলো কৈছিল — ” ক্ষোভ “ৰ কথা ।
চিনেমা খন মই আজিও চোৱা নাই । চোৱাৰ ইচ্ছা অৱশ্যে আছে । ” মোৰ ধাৰণাত চিনেমা ‘ চিনেমা ‘ ৰ বাবে নিৰ্মাণ কৰিব নালাগে, চিনেমা ‘ বজাৰ ‘ৰ বাবেও নিৰ্মাণ হব নালাগে , চিনেমা মানুহৰ বাবে , মনুহৰ কল্যাণৰ বাবে নিৰ্মাণ হব লাগে । গতিকে মই ভাবো, মোৰ ধাৰণা মনত ৰাখি মই সফল ! কৰ্ণাতক ইণ্টাৰনেচনেল শিশু ফিল্ম মহোৎসৱত ১০০ খন স্ক্ৰীণত ৭,৫০,০০০ গৰাকী কিশোৰ দৰ্শকক চিনেমা খন দেখুৱাইছিল । কেইবা খনো চলচ্চিত্ৰ মহোৎসৱত চিনেমা খনে বঁটা লাভ কৰিছে । কিন্তু মোৰ বাবে ৭,৫০,০০০ গৰাকী দৰ্শকক যে কৰ্ণাতক চৰকাৰে চিনেমা খন দেখুৱাইছে সেয়া মোৰ বাবে বেছি আনন্দৰ । ” সেই দিনা হীৰেন বৰাই আৰু দুখন চিনেমাৰ কথা কৈছিল ।
” সীমা – দ্য আনট’ল্ড ষ্ট’ৰী ” আৰু “বাঁহী “ৰ । “সীমা ” ত পৰিচালকৰ নিজা অনুভৱ আছে । চিনেমা খনৰ কাহিনী নিৰ্মাণ হৈছে ১৯৬২ চনৰ চীন – ভাৰত যুদ্ধৰ সময় চোৱাৰ বাস্তৱ ছবিৰে । অসম – অৰুণাচলত হোৱা হাহাকাৰ , অসমৰ মানুহৰ মনৰ হাহাকাৰ পৰিচালকে দেখিছিল , অনুভৱ কৰিছিল ! আৰু চিনেমা খনৰ কাহিনী – চিত্ৰনাট্য ৰচনাৰ আগে – আগে অনুসন্ধান , অধ্যয়নো কৰিছিল । আৰু অনুভৱ , অধ্যয়ন , অনুসন্ধানেৰে আকাৰ দিছিল ” সীমা ” ৰ । হীৰেন বৰাই কৈছিল — ” তেজপুৰ দখলৰ বাবে ৰঙা চীন ব’মডিলা পৰ্যন্ত আহিছিল । প্ৰধানমন্ত্ৰী নেহৰুৱে কৈছিল — ‘ My heart goes out to the people of Assam at this hour. ‘ আৰু সেই সময়ত আমাৰ তেজপুৰৰ সকলোৰে মনত ভয় আৰু বাঢ়িছিল । কিযে হাহাকাৰ ! যুদ্ধৰ হাহাকাৰ ! আজিও চকুৰ আগত ভাহি উঠে ! মনলৈ আহি থকা সেই ছবিক কেন্দ্ৰ কৰিয়ে মোৰ এই চিনেমা খনৰ কাহিনী লিখা হৈছে । “
” বাঁহী ” । মনিকুন্তলা ভট্টাচাৰ্যৰ এঘাৰ নম্বৰ উপন্যাস । ২০১০ চনত প্ৰকাশ পাইছিল । আভিজাত্যৰ প্ৰতীক মৌজাদাৰ পৰিয়াল এটাৰ কৰুণ কাহিনী । সময় — সত্তৰ দশক । ” সেই সময়ৰ পৰিবেশ , সাজ – পাৰ ইত্যাদিৰ কথা মনত ৰাখি কাহিনী আগবঢ়াই নিয়া হৈছে । ” — হীৰেন বৰাই কৈছিল ।
Add comment