প্ৰতিদিনেই দেখা নতুনত্ববোৰে আমাক উৎসাহিত কৰি ৰাখে; আমি দৈনন্দিন জীৱনতো এই নতুনত্ববোৰ অনুভৱ কৰিবলৈ উৎসাহী হৈ থাকো। মনোৰঞ্জন ক্ষেত্ৰখনো ঠিক তেনেকুৱাই; আমি শেহতীয়াকৈ ইয়াত প্ৰতিদিনেই নতুনত্ববোৰ দেখিছো, অনুভৱ কৰিছো। নতুনত্ববোৰ অনাত অহৰহ প্ৰয়াস কৰিছে নৱপ্ৰজন্মইহে; তেওঁলোকৰ চেষ্টাই যাতে জনসাধাৰণক আকৰ্ষণ কৰিব পাৰে তাৰেই প্ৰয়াসত ব্যস্ত থাকে এওঁলোক। এই নতুনত্বই যদিও কিছুক্ষেত্ৰত পৰিৱৰ্তনৰ সৃষ্টি কৰিছে তৎস্বত্বেও এই পৰিৱৰ্তনে দৰ্শক-শ্ৰোতাৰ বাবে আমোদৰ বাটো মুকলি কৰিছে। সংগীতৰ ন-ন সংস্কৰণে বৰ্তমান আকৰ্ষণ কৰিছে জনসাধাৰণক। বৰগীতৰ পৰা আৰম্ভ কৰি আমাৰ থলুৱা প্ৰতিটো সংগীতৰ সংস্কৰণক লৈ অসমীয়া শ্ৰোতাৰ বিশেষ মৰম আমি দেখিবলৈ পাওঁ। সংগীতত কন্ঠদান কৰাৰ উপৰিও সংগীতটোৰ সৃষ্টি কৰাৰ আঁৰত বহুখিনি আন যাৱতীয় কথাও সন্নিৱিষ্ট হৈ থাকে। যেনে ধৰক ইয়াৰ কথা, ইয়াত দিয়া সংগীত, সুৰ তথা পৰিচালনা-প্ৰযোজনা ইত্যাদি; শ্ৰোতাকো নতুনে আকৰ্ষণ কৰে। পৰিৱৰ্তন যিহেটো প্ৰকৃতিৰ নিয়ম গতিকে এনে নিয়মৰে বশৱৰ্তী আমিবোৰ। টাই-আহোম সংস্কৃতিক ৰাইজৰ মাজলৈ লৈ আনিবলৈ নিজ অহোপুৰুষাৰ্থ কৰি থকা এগৰাকী সংগীতশিল্পী হৈছে যুতিমালা বুঢ়াগোহাঁই। শেহতীয়াকৈ ৰূপালীপৰ্দাৰ তৰফৰ পৰা তেওঁৰ সৈতে পাতিছিলোঁ কিছু কথা। তেওঁৰ সংগীত ক্ষেত্ৰখনত আৰম্ভণিৰ বিষয়ে প্ৰশ্ন কৰাত তেওঁ কয় যে,
“স্কুললৈ নোযোৱাৰ পৰাই ঘৰত মোৰ বায়ে বিভিন্ন ধৰণৰ অনুশীলন কৰা দেখিছিলোঁ। গীত, নৃত্য, ছবি অঁকা, নাটক এনেধৰণৰ বস্তুবোৰে মোক বৰ আকৃষ্ট কৰিছিল। তেনেকৈয়ে মইনা পাৰিজাতৰ বিভিন্ন অনুষ্ঠান আৰু বিদ্যালয়ৰ গীত, নৃত্য, বক্তৃতা আৰু নাটক আদি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছিলোঁ। লাহে লাহে ই এক নিচালৈ ৰূপান্তৰিত হ’ল আৰু আজিও একেদৰেই এই বিশাল সাংস্কৃতিক মনোৰঞ্জন ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ আছোঁ। আচলতে, জড়িত বুলি কলে ভুল হʼব, ই সঁচা অৰ্থত মোৰ জীৱনৰ এক অভিন্ন অংশ।” টাই-আহোম জনগোষ্ঠীৰ সাংস্কৃতিক দিশটোক সক্ৰিয় কৰাৰ ক্ষেত্ৰত যুতিমালাৰ পৰিকল্পনা সমূহৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “বহুতো পৰিকল্পনা আছে, গীত, কথাছবি ইত্যাদিৰ সৈতে ৰাইজৰ মাজলৈ আগবাঢ়ি যোৱাৰ কথাও ভাবিছো। বিশেষকৈ, টাই আহোম সংস্কৃতি আৰু টাই আহোম ভাষা যাতে প্ৰতিজন টাই আহোম ব্যক্তিয়ে শুদ্ধকৈ ক’ব পাৰে, পৰিৱেশন কৰিব পাৰে, তেনেধৰণৰ এক পৰিৱেশ গঢ় দিয়াৰ ইচ্ছা আছে । কেৱল টাই আহোম বুলিয়েই নহয়, মোৰ বোধেৰে অসমৰ বা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিটো জাতিৰ প্ৰতিজন ব্যক্তিয়ে নিজস্ব কৃষ্টি-সংস্কৃতি ধৰি ৰাখি, একতাৰ দোলেৰে বান্ধ খাই থকাটো খুবেই প্ৰয়োজনীয়। কিয়নো এই নানাৰঙী সংস্কৃতিৰ বাবেই আমি অতি অনন্য আৰু চহকী । স্বৰ্গদেউ ছ্যুকাফায়ো আমাক বৰঅসম গঢ়ি দি তাকেই শিকাই থৈ গ’ল।” তেওঁৰ ফালৰ পৰা এগৰাকী “শিল্পী” ৰ সংজ্ঞা জানিবলৈ বিচৰাত তেওঁ কয় যে, ” মোৰ সম্যক জ্ঞানেৰে, শিল্পকৰ্মৰ সাধনা কৰা প্ৰতিজন ব্যক্তি যিয়ে সামাজিক, নৈতিক আৰু মানৱিক দায়িত্ববোধক আৰু নিজ সৃষ্টিশীলতাক সৰ্বোচ্চ স্থান দি, জীৱনৰ ধৰ্ম হিচাপে চিৰদিন পালন কৰি আহিছে ,তেওঁলোক আটায়ে মোৰ বাবে শিল্পী।”
যুতিমালা বুঢ়াগোহাঁইৰ এনে পৰিকল্পনাই আচলতে তেওঁৰ অনুৰাগীকো উৎসাহিত কৰি তোলাত সক্ষম হৈছে। তেওঁক ৰূপালীপৰ্দাৰ তৰফৰ পৰা তেওঁৰ অনাগত দিনৰ প্ৰকল্পসমূহৰ বাবে জনাইছোঁ অশেষ শুভকামনা।
Add comment