Rupaliparda.com
নেপালী-অসমীয়াৰ ৯ বিধ বাদ্যযন্ত্ৰৰ সংযোজনেৰে "সুৰ তুমি" ৰ সফলতাঃ 1

নেপালী-অসমীয়াৰ ৯ বিধ বাদ্যযন্ত্ৰৰ সংযোজনেৰে “সুৰ তুমি” ৰ সফলতাঃ

এটা গীত যিসমূহ উপাদানেৰে পৰিপূৰ্ণ হৈ উঠে অথবা এটা গীতক যিসমূহ উপাদানে পূৰ্ণতা দিব পাৰে, সেই সমূহকে লৈ আজিৰ নৱপ্ৰজন্মই কৰা চেষ্টা সমূহ লেখত ল’বলগীয়া। সেইবাবেই হয়টো বৰ্তমান প্ৰজন্মৰ প্ৰতিটো প্ৰকল্প দৰ্শক-শ্ৰোতাৰ বাবেও একপ্ৰকাৰ গ্ৰহণযোগ্য হৈ উঠে। ন-ন সুন্দৰ গীতৰ সমাহাৰ আচলতে এই সংগীত ক্ষেত্ৰখনত ইতিমধ্যে হৈছে। আমি প্ৰায় সংগীত শিল্পী এনে দেখিছো; যাৰ বাবে জনপ্ৰিয়তাতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে এটা প্ৰকল্পৰ বিষয়বস্তুটো। এনে সংগীতশিল্পী সমূহে লাখৰ অংকত ভিউৱাৰচ নাপালেও তেওঁলোকৰ গীত, কথা আদি যিসকলে উপভোগ কৰে তেওঁলোকে প্ৰশংসা নকৰাকৈ নাথাকে। ঠিক তেনে গীতৰ সৃষ্টিৰ আঁৰত লুকাই আছে নৱপ্ৰজন্মৰ একাংশ কলা-কুশলী। আচলতে, সঁচা কথা ক’বলৈ গ’লে; অসমীয়া সংগীত ক্ষেত্ৰখন তাহানিৰ দিনৰ পৰাই চহকী। বাণিজ্যিক দিশৰ পৰা সফল একাংশ গীতৰ পৰা ফালৰি কাটি যদি আমি চাবলৈ যাওঁ তেন্তে দেখিবলৈ পাম যে ইয়াত একাংশ এনে গীত আছে যিয়ে শ্ৰোতাক আমোদ তথা মনোৰঞ্জন প্ৰদানৰ লগতে তেওঁলোকৰ ভিতৰত চলি থকা চিন্তা-ভাৱনা ইত্যাদি বিভিন্নতা দিশক সংযোগ কৰিবলৈ সক্ষম হয়। শেহতীয়াকৈ নেপালী আৰু অসমীয়া জনসমাজত প্ৰসিদ্ধ ৯ বিধ বাদ্যযন্ত্ৰৰে এটি গীতে মুক্তি লাভ কৰিছিল আৰু সেই গীতটিৰ নাম হৈছে “সুৰ তুমি”। থলুৱা গীত তথা থলুৱা বাদ্যযন্ত্ৰৰে জনসাধাৰণক আপ্লুত কৰাৰ প্ৰচেষ্টা নৱপ্ৰজন্মই অব্যাহত ৰাখিছে।


উক্ত গীতটিৰ সমগ্ৰ পৰিকল্পনা কৰিছে প্ৰতিভাশালী ভাস্কৰ হাজৰিকাই; নেপালী আৰু অসমীয়া জাতিৰ সৰ্বমুঠ ৯ বিধ থলুৱা বাদ্যক সংযোগ কৰি এই গীতটিক নিৰ্মাণ কৰি উলিওৱা হৈছে। গীতটিত কণ্ঠদান কৰিছে দেৱাগীৎজে আৰু ইয়াত কথা দিছে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকি থকা প্ৰতিভা মৃন্ময় কৌশিকে। আনহাতে গীতটিৰ সৈতে জড়িত হৈ আছে নেপালৰ এগৰাকী সংগীতজ্ঞ মনিশ নিৰুওলা; তেখেত নেপালী সম্প্ৰদায়ৰ সৈতে জড়িত হোৱাৰ লগতে স্থানীয় সংগীতৰ চৰ্চা কৰি আছে। আনহাতে, গীতটিত সুৰ আৰু শব্দ সংমিশ্ৰণ কৰিছে এইগৰাকী মনিশ নিৰুওলাৰ সৈতে ৬ বছৰ বয়সৰ পৰা ঢোল, খোল, নাগাৰা, গগণা, পেঁপাৰ পৰা আৰম্ভ কৰি আন বহু বাদ্যযন্ত্ৰ বজোৱা বাদ্যযন্ত্ৰী তথা নৱপ্ৰজন্মৰ প্ৰতিভা ভাস্কৰ হাজৰিকাই। লগতে, গীতটিত এনিমেছন কৰিছে কাব্যশ্ৰী গগৈয়ে। গীতটিয়ে মুক্তি লাভৰ পিছতেই শ্ৰোতাৰ বহুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। একাংশ ধনাত্মক কমেন্টেৰে গীতটিক আঁকোৱালি লৈছে শ্ৰোতাই। শুনিবলৈ আগ্ৰহী বুলি কোৱাৰ লগতে আন একাংশই গীতটিত বাদ্যযন্ত্ৰৰ সুন্দৰ সংযোজন হোৱা বুলিও প্ৰকাশ কৰে। এই নৱপ্ৰজন্মৰ কলা-কুশলী সকলৰ নতুন তথা ব্যতিক্ৰমী প্ৰয়াসে আমাৰ সংগীত আগবঢ়াই নিয়াত সফলকাম হৈছে।

নেপালী-অসমীয়াৰ ৯ বিধ বাদ্যযন্ত্ৰৰ সংযোজনেৰে "সুৰ তুমি" ৰ সফলতাঃ 2


গীতটিৰ আৰু অধিক জনপ্ৰিয়তাৰ কামনা কৰাৰ লগতে ইয়াৰ সৈতে জড়িত কলা-কুশলীক ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছোঁ শুভকামনা

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform