Rupaliparda.com
আলিস্মিতা গোস্বামী আৰু অচিন্ত ৰাজ কাশ্যপৰ সুন্দৰ অভিনয়েৰে কাদম্বৰী ক্ৰিয়েচনৰ "Love Birds"- 1

আলিস্মিতা গোস্বামী আৰু অচিন্ত ৰাজ কাশ্যপৰ সুন্দৰ অভিনয়েৰে কাদম্বৰী ক্ৰিয়েচনৰ “Love Birds”-

“Love Birds”; এই শব্দটো শুনিলে আপুনি কি বুজি পায় বাৰু? আমি সচৰাচৰ এহাল প্ৰেমিক-প্ৰেমিকাক একেলগে দেখিলে প্ৰায়ে মনগহ্বৰৰ পৰা ওলোৱা শব্দটো হৈছে “Love Birds”। আমি প্ৰায়ে কৈ আহিছো যে বৰ্তমান পৰিপ্ৰেক্ষিতত প্ৰেম নিবেদনৰ সংজ্ঞা সলনি হৈছে; তথাপিও ভালপোৱা অথবা কোনোবো এগৰাকীক ভাললগাৰ সেই হৃদয়ৰ সুন্দৰ অনুভূতিটোৰ সলনি কিন্তু এতিয়াও নাই হোৱা। তেতিয়াৰ দিনত নিজ প্ৰেমাস্পদক লগ পাবলৈ বহুদিনীয়া অপেক্ষা কৰিবলগীয়া হৈছিল যদিও বৰ্তমান “লিভ-ইন” ৰ দৰে এক বিষয়বস্তুৱে ইজনে আনজনক বুজি পোৱাত সহায় কৰিছে। আমি কিন্তু এতিয়াও কৈছো যে পৰিৱৰ্তন অথবা সাল-সলনিৰ সন্মুখীন হ’লেও প্ৰেম প্ৰেম লগা সেই অনুভূতিক নিজ ঠাইৰ পৰা কোনেও আঁতৰাব পৰা নাই। এতিয়াৰ সম্পৰ্কবোৰত জটিলতা সোমাইছে; কিন্তু সম্পৰ্কবোৰৰ মহত্ববোৰ একেই আছে। তেনে এক নতুন প্ৰেমৰ ব্যতিক্ৰমী সোঁৱাদ দিবলৈ শেহতীয়াকৈ মুক্তি লাভ কৰিছে এখন চুটি ছবি “Love Birds”। কাদম্বৰী ক্ৰিয়েচনৰ বেনাৰত নিৰ্মিত এই চুটি ছবিখনক মুক্তি লাভৰ পিছতেই সমাদৰ জনাইছে দৰ্শকে; ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত পৰিচালক সমুজ্জল কাশ্যপৰ পৰিচালনাৰে নিৰ্মিত এই চুটি ছবিখনতো পৰিচালক গৰাকীয়ে নিজৰ ব্যতিক্ৰমী টুইষ্ট আনিবলৈ কৰা অহোপুৰুষাৰ্থ পৰিলক্ষিত হৈছে। অৱশ্যে স্ক্ৰীণত এটি নতুন যুঁটিয়েও চৰ্চা লাভ কৰিছে চুটি ছবিখনৰ দ্বাৰা। চুটি ছবিখনৰ দুটি মুখ্য ৰিমলী আৰু গৌতমৰ চৰিত্ৰ ৰূপায়ণ কৰিছে ক্ৰমে আলিস্মিতা গোস্বামী আৰু অচিন্ত ৰাজ কাশ্যপে।


দুয়োগৰাকীয়ে নিজ নিজ চৰিত্ৰ ৰূপায়ণৰ বাবে কৰা প্ৰচেষ্টাই চুটি ছবিখন আৰু অধিক উল্লেখযোগ্য কৰি তুলিছে। আনহাতে, ইয়াত আন এটি গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ণ কৰিছে চৌধুৰীয়ে অৰ্থাৎ হৰ্ষ সিদ্ধান্তই। তেওঁৰ অভিনয়ে আপোনালোকক চিৰিয়াচ হৈ থকাৰ মাজতো হাস্যৰস প্ৰদানত সক্ষম হৈছে। চুটি ছবিখনৰ অইন এটি চৰিত্ৰত আছে হিৰণ্য অধিকাৰী। কাদম্বৰী ক্ৰিয়েচনৰ বেনাৰত নিৰ্মিত প্ৰকল্পত প্ৰেম কাহিনীৰ উপস্থাপনে যেন দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে। বিগত বৰ্ষৰ “Arranged” আৰু চলিত বৰ্ষৰ “Love Birds” য়ে হৈছে উক্ত কথাষাৰৰ প্ৰকৃত উদাহৰণ। প্ৰেম বোলা এই অনুভূতিটো ইমানেই অধিক সুকীয়া যে আমি ইয়াক নভৱাকৈ একো কৰিবই নোৱাৰোঁ; কেতিয়াবা এৰিব বিচাৰিও এৰিব নোৱাৰা বস্তুবোৰক এবাৰতেই নাকচ কৰি দিব পৰা শক্তিয়েই আছে এই প্ৰেমত। Love Birds শীৰ্ষক এই চুটি ছবিখনকো তেনেধৰণৰ এক কাহিনীৰে আগবঢ়াই লৈ যোৱা হৈছে। ২১ মিনিট দৈৰ্ঘ্যৰ এই চুটি ছবিখনৰ কাহিনী তথা স্ক্ৰীপ্টৰ দায়িত্ব আছে ভাস্কৰজিৎ শইকীয়া লগতে চিত্ৰনাট্যৰ দায়িত্বত আছে পৰিচালক সমুজ্জল কাশ্যপ। অৱশ্যে, উক্ত চুটি ছবিখনৰ কাহিনীভাগত হৰ্ষ সিদ্ধান্তই ৰূপায়ন কৰা চৰিত্ৰটোৰ চিত্ৰনাট্য তেওঁ নিজাববীয়াকৈ লিখি উলিয়াইছে। চুটি ছবিখনৰ সহঃ পৰিচালক কাদম্বৰী কাশ্যপৰ লগতে ৰূপসজ্জা বিজিয়েতা পাটগিৰীৰ।

আলিস্মিতা গোস্বামী আৰু অচিন্ত ৰাজ কাশ্যপৰ সুন্দৰ অভিনয়েৰে কাদম্বৰী ক্ৰিয়েচনৰ "Love Birds"- 2


দৃশ্যগ্ৰহণ কৰিছে নগেন বৈশ্যই। চুটি ছবিখনৰ সৈতে জড়িত প্ৰতিজন কলা-কুশলীৰ চৰিত্ৰই আদৰ লাভ কৰিছে জনসাধাৰণৰ। তেওঁলোকক ৰূপালীপৰ্দাৰ তৰফৰ পৰাও জনাইছো অশেষ শুভকামনা।

1 comment

Leave a Reply

The Ultimate Managed Hosting Platform