Rupaliparda.com
মুকাভিনয় শিল্পী মিনাংক ডেকাৰ জনসজাগতামূলক অনুষ্ঠানঃ 1

মুকাভিনয় শিল্পী মিনাংক ডেকাৰ জনসজাগতামূলক অনুষ্ঠানঃ

মূকাভিনয়ৰ জৰিয়তে গুৱাহাটীৰ ৰাজপথত মূকাভিনয় শিল্পী মিনাংক ডেকাৰ সজাগ তথা সচেতনতা অভিযান। ৰাষ্ট্ৰীয় জলপানি প্ৰাপ্ত শিল্পী মিনাংক ডেকাই শেহতীয়াকৈ চানচাইন গুৱাহাটীৰ উদ্যোগত তেওঁ ৰাইজৰ মাজত প্ৰায় ৫০০ খন মাস্ক আৰু ৩০০ টা চেনিটাইজাৰ বিতৰণ কৰে। সাধাৰণজনক এখন ক’ভিড মুক্ত পৰিৱেশ প্ৰদানৰ বাবে অহোপুৰুষাৰ্থ কৰি অহা মিনাংক ডেকাই তেওঁৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। কেৱল মাত্ৰ এটা দিনতেই নহয়, ইয়াৰ পূৰ্বেও মিনাংক ডেকাই নিজাববীয়াকৈ বহুবাৰ জনসাধাৰণৰ ওচৰত সজাগতামূলক কাৰ্যসূচীৰে মূকাভিনয় প্ৰদৰ্শন কৰা দেখিবলৈ পোৱা গৈছিল। মিনাংক ডেকাক লৈ এতিয়া একাংশ নৱপ্ৰজন্ম মূকাভিনয় শিল্পটোৰ প্ৰতি আগ্ৰহী হৈ পৰাও দেখিবলৈ পোৱা যায়।কিছুদিন পূৰ্বে মিনাংক ডেকাই অসমৰ পৰা প্ৰকাশিত ভাৰতৰ প্ৰথম খন আন্তঃৰাষ্ট্ৰীয় জাৰ্নেল “নির্বাক” প্ৰস্তুত কৰি উলিয়াইছিল। জাৰ্নেল খন মিনাংক ডেকাৰ এক সপোনৰ প্ৰকল্প হোৱাৰ লগতে “নিৰ্বাক” ৰ দ্বাৰা মুকাভিনয় শিল্পটোৰ প্ৰতি নৱপ্ৰজন্ম তথা উত্তৰ প্ৰজন্মক বহুল হাৰত আকৰ্ষিত হ’ব বুলি ক’লেও হয়টো অতিৰঞ্জিত নহ’ব। উক্ত দ্বিভাষিক পত্ৰিকাখনত অসমৰ বহু লেখক- শিল্পীয়ে প্ৰবন্ধ লেখাৰ উপৰি বিশেষকৈ মেক্সিকো, ফ্ৰান্স, জাৰ্মানী আদি বিভিন্ন দেশৰ মুকাভিনয় শিল্পীয়ে এই বিশ্বজনীন শিল্পটোৰ বিষয়ে বিশদ ভাৱে লিখিছে।


শিশুৰ শাৰিৰীক তথা মানসিক বিকাশত মুকাভিনয়ৰ যে যথেষ্ট ভূমিকা আছে সেই কথাৰ প্ৰতি লক্ষ্য ৰাখিও বিজ্ঞানসন্মত ভাৱে আগবাঢ়িব চেষ্টা কৰিছে মিনাংক ডেকাই। এনে একোগৰাকী নৱপ্ৰজন্মৰ প্ৰচেষ্টাৰ বাবেই আচলতে সম্প্ৰতি সময়ছোৱাত বহু গঠনমূলক কামেৰে অসমৰ মনোৰঞ্জন ক্ষেত্ৰখন চহকী হৈ পৰিছে। তেওঁক ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো অলেখ শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform