Rupaliparda.com
"EDM" ৰ ধাৰাত ইমণ কল্যাণ ডেকাৰ ন-সংযোজন "আবেলিৰ কঁহুৱা"ঃ 1

“EDM” ৰ ধাৰাত ইমণ কল্যাণ ডেকাৰ ন-সংযোজন “আবেলিৰ কঁহুৱা”ঃ

আপোনালোকেও বৰ্তমানৰ নতুন গীত সমূহক লৈ এক নতুন ঢৌৰ সৃষ্টি হোৱা কথাটো নিশ্চয় অনুভৱ কৰিছে। Electronic Dance Music চমুকৈ “EDM” ৰ বৈশিষ্ট্যৰে যিসমূহ ন-ন গীতৰ সৃষ্টি হৈছে সেই আটাইবোৰে বৰ্তমান সময়ত সংগীতৰ এক নতুন ধাৰাৰ সৃষ্টি কৰিছে। পৰিৱৰ্তন প্ৰকৃতিৰ নিয়ম; এই পৰিৱৰ্তন সমূহত নতুনত্ব থাকে। পৰিৱৰ্তনৰ যদি ঋণাত্মক ফালটোত মন নিদিয়ো তেতিয়াহ’লে বুজিব পৰা যায় যে পৰিৱৰ্তনে বহু নতুন নতুন বস্তুৰ সৃষ্টি কৰে। বলীউডৰ উক্ত সংগীতৰ ধাৰাক লৈ বিভিন্ন গীতৰ সৃষ্টি হৈছে যিসমূহক লৈ অসমৰ সংগীত প্ৰেমী শ্ৰোতা-দৰ্শকৰ মাজত এক বিশেষ আকৰ্ষণ দেখিবলৈ পোৱা গৈছিল; কিন্তু এতিয়া কেৱল মাত্ৰ বলীউড বুলিয়ে নহয়। এনে গীতৰ সৃষ্টি হ’বলৈ লৈছে অসমীয়া সংগীত ক্ষেত্ৰখনতো। শেহতীয়াকৈ মুক্তি লাভ কৰা “আবেলিৰ কঁহুৱা” শীৰ্ষক গীতটিক লৈ নৱপ্ৰজন্মৰ মাজত এক বিশেষ উৎসাহৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিল। ইউটিউবত মুক্তি লাভ কৰা পিছতেই গীতটোৱে লাভ কৰিছে জনসাধাৰণৰ বহুল সমাদৰ। নিজৰ গীতেৰে শ্ৰোতাৰ মাজত এক অদৃশ্য সংযোগ স্থাপন কৰিবলৈ বিচৰা ইমণ কল্যাণ ডেকাৰ কণ্ঠৰে মুক্তিপ্ৰাপ্ত এই গীতটিৰ বাবেই উৎসাহী তেওঁ নিজেও।


গীতটোত কন্ঠদান কৰাৰ লগতে ইয়াত সুৰ দিছে কন্ঠশিল্পী গৰাকীয়ে নিজেই। গীতটিৰ কথাৰ দায়িত্বত আছে ৰণি ফাৰহাট আৰু ভৃগু শইকীয়া। প্ৰেম বুলি ক’বলৈ হ’লে ইয়াত প্ৰথম প্ৰেম অথবা দ্বিতীয় বুলি কোনোধৰণৰ সংজ্ঞা নাথাকে। ইয়াত থাকে কেৱল নিস্বাৰ্থ ভালপোৱা, আৱেগ আৰু আন্তৰিকতা; এনে কিছুমান বাৰ্তা লগত লৈয়ে এই গীতটিয়ে শ্ৰোতাৰ ওচৰত মুক্তি লাভ কৰিছে। বিজ্ঞানৰ পৰা আৰম্ভ কৰি সাহিত্য তথা মনোৰঞ্জন যিয়েই নহওঁক কিয়! এই আটাইবোৰতেই নৱপ্ৰজন্মৰ সক্ৰিয় অংশগ্ৰহণে বৰ্তমান প্ৰতিজন শ্ৰোতা-দৰ্শকক ইমানেই অধিক আপ্লুত কৰিবলৈ সক্ষম হৈছে যে তেওঁলোকৰ সৃষ্টিত জনপ্ৰিয়তাৰ মোহৰ লাগিবলৈ আৰম্ভ হৈছে।একোজন দক্ষ ব্যক্তিয়ে যেতিয়া আগন্তুক কালছোৱাত অসমীয়া সংগীত ক্ষেত্ৰখন প্ৰতিভাসম্পন্ন একোজন নৱপ্ৰজন্মৰ হাতত থকা বুলি মন্তব্য কৰে তেতিয়াই আচলতে সম্প্ৰতি সময়ৰ গীত সমূহৰ এক পৰ্যালোচনা কৰিব পৰা যায়। সহায়ৰ হাত আগবঢ়োৱাৰ সমান্তৰালকৈ ইজনে আনজনক জনসাধাৰণৰ মাজলৈ লৈ অনাৰ বাবে যি চেষ্টা কৰা দেখিবলৈ পোৱা গৈছে সেয়া সঁচাকৈ আদৰণীয় তথা লেখত ল’বলগীয়া বিধৰ।

"EDM" ৰ ধাৰাত ইমণ কল্যাণ ডেকাৰ ন-সংযোজন "আবেলিৰ কঁহুৱা"ঃ 2

গীতটিৰ সৈতে জড়িত প্ৰতিগৰাকী নৱপ্ৰজন্মৰ প্ৰতিভাৰ পৰা অনাগত দিনত আৰু অধিক ভাল প্ৰকল্পৰ আশা কৰিছে জনসাধাৰণে। ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো তেওঁক অশেষ শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform