অসমীয়া সংগীত ক্ষেত্ৰখন যথেষ্ট বিশাল; ইয়াত ইজনৰ পিছত সিজনকৈ প্ৰতিভাৰ সংযোজন হৈ গৈ থাকে। প্ৰত্যেকটো দিনত একোটাকৈ শিশুৱে হয়তো এটা গান শুনি নিজ পিতৃ-মাতৃৰ ওচৰত গুণগুণাবলৈ আৰম্ভ কৰে; আনহাতে আকৌ, আন একোটা শিশুৰ সংগীতৰ প্ৰতি থকা ইচ্ছা দেখি পিতৃ-মাতৃয়ে তেওঁক গীত গাবলৈ উৎসাহিত কৰে। এয়া নিৰৱচ্ছিন্ন প্ৰক্ৰিয়া; আদি কালৰ পৰা চলি আহি ই অনন্ত কাললৈ ঠিক এনেদৰেই চলি যাব। কিছুমান ক্ষেত্ৰত যদিও পৰিৱৰ্তন অথবা সাল-সলনিৰ মুখা-মুখি হোৱা দেখা যায় তৎসত্ত্বেও আমাৰ এই সংগীত ক্ষেত্ৰখন পূৰ্বতকৈ অধিক জীপাল হ’ব বুলি একাষাৰে কৈ দিলেও হয়তো সেয়া অতিৰঞ্জিত নহ’ব। শেহতীয়াকৈ, ৰূপম ভূঞাৰ কণ্ঠত মুক্তি লাভ কৰা এটি গীত “ধূলিৰ ধেমালি” য়ে লাভ কৰিছে শ্ৰোতাৰ বহুল সঁহাৰি। গীতটিৰ হৃদয়স্পৰ্শী কথাই আকৰ্ষণ কৰি আহিছে প্ৰত্যেককে। গীতটিৰ কথা প্ৰাঞ্জল কুমাৰ মহন্তৰ; “বাঘজান”ক কেন্দ্ৰ কৰি বিগত দিনত মুক্তি লাভ কৰা এটি গীতো প্ৰাঞ্জল কুমাৰ মহন্তই ৰচনা কৰিছিল। তেওঁৰ সৈতে ৰূপালীপৰ্দাৰ তৰফৰ পৰা পাতিছিলোঁ কিছু কথা; আৰম্ভণিৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “এই সংসাৰৰ প্ৰতিটো জীৱই আচলতে প্ৰকৃতিৰ সংগীত ধাৰণ কৰিয়ে জন্মগ্ৰহণ কৰে। আৰু সংগীতৰ প্ৰতি ভালপোৱা তথা আজন্ম প্ৰেম প্ৰতিজন মানুহৰ জীৱনতে সংক্ৰমিত হয়। এই যে জন্ম হৈয়ে আমি আইৰ কোলাত নিচুকণি শুনোঁ, ঘোষা-পদ শুনোঁ। সেইদৰে আমাৰ সকলোৰে যাত্ৰা আৰম্ভ হয়। সেইটো অৱশ্যে এটা বেলেগ অৰ্থ। কিন্তু সংগীতৰ জগতখনত মই পাৰ্ফৰমাৰ হিচাপে জড়িত হোৱাটো মানিব পৰাকৈ মোৰ বুজন অভিজ্ঞতা হোৱা নাই। কিন্তু গানৰ প্ৰতি ঐকান্তিক অনুৰাগৰ বাবে মই সংগীতৰ বিভিন্ন অনুষ্ঠানত নিবিড়ভাৱে প্ৰায় দহবছৰ আগৰে পৰা জড়িত। বহু সন্মানীয় শিল্পীৰ লগত মোৰ এটা আন্তৰিক সম্পৰ্ক বহু বছৰ আগৰে পৰা আছে।
তেওঁ আগলৈ কয় যে, বিশেষকৈ “সা ৰে গা মা” নামৰ অসমৰ এখন অত্যন্ত উচ্চখাপৰ সাংস্কৃতিক পত্ৰিকাৰ সহ সম্পাদনাৰ কাম-কাজত জড়িত হ’ব লগাত অসমৰ প্ৰায়সকল সংগীত শিল্পীৰ লগত নিয়মীয়া সম্পৰ্ক ৰক্ষা কৰিব লগা হৈছিল। তেনেদৰেই হয়তো লাহে লাহে এই জগতখনৰ প্ৰতি মায়া এটা জাগিল। এতিয়াও এই বিশাল জগতখনত মোৰ সঁচা অৰ্থত জন্ম হৈছে বুলি মই ভাবিব পৰা হোৱা নাই। কেৱল অনুশীলন আৰম্ভ কৰিছোঁ।” এতিয়াৰ আৰু তেতিয়াৰ সংগীত সমূহৰ মাজত কেনে পাৰ্থক্য অনুভৱ কৰে বুলি প্ৰশ্ন কৰাত তেওঁ কয় যে, “সকলো সৃষ্টিয়ে সময় সাপেক্ষ। জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে কৈ যোৱাৰ দৰে মই সদায় বিশ্বাস কৰোঁ, ঐতিহ্যৰ বৰভেটি প্ৰগতিৰ সত্য। অতীতৰ ভেটিতে বৰ্তমানে পোখা মেলে। আগৰবোৰ ভাল, এতিয়াৰবোৰ বেয়া, এনে এটা ধাৰণা মই নিজেও পোষণ নকৰোঁ আৰু আনে কৰিলেও সমৰ্থন নকৰোঁ। প্ৰতিটো যুগেই, প্ৰতিটো যাত্ৰাই নিজ নিজ মহিমা আৰু গৰিমাৰে মণ্ডিত আৰু বন্দিত। এতিয়াৰ যিসকলে সংগীতৰ জগতখনত কাম কৰি আছে, তেওঁলোকে বিশ্বখন দেখিছে। বিশ্বৰ বিভিন্ন সংগীত শুনিছে, বুজিবলৈ, অনুধাৱন কৰিবলৈ যত্ন কৰিছে। গতিকে তেতিয়াৰ আৰু এতিয়াৰ গীতৰ পাৰ্থক্য স্বাভাৱিকতে থাকিব। তেতিয়াৰ গীতৰ সৰলতা, সংবেদনশীলতাখিনিৰ লগতে বাদ্য যন্ত্ৰৰ সীমাবদ্ধতাৰ মাজতো সেই সময়ত পোৱা আনন্দখিনিৰ কোনো হীনডেঢ়ি হোৱা নাছিল। তাৰ তুলনাত এতিয়াৰ সংগীতত বুদ্ধিদীপ্ততা আৰু বিশ্বমুখী চেতনা প্ৰকট হোৱা দেখা যায়। অনেক সম্পৰীক্ষাও চলিছে। গতিকে নিজ নিজ ঠাইত সকলোৰে ভাল লগা অথবা বেয়া লগাখিনি থাকিবই। কিন্তু সকলো যুগৰে সত্যটো হ’ল সংগীতৰ আত্মাটো কেতিয়াও আহত হ’ব নালাগে। সংগীত সদায় মানুহ অনুকূলেই হ’ব লাগে।”
প্ৰাঞ্জলৰ আগন্তুক পৰিকল্পনাৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “আচলতে “ধূলিৰ ধেমালি”ৰ আগতে “বাঘজান”ৰ সম্পৰ্কে মোৰ এটা গীত শিল্পী দিপাংক শইকীয়াই গাইছিল। সুৰ-সংগীত সকলোখিনি তেওঁ নিজে কৰিছিল; তাৰো পূৰ্বে, সোঁৱণশিৰিৰ নদী বান্ধৰ কথাৰে এটি গীত শ্ৰদ্ধাৰ শিল্পী কৃষ্ণমণি নাথে গাইছিল। মোৰ আগন্তুক পৰিকল্পনা সম্পৰ্কে ক’ব পৰাকৈ মই সিমান পৰিকল্পিতই নহয়। গীত লিখাটো মোৰ বাবে এটা দুৰ্ঘটনা। যদি আকৌ এনে দুৰ্ঘটনা হয়, তেনেহ’লে নিশ্চয় কিবা গীত আকৌ ওলাব। কোনোবাই যদি আদৰ কৰে নিশ্চয় আগবাঢ়িবই লাগিব। পুনৰ কওঁ মই এইখন বিশাল জগতত এতিয়াও জন্মই হোৱা নাই। গতিকে তোমাৰ অনুৰোধ ৰক্ষা কৰি কেৱল নোৱাৰাতহে কথাকেইটা কৈছোঁ। জন্ম নোহোৱাকৈ খোজকাঢ়িব পাৰি জানো?” প্ৰাঞ্জলৰ পৰিকল্পনা সমূহক লৈ তেওঁক ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছোঁ শুভকামনা।
Add comment