Rupaliparda.com
"শাওনৰ শেতেলীত" শীৰ্ষক এটি নতুন গীতৰ সৈতে দীক্ষু শৰ্মাঃ 1

“শাওনৰ শেতেলীত” শীৰ্ষক এটি নতুন গীতৰ সৈতে দীক্ষু শৰ্মাঃ

ইটোৰ পিছত সিটোকৈ গীতৰ মুক্তিৰে জনসাধাৰণৰ কাষতেই যেন থাকিবলৈ চেষ্টা কৰিছে কন্ঠশিল্পী দীক্ষু শৰ্মাই।অনুৰাগী সমূহক যেন আমোদ প্ৰদানৰ বাবে আহৰি নোহোৱাকৈ নিজ কাম অব্যাহত ৰাখিছে কন্ঠশিল্পী গৰাকীয়ে। শেহতীয়াকৈ তেওঁ ইনষ্টাগ্ৰাম যোগে তেওঁৰ আহিবলগীয়া গীতটিৰ ঘোষণা কৰে; “শাওনৰ শেতেলীত” শীৰ্ষক এটি নতুন গীতৰ সৈতে অনুৰাগীৰ কাষ চাপিবলৈ সাজু হৈছে দীক্ষু শৰ্মা। কেৱল মাত্ৰ দীক্ষুৱে নিজৰ বাবেই নহয় তেওঁ সংগীত ক্ষেত্ৰখনত উঠি অহা প্ৰজন্মকো সমানেই সহায় কৰা দেখিবলৈ পোৱা যায়। প্ৰায়ে চচিয়েল মিডিয়াত সক্ৰিয় কন্ঠশিল্পী দীক্ষু শৰ্মাই কিছু সময়ৰ ব্যৱধানত একোটা নিজৰ গীত লৈ শ্ৰোতা-দৰ্শকৰ কাষ চপা দেখিবলৈ পোৱা যায়। আমোদ প্ৰদান কৰাৰ পৰা নিজক কোনোকালেই আঁতৰাই নৰখা দীক্ষু শৰ্মাৰ সেইবাবেই হয়টো অনুৰাগীৰো শাৰী দীঘলীয়া। দীক্ষু শৰ্মা সংগীত জগতৰ এনে এক নাম য’ত জনপ্ৰিয়তা আৰু ব্যতিক্ৰমীতা সন্নিৱিষ্ট হৈ থাকে। শেহতীয়াকৈ কণ্ঠশিল্পী গৰাকীয়ে “দীক্ষু ফাউণ্ডেচনৰ” তৰফৰ পৰা সামাজিক দায়বদ্ধতাৰ দিশতো নিজক সক্ৰিয় কৰি তুলিছে। প্ৰয়োজনীয় সকলৰ কাষ চপা তেওঁক এইকেইটা দিনত দেখিবলৈ পোৱা গৈছিল।


নলবাৰীৰ জন্মগ্ৰহণ কৰা দীক্ষু শৰ্মা হৈছে অসমীয়া সংগীত ক্ষেত্ৰখনৰ এক চিনাকী নাম। ২০০৫ চনত মুক্তিপ্ৰাপ্ত “চেম্পিয়ন” এলবামটিৰ জৰিয়তে শ্ৰোতাৰ মাজত জনপ্ৰিয় হৈ পৰা দীক্ষুৰ “তুমি যদি কোৱা” শীৰ্ষক গীতটিয়ে বৰ্তমানলৈ দৰ্শকক আকৰ্ষিত কৰি ৰাখিছে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.