Rupaliparda.com
যিকোনো খাদ্য খালেও দিশা পাটানী একেই অৱস্থাতে থাকে! 1

যিকোনো খাদ্য খালেও দিশা পাটানী একেই অৱস্থাতে থাকে!

বলীউডৰ ফিট অভিনেত্ৰী সকলৰ ভিতৰত শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছে অভিনেত্ৰী দিশা পাটানী। তেওঁ কেতিয়াবা ইয়াৰ বাবে ট্ৰোল হৈছে যদিও কেতিয়াবা আকৌ তেওঁৰ ফিগাৰৰ বাবে প্ৰশংসা কৰাও দেখিবলৈ পোৱা গৈছে সাধাৰণ জনক। অভিনেত্ৰী গৰাকীয়ে কোনো এখন ফটো আপলোড কৰাৰ পিছতেই ই বহুল হাৰত চৰ্চা লাভ কৰিবলৈ সক্ষম হয়। কোৱাৰেন্টাইনৰ সময়ছোৱাত চচিয়েল মিডিয়াত প্ৰায় একটিভ হৈ থকা অভিনেত্ৰী দিশাই মালদ্বীপলৈ গৈ সময় অতিবাহিত কৰাও আমি দেখিবলৈ পাইছিলো। সেই সময়ছোৱাৰ বিভিন্ন ফটো অথবা ভিডিঅ’ৰে দৰ্শকক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছিল অভিনেত্ৰী গৰাকী। শেহতীয়াকৈ তেওঁৰ ফিগাৰ তথা ফিটনেছৰ ওপৰত মন্তব্য কৰে টাইগাৰ শ্ৰফৰ ভগ্নী কৃষ্ণা শ্ৰফে। তেওঁ কয় যে, “দিশা পাটানীয়ে যিয়ে খাদ্য নাখাওক কিয়! তেওঁ সদায় ঠিক সেইটো অৱস্থাতেই থাকে। তেওঁ তেনেকৈয়ে জাগে, তেনেকৈয়ে শুৱে। অৰ্থাৎ, ২৪*৭ দিশা পাটানী একেটা ফিটনেছকেই লৈ থাকে।” এম.এছ ধোনীৰ দ্বাৰা বলীউড ছবি জগতত নিজ কেৰিয়াৰ আৰম্ভ কৰাৰ পিছৰে পৰাই তেওঁ যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ ৰূপে পৰিগণিত হয় পৰে। তেওঁ বিগত সময়ছোৱাত বিভিন্ন ফিটনেছ ভিডিঅ’ আপলোড কৰাৰ উপৰিও অভিনেত্ৰী গৰাকীয়ে ব্যক্তিগত ইউটিউব চেনেল এটাও খুলি লয়। দিশা পাটানীৰ টাইগাৰ শ্ৰফৰ সৈতে থকা সম্পৰ্কৰ বাবেও তেওঁ বাতৰিৰ শিৰোনাম দখল কৰি আহিছে।


বলীউডৰ জনপ্ৰিয় তথা ফিট অভিনেত্ৰীৰ তালিকাত শীৰ্ষ স্থানত থকা এইগৰাকী অভিনেত্ৰীয়ে এম এছ ধোনী ছবিখনৰ সফলতাৰ পিছৰে পৰা আৰু তেওঁ নিজ কেৰিয়াৰত পিছফালে ঘূৰি চাবলগীয়া হোৱা নাই। তেওঁৰ কৰ্মৰাজিৰ লিষ্টখন অতিপাত দীঘলীয়া নহ’লেও তেওঁ কৰি অহা প্ৰকল্প বোৰে প্ৰতিদিনে সমাদৰ বুটলিবলৈ সক্ষম হৈ আহিছে। আৰু, সেইবাবে হয়টো অভিনেত্ৰী গৰাকীৰ অনুৰাগী শাৰীখন দীঘলীয়া।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.